মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

এইচ আই ভি পজিটিভ সকলৰ অধিকাৰ

এইচ আই ভি সংক্ৰমণ আৰু এইডচ্ৰ সৈতে জীয়াই থকা ব্যক্তিসকলৰো একেই মৌলিক অধিকাৰ আৰু দায়িত্ব থকা উচিত যিসমূহ দেশৰ সকলো নাগৰিকৰ কাৰণে প্ৰযোজ্য।

স্বতন্ত্ৰতা, স্বায়ত্বতা, ব্যক্তি নিৰাপত্তা আৰু চলাফুৰাৰ স্বাধীনতা:

  • এইচ আই ভি বা এইডচ্ৰ সৈতে জীয়াই থকা ব্যক্তিসকলৰ বাকী জনসংখ্যা সমূহৰ সৈতে একে স্বতন্ত্ৰতা আৰু স্বায়ত্বতা, ব্যক্তি নিৰাপত্তা আৰু মুক্ত বিচৰণৰ অধিকাৰ আছে।
  • এইচ আই ভি সংক্ৰমিত ব্যক্তিসকলৰ মুক্ত চলাচলত কোনো প্ৰতিবন্ধক লগাব নোৱাৰিব আৰু তেওঁলোকক তেওঁলোকৰ অকল এইচ আই ভি পজিটিভ স্থিতিৰ কাৰণে কাৰাগাৰ, বিদ্যালয়, চিকিৎসালয় বা অন্যজেগাত নিলগাই, পৃথককৈ বা বিচ্ছিন্ন কৰি ৰাখিব নোৱাৰিব।
  • এইচ আই ভি সংক্ৰমণ বা এইডচ্ আক্ৰান্ত ব্যক্তি সকলৰ বিবাহ আৰু শিশু সংক্ৰান্তীয় বিষয়ক প্ৰভাৱিত কৰিব পৰা যি কোনো বিষয়ত নিজৰ স্বায়ত্বতা ( যেনে-তেওঁলোক নিজস্ব সিদ্ধান্ত গ্ৰহনৰ অধিকাৰ) বজাই ৰখাৰ অধিকাৰ আছে যদিও তেওঁলোকৰ সিদ্ধান্তৰ পৰিণতৰি বিষয়ে পৰামৰ্শ দিয়া উচিত।
 

এইচ আই ভি পৰীক্ষণ

(ক) কেতিয়া এজন ব্যক্তিক এইচ আই ভি ৰ কাৰণে পৰীক্ষণ কৰিব পাৰি

  • এইচ আই ভি সংক্ৰমণৰ কাৰণে কোনো ব্যক্তিক সি বা তাইৰ মুক্ত আৰু জ্ঞাত সন্মতি অবিহনে পৰীক্ষা কৰিব নোৱাৰি (ৰাষ্ট্ৰীয়, প্ৰাদেশিক বা স্থানীয় স্বাস্থ্য প্ৰাধিকাৰী হিছাবে কিছুমান অধিকৃত এজেন্সীৰ দ্বাৰা অধিগৃহীত অজ্ঞাত মহামাৰী বিজ্ঞান স্ক্ৰীনিং কাৰ্য্যক্ৰমৰ বাহিৰে)।
  • অন্য সকলো ক্ষেত্ৰতে- যেনে গৱেষণাৰ উদ্দেশ্যে এইচ আই ভি পৰীক্ষা বাবা যেতিয়া এজন ব্যক্তিৰ ৰক্ত পৰীক্ষা কৰা হয় কাৰণ তেওঁ এজন ৰক্তদাতা-বৈধভাৱে ব্যক্তিজনৰ জ্ঞাত সন্মতিৰ প্ৰয়োজন।
  • য`ত এটা বিদ্যামান ৰক্ত নমুনা পোৱা যায় আৰু সম্বলিত ৰোগীৰ তেজৰ পৰীক্ষা কৰাৰ জৰুৰী অৱস্থা প্ৰয়োজনীয় হৈ পৰে ( উদাহৰণ স্বৰূপে যেতিয়া এজন স্বাস্থ্য সেৱা কৰ্মী নিডলষ্টিক আঘাতৰ নিচিনা এটা দূৰ্ঘটনাৰ কাৰণে বিপদত পৰি আছে), জ্ঞাত সন্মতি অবিহনে এইচ আই ভি পৰীক্ষণ কৰা হয়-কিন্তু কেৱলমাত্ৰ সম্বলিত ৰোগী জনক জনোৱাৰ পিছত হে পৰীক্ষা কৰা হ`ব আৰু তেওঁ বা তাইক সুনিশ্চিত কৰাৰ পিছত যে গোপনতা আৰু সম্পূৰ্ণ গোপনীয়তা বজাই ৰখা হ`ব।
  • যদি কোনো জৰুৰী অৱস্থাত পৰীক্ষাৰ কাৰণে বিদ্যমান ৰক্ত নমুনা পোৱা নাযায়, তেতিয়া ৰোগীজনে এইচ আই ভি পৰীক্ষা কৰিবৰ কাৰণে ৰক্ত ল`বৰ কাৰণে তেওঁ বা তাই জ্ঞাত সন্মতি দিব লাগিব।
  • সংক্ৰমণ অপ্ৰভাৱী হোৱাৰ পৰা এজন স্বাস্থ্য সেৱা পেছাদাৰীৰ সুৰক্ষাত অনুভাৱিত কাৰণত এজন ব্যক্তিক এইচ আই ভি সংক্ৰমণৰ কাৰণে নিয়মিত পৰীক্ষা কৰা হয়- সন্মতি অবিহনে।
  • এইচ আই ভি পৰীক্ষাৰ কাৰণে পৰোক্ষ সন্মতি দিব পৰা যায় য`ত ব্যক্তিজন নিজে সন্মতি দিবলৈ অসমৰ্থ হয়। পৰোক্ষ সন্মতি হৈছে আন এজন ব্যক্তিৰ তৰফৰ পৰা আইনগত ভাৱে সম্নতি দিবলৈ অনুমতি দিয়া। আইনীভাৱে অভিহিত এজন ব্যক্তিৰ দ্বাৰা দিয়া অনুমতি, উদাহৰণ স্বৰূপে, চিকিৎসাৰ কাৰণে সন্মতি দিব পৰা বয়সতকৈ কম বয়সৰ এজন শিশুৰ পিতৃ-মাতৃ বা অভিভৱকে শিশুটিৰ এইচ আই ভি পৰীক্ষণৰ কাৰণে পৰোক্ষ সন্মতি দিব পাৰে।

(খ) জ্ঞাত সন্মতি, পূৰ্বৱৰ্তী আৰু পৰৱত্তী এইচ আই ভি পৰীক্ষা পৰামৰ্শ।

  • এইচ আই ভি পৰীক্ষণ কৰাৰ আগতে জ্ঞাত সন্মতি যিয়েপ্ৰাক এইচ আই ভি পৰীক্ষণপৰামৰ্শক অন্তৰ্ভূক্ত কৰে সেইটো বাধ্যতামূলক।
  • জ্ঞাত সন্মতিৰ অৰ্থ হৈছে যে ব্যক্তিজনক সচেতন কৰি দিয়া হয় আৰু পৰীক্ষাৰ নিহিতাৰ্থসমূহ বুজাই দিয়া হয়।
  • পৰীক্ষা কৰিব নে নকৰে সেই বিষয়ে নিজস্ব সিদ্ধান্ত লোৱাৰ বাবে ব্যক্তিজনৰ স্বাধীনতা থাকিব আৰু পৰীক্ষা কৰি থকাৰ মাজত কোনো ধৰণৰ জবৰদস্তি বা জোৰ কৰিব নোৱাৰিব।
  • এইচ আই ভি পৰীক্ষা আৰম্ভ কৰাৰ আগতে প্ৰাক-পৰীক্ষা কৰা উচিত। ই ক্লায়েণ্ট আৰু এজন উপযুক্ত, যোগ্য ব্যক্তিৰ মাজত এক গোপনীয় আলাপৰ ৰূপ লোবা উচিত য`ত প্ৰাসংগিক তথ্য দিয়া আৰু প্ৰাপ্ত কৰা হয়।
  • পৰৱৰ্তী এইচ আই ভি পৰীক্ষা পৰামৰ্শই স্থান লোৱা উচিত এজন ব্যক্তিক এইচ আই ভি পৰীক্ষাৰ ফলাফল জনোৱাৰ প্ৰক্ৰিয়াৰ এক অংশ হিছাবে।
  • পূৰ্ৱ আৰু পৰৱৰ্তী এইচ আই ভি পৰীক্ষা পৰামৰ্শ সহ বেনামী আৰু গোপনীয় এইচ আই ভি প্ৰতিৰক্ষা পৰীক্ষণ সকলোৰে বাবে উপলব্ধ হোৱা উচিত। এইচ আই ভি পজিটিভ পৰীক্ষা কৰা ব্যক্তিক সমৰ্থন আৰু স্বাস্থ্য সেৱা অব্যাহত ৰাখিবলৈ অনুমতি থকা উচিত।

(গ) সঘনাই কৰি থকা প্ৰশ্নসমূহ

এইচ আই ভি পৰীক্ষা কৰাৰ আগত এজন ব্যক্তিয়ে এখন লিখিত সন্মতি পত্ৰত চহী কৰিবই লাগে নেকি ?

আইন অনুসৰি, এজন ব্যক্তিয়ে এইচ আই ভি পৰীক্ষাৰ বাবে মৌখিকভাৱেও সন্মতি দিব পাৰে। এইটো যি কি নহওক লিখিত প্ৰমাণ প্ৰাপ্ত কৰিবলৈ পৰামৰ্শ দিয়া হয় যাতে ব্যক্তিজনে পূৰ্ব-পৰীক্ষা পৰামৰ্শ লৈ আছে আৰু তেওঁলোক এইচ আই ভি পৰীক্ষা কৰিবৰ কাৰণে সন্মত হৈছে।

কোনো চিকিৎসালয়ে এজন ৰোগীৰ এইচ আই ভি ৰ কাৰণে তেওঁ/তাইৰ সন্মতি অবিহনে পৰীক্ষা কৰিব পাৰে নেকি ?

নোৱাৰে। যদি এজন ব্যক্তি চিকিৎসাৰ কাৰণে হস্পিতেললৈ যায়, তেতিয়াও তেওঁ/তাই সকলো চিকিৎসা আৰু পৰীক্ষণ প্ৰক্ৰিয়া (এইচ আই ভি পৰীক্ষা সহ) ৰ কাৰণে সম্নতি দিব লাগিব। এখন চিকিৎসালয়লৈ যাওঁতে কোনো ব্যক্তিয়ে তেওঁলোকৰ গোপনীয়তা আৰু নিৰাপত্তাৰ অধিকাৰ ত্যাগ নকৰে। তেওঁলোকে তেওঁলোকৰ নিজৰ শৰীৰটোক নিয়ন্ত্ৰণ কৰাৰ অধিকাৰো ধৰি ৰাখে। সঠিক পূৰ্ব পৰীক্ষণ পৰামৰ্শ আৰু ৰোগী জনৰ পৰা সম্নতি অবিহনে চিকিৎসালয়ত এইচ আই ভি পৰীক্ষণ কৰিব নোৱাৰি।

যদি কোনো হস্পিতেলত লগোৱা প্ৰাচীৰ পত্ৰ বা প্ৰচাৰ পত্ৰিকাই কয় যে তেওঁলোকে সকলো ৰোগীৰ ওপৰত এইচ আই ভি পৰীক্ষণ কৰে, তেতিয়া ইয়াৰ অৰ্থ এইটো নেকি যে সকলো ৰোগীয়ে স্বয়ংক্ৰিয়ভাৱে পৰীক্ষাৰ কাৰণে সন্মতি দি দিয়ে?

প্ৰাচীৰ পত্ৰ আৰু প্ৰচাৰ পত্ৰিকাই এখন হস্পিতেলে সকলো ৰোগীৰ ওপৰত এইচ আই ভি পৰীক্ষণ কৰি আছে বুলি কৈ থকাটো সন্মতি নহয় কাৰণ:

  • সকলো ৰাগীয়েই সাক্ষৰ নহয়।
  • প্ৰত্যেকেই প্ৰাচীৰ পত্ৰ বা প্ৰচাৰ পত্ৰিকা দেখা নাপায়।
  • প্ৰাচীৰ পত্ৰ বা প্ৰচাৰ পত্ৰিকা খন পঢ়াৰ এইটো অৰ্থ নহয় যে ৰোগীজনে বুজি পায় গ`ল এইচ আই ভি পৰীক্ষাত কি আছে আৰু ৰোগীৰ কাৰণে ইয়াৰ পৰিণামে কি সূচায়।

কোনো ব্যক্তিয়ে প্ৰাক এইচ আই ভি পৰীক্ষা পৰামৰ্শ ( আৰু এইচ আই ভি পৰীক্ষণ) প্ৰত্যাখ্যান কৰিব পাৰে নেকি ?

হয় পাৰে। এইটো এজন ব্যক্তিৰ এই সেৱাসমূহ প্ৰত্যাখ্যান কৰাৰ অধিকাৰ আছে আৰু পৰামৰ্শদাতাই ব্যক্তিগত পৰামৰ্শৰ পিছত এই সেৱাসমূহ প্ৰত্যাখ্যান কৰাৰ কাৰণে এজন ব্যক্তিৰ সিদ্ধান্তক গ্ৰহণ কৰিব লাগিব। যি কি নহওক , পৰামৰ্শদাতাই এইটো জানিবৰ কাৰণে চেষ্টা কৰিব লাগিব যে কিয় মানুহজনে প্ৰাক এইচ আই ভি পৰীক্ষা পৰামৰ্শ (উদাহৰণ স্বৰূপে) ল`বলৈ প্ৰত্যাখ্যান কৰিলে আৰু যদি সম্ভৱ হয় তেতিয়া ৰোগীজনৰ পূৰ্বধাৰণা সংশোধন কৰিবলৈ চেষ্টা কৰিব লাগিব। (কিছু লোকে পৰামৰ্শ ল`বলৈ মানা কৰে অযোগ্য বা সহানুভূতি হীন পৰামৰ্শদাতাৰ লগত হোৱা আঘাতদায়ক বা নেতিবাচক অভিজ্ঞতাৰ কাৰণবশতঃ)। যি নহওক, বেছিভাগ ক্লায়েণ্টে, পূৰ্ব আৰু পৰৱৰ্ত্তী এইচ আই ভি পৰীক্ষা পৰামৰ্শক এটা সহায়কাৰী অভিজ্ঞতাৰ ৰূপত পায়।

জ্ঞাত সন্মতিৰ নিয়মত কোনো ব্যতিক্ৰম আছে নেকি

এই নিয়মৰ একমাত্ৰ ব্যতিক্ৰম হ`ল যে কোনো ব্যক্তিয়ে কোনো চিকিৎসা, পৰীক্ষা বা অষ্ট্ৰোপচাৰৰ কাৰণে সন্মতি দিব লাগে য`ত প্ৰকৃত জৰুৰী অৱস্থা জড়িত থাকে বা য`ত প্ৰমাণিত মানসিক ভাৱে অসুস্থ ৰোগী সমূহৰ চিকিৎসা কৰা হয়। যদি এজন ৰোগীক আপাৎকালীন চিকিৎসাৰ আৱশ্যক হয় কিন্তু চিকিৎসাৰ বিষয়ে জ্ঞাত নহয়( অজ্ঞানতাৰ ক্ষেত্ৰত হ`ব লগা হিছাবে) তেতিয়া চিকিৎসক বা হস্পিতেলৰ যাৱতীয় চিকিৎসা কৰাৰ আগতে সন্মতি লোৱাৰ প্ৰয়োজন নাই, যিয়ে ৰোগীজনৰ জীৱন ৰক্ষা কৰিব। তথপিও এইটো সন্দিগ্ধ যে আপাৎকালীন চিকিৎসাৰ আগত সদায়ে এইচ আই ভি পৰীক্ষা প্ৰয়োজন হ`ব পাৰে নেকি।

মানকিক ভাৱে অসুস্থ ৰোগীৰ চিকিৎসা বা পৰীক্ষণৰ সন্মতি ব্যক্তিজনৰ নিৰীক্ষক, পতি বা পত্নী, পিতৃ-মাতৃ, সন্তান (যদি সন্তানৰ পয়স ২১ বছৰ বা তাতকৈ বেছি) বা সহোদৰৰ পৰা লাভ কৰিব লাগে। যদি ৰোগী জন কোনো মানসিক প্ৰতিষ্ঠানত থাকে আৰু ওপৰত উল্লেখ কৰা এজন ব্যক্তিকো বিছাৰি পোৱা নাযায় তেতিয়া গুৰুতৰ অৱস্থাত ৰোগীজনৰ তৰফৰ পৰা চিকিৎসা অধীক্ষকে সন্মতি দিব পাৰে। যি কি নহওক, ৰোগীজনক অকল এইচ আই ভি ৰ কাৰণে পৰীক্ষা কৰিব পাৰিব যদি এই তথ্য তেওঁ/তাইৰ চিকিৎসাৰ কাৰণে মহত্বপূৰ্ণ হয়। অন্য কোনো ক্ষেত্ৰত, এই ধৰণৰ সন্মতি বৈষম্যমূলক হিছাবে বিবেচিত হ`ব।

 

সংগোপনীয়তা আৰু গোপনীয়তা

  • এইচ আই ভি সংক্ৰমণ আৰু এইজচ্ হোৱা ব্যক্তিৰ তেওঁলোকৰ স্বাস্থ্য আৰু এইচ আই ভি স্থিতিৰ বিষয়ে সংগোপনীয়তা আৰু গোপনীয়তাৰ অধিকাৰ আছে।
  • স্বাস্থ্য সেৱা কৰ্মীসকলো নৈতিকতাৰে আৰু আইন গতভাৱে ক্লায়েণ্ট বা ৰোগীসকলৰ বিষয়ে সকলো তথ্য গোপনে ৰখাটো প্ৰয়োজনীয়।
  • এজন ব্যক্তিৰ এইচ আই ভি স্থিতিৰ বিষয়ে তথ্য সেই ব্যক্তিজনৰ সম্পূৰ্ণ জ্ঞাত সন্মতিৰ অবিহনে কাৰো আগত ব্যক্ত কৰিব নোৱাৰিব।
  • মূত্যুৰ পিছত, মৃত ব্যক্তিৰ এইচ আই ভি স্থিতি তেওঁৰ পৰিয়াল বা সংগীৰ সন্মতিৰ অবিহনে কাৰো আগত ব্যক্ত কৰিব নোৱাৰিব। আইনৰ দ্বাৰা আৱশ্যক হোৱাৰ বাহিৰে।

(ক) সঘনাই কৰি থকা প্ৰশ্নসমূহ:

চিকিৎসকলে তেওঁলোকৰ ৰোগীসমূহৰ ৰোগ পৰীক্ষা নাৰ্চিং ষ্টাফৰ পৰা গোপনে ৰাখিব পাৰেনে ?

এজন স্বাস্থ্যসেৱা কৰ্মীয়ে এজন ৰোগীৰ এইচ আই ভি স্থিতি আন এজন স্বাস্থ্যকৰ্মীৰ আগত ৰোগীজনৰ সন্মতিৰ সৈতেহে ব্যক্ত কৰিব পাৰে।যদি স্বাস্থ্য সেৱা কৰ্মীজনে ৰোগীজনক ৰোগীৰ এইচ আই ভি স্থিতি আন স্বাস্থ্য কৰ্মীসকলো জনাটো কিয় গুৰুত্বপূৰ্ণ সেইটো ব্যাখ্যা কৰে,তেতিয়া বহুভাগ ৰোগীয়েই এই তথ্য প্ৰকাশ কৰিবলৈ সন্মতি দিয়ে।

উদাহৰণ স্বৰূপে, নাৰ্চ সকলে, বিশেষ চিকিৎসা প্ৰদান কৰিবৰ কাৰণে ৰোগীজনৰ এইচ আই ভি স্থিতি জনাটো প্ৰয়োজনীয়। তথাপিও যদি এজন ৰোগীয়ে এনেকুৱা ধৰণৰ তথ্য আন স্বাস্থ্যসেৱা কৰ্মীসকলক দিয়াটো প্ৰত্যাখ্যান কৰে চিকিৎসজনে এই সিদ্ধান্তটোক সন্মান জনাব লাগে। এই ক্ষেত্ৰত ৰোগীজনক সাৱধান কৰি দিয়া উচিত যে অন্য স্বাস্থ্যসেৱা কৰ্মী সকলৰ পৰা ৰোগ নিদান গোপনে ৰখাৰ ফলত ৰোগীজনে উপযুক্ত চিকিৎসা আৰু খুব ভাল ফলাফল নাপাব পাৰে আৰু সেইটোৱে আনকি ৰোগীজনৰ জীৱন বিপদাপন্ন কৰিব পাৰে।

যদি এজন এইচ আই ভি পজিটিভ ক্লায়েণ্টে সংক্ৰমণৰ বিষয়ে তেওঁৰ সংগীক ক`বলৈ মানা কৰে আৰু যৌন সংগীক সুৰক্ষা কৰিবলৈ মানা কৰে, তেতিয়া স্বাস্থ্যসেৱা কৰ্মীজনে ক্লায়েণ্টজনৰ এইচ আই ভি পজিটিভ স্থিতি তেওঁৰ সংগীজনৰ আগত ব্যক্ত কৰিব পাৰে নেকি?

সকলো সময়তে ক্লায়েণ্টৰ সংগোপনীয়তা আৰু গোপনীয়তাৰ অধিকাৰক সন্মান জনোৱাটো উচিত। যি কোনো পৰিস্থিতিয়েই নহওক কিয় কোনো ক্লায়েণ্টৰ এইচ আই ভি স্থিতি ক্লায়েণ্ট জনৰ অনুমতি অবিহনে (বিশেষকৈ লিখিতভাৱে) কাৰো আগত ব্যক্ত কৰিব নোৱাৰিব। সেইবাবে স্বাস্থ্যসেৱা কৰ্মী বা পৰামৰ্শদাতাজনে কোনো ক্লায়েণ্টৰ এইচ আই ভি পজিটিভ স্থিতি তেওঁ বা তাইৰ যৌন সংগী/সংগীক ব্যক্ত নকৰে।

পৰামৰ্শদাতাজনে অৱশ্যে ক্লায়েণ্টজনক তেওঁ বা তাইৰ স্থিতিটো যৌন সংগীজনক ব্যক্ত কৰিবলৈ আৰু কন্ডম ব্যৱহাৰ কৰিবলৈ সৈমান কৰাৰ চেষ্টা কৰিব পাৰে। এইটো পৰামৰ্শদাতাৰ দায়িত্ব নহয় যে তেওঁ এই বিষয়ে ব্যক্ত কৰিব, এইটো ক্লায়েণ্টজনৰহে দায়িত্ব। যদি কোনো পৰামৰ্শদাতাই ব্যক্ত কৰাৰ সিদ্ধান্ত কৰে, তেতিয়া তেওঁ বা তাই সিন্ধান্তটোৰ কাৰণে সম্পূৰ্ণ দায়িত্ব স্বীকাৰ কৰাৰ লগে লগে সম্ভৱতঃ আইনী পৰিণাম স্বীকাৰ কৰিবলৈ প্ৰস্তত থাকিব লাগিব।

 

স্বাস্থ্য আৰু সমৰ্থন সেৱাসমূহ, সাৰ্বজনিক লাভ, চিকিৎসা আঁচনি আৰু বীমা

  • কাৰণ দক্ষিণ আফ্ৰিকাত এইচ আই ভি বা এইডচ্ আক্ৰান্ত ব্যক্তিসকলে সামাজিক লাভ আৰু সুবিধাসমূহ সমভাবে উপলব্ধ কৰাৰ অধিকাৰ আছে, এই ধৰণৰ সুবিধাসমূহৰ উপভোগৰ কাৰণে পূৰ্ব চৰ্ত্ত হিছাবে এইচ আই ভি পৰীক্ষণ প্ৰয়োজনীয় নহয়।
  • আমাৰ সমাজৰ আন আন সদ্যস্য সকলৰ নিচিনাকৈ এইচ আই ভি/এইডচ্ থকা ব্যক্তিসকলৰো গৃহ-নিৰ্মাণ, খাদ্য, সামাজিক নিৰাপত্তা, চিকিৎসা সহয়তা আৰু কল্যাণৰ সম অধিকাৰ আছে।
  • কৰ্মসংস্থান, গৃহনিৰ্মাণ, শিক্ষা, শিশু পৰিচৰ্য্যা আৰু জিন্মা আৰু চিকিৎসা, সামাজিক ও কল্যাণমূলক সেৱাৰ প্ৰবন্ধ সমূহত হোৱা বৈষম্যতাৰ পৰা এইচ আই ভি বা এইডচ্ হোৱা ব্যক্তিসকলক সুৰক্ষিত কৰিবলৈ সাৰ্বজনিক উপায়সমূহ গ্ৰহণ কৰিব লাগিব।
  • চিকিৎসা আঁচনি সমূহে অনিৰপেক্ষ প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে কোনো ব্যক্তিৰ বিৰুদ্ধে তেওঁ বা তাইৰ স্বাস্থ্যৰ স্থিতিৰ ভিত্তিত বৈষম্যতাৰ সৃষ্টি নকৰে।
  • বীমাৰ এক পক্ষীয় বৈষম্যতাৰ পৰা এইচ আই ভি সংক্ৰমণ বা এইডচ্ আক্ৰান্ত ব্যক্তি (যি সকল এইচ আই ভি বা এইডচ্ ৰ বিপদত থকাৰ সন্দেহভাজন) ক সুৰক্ষিত কৰা উচিত। বীমা কম্পেনী সমূহে কোনো ব্যক্তিক অকল এইচ আই ভি/এইডচ্ৰ স্থিতিৰ ওপৰত ভিত্তি কৰি বীমা প্ৰদান কৰিবলৈ প্ৰত্যাখ্যান কৰিব নোৱাৰে।
 

এইচ আই ভি আৰু এইডচ্ৰ ওপৰত শিক্ষা

  • সকলো ব্যক্তিৰ এইচ আই ভি আৰু এইডচ্ৰ বিষয়ে উচিত শিক্ষা লাভ কৰা আৰু সম্পূৰ্ণ তথ্য জনাৰ অধিকাৰৰ লগতে প্ৰতিৰোধক ব্যৱস্থা সমূহৰ বিষয়ে সম্পূৰ্ণ তথ্য উপলব্ধ কৰাৰ অধিকাৰ আছে।
  • এইচ আই ভি বা এইডচ্ আক্ৰান্ত ব্যক্তিসকলৰ বিৰুদ্ধে বৈষম্য দূৰ কৰাৰ নিৰ্দিষ্ট উদ্দেশ্যৰ সৈতে সাৰ্বজনিক শিক্ষাও প্ৰদান কৰা উচিত।
 

প্ৰচাৰ মাধ্যমৰ দায়িত্ব সমূহ

  • এইচ আই ভি সংক্ৰমণ বা এইডচ্ আক্ৰান্ত ব্যক্তি সকলৰ প্ৰচাৰ মাধ্যমৰ দ্বাৰা ন্যায্য ব্যৱহাৰ আৰু তেওঁলোকৰ গোপনীয়তা আৰু সংগোপনীয়তাৰ অধিকাৰ সমূহ পালন কৰাৰ অধিকাৰ আছে।
  • জনসাধাৰণৰ এইচ আই ভি আৰু এইডচ্ৰ ওপৰত তথ্য আৰু শিক্ষাৰ জ্ঞাত আৰু সন্তুলিত কভাৰেজ আৰু উপস্থাপনৰ অধিকাৰ আছে।
 

নিৰাপদ যৌন সম্পৰ্কৰ অধিকাৰ

  • সকলো ব্যক্তিৰে এইটো দাবী কৰাৰ অধিকাৰ আছে যে তেওঁলোক বা তেওঁলোকৰ যৌন সংগীয়ে এইচ আই ভি ৰ সংক্ৰমণক প্ৰতিৰোধ কৰিবৰ কাৰণে যথাযথ সতৰ্কতা অৱলম্বন কৰে।
  • এই সম্বন্ধে বিশেষকৈ মহিলা সকলৰ দুৰ্বল স্থিতিক চিনাক্ত কৰা আৰু সম্বোধিত কৰা উচিত - বিশেষকৈ যুৱ আৰু শিশুসকলৰ দুৰ্বল স্থিতি হিছাবে।
  • ব্যক্তিসকলে তেওঁলোকৰ যৌন সংগীক অবগত কৰাটো নৈতিক আৰু আইনগত দায়িত্ব, যদি তেওঁলোক এইচ আই ভি পজিটিভ। তেওঁলোকে এইটোও সুমিশ্চিত কৰা দিয়া উচিত যে তেওঁলোকৰ যৌন আচৰণ যথাসম্ভৱ নিৰাপদ (উঃ স্বঃ কনডম ব্যৱহাৰৰ দ্বাৰা)। যৌন সংগীক এইচ আই ভি সংক্ৰমণৰ কথা ব্যক্ত কৰি এই ভাইৰাচৰ পৰা হ`ব পৰা সাম্ভাব্য বিপদৰ পৰা সুৰক্ষিত কৰাটো এজনৰ প্ৰতি আনজনৰ থকা দায়িত্বৰ এটা অংশ।
 

কাৰাবন্দী সকলৰ অধিকাৰ

  • এইচ আই ভি সংক্ৰমিত বা এইডচ্ আক্ৰান্ত কাৰাবন্দী সকলে আন কাৰাবন্দী সকলৰ সৈতে একে মানদণ্ডৰ যত্ন আৰু চিকিৎসা উপভোগ কৰাটো উচিত।
  • এইচ আই ভি/এইডচ্ আক্ৰান্ত কাৰাবন্দী সকলে আন কাৰাবন্দী সকলৰ দ্বাৰা অন্য গম্ভীৰ বেমাৰৰ কাৰণে উপভোগ কৰা বিশেষ ধৰণৰ যত্নৰ সমতুল্য যত্ন উপলব্ধ কৰা উচিত।
  • কাৰাবন্দী সকলৰো সাধাৰণ জনসংখ্যাৰ নিচিনাকৈ একে শিক্ষা, তথ্য আৰু প্ৰতিৰোধাত্মক ব্যৱস্থা (কনডম) সমূহ উপলব্ধ কৰাৰ অধিকাৰ আছে।
 

এইচ আই ভি বা এইডচ্ আক্ৰান্ত ব্যক্তিসকলৰ কৰ্তব্য

  • এইচ আই ভি বা এইডচ্ আক্ৰান্ত ব্যক্তিসকলৰ কৰ্তব্য হৈছে আন ব্যক্তিসকলৰ অধিকাৰ, স্বাস্থ্য আৰু শাৰীৰিক নিখুততাক সন্মান কৰা আৰু যেতিয়া প্ৰয়োজন হয় সঠিক পদক্ষেপ লোৱাক সুনিশ্চিত কৰা।