মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

প্ৰাৰম্ভিক শিশু ৰোগ নিৰ্ণয় ( ই আই ডি)

  • ২০১০ চনত, বহিৰ্গামী তথ্যৰ প্ৰতিক্ৰিয়াই এইচ আই ভি সংক্ৰমিত কেঁচুৱা আৰু শিশু সকলৰ মাজত প্ৰাথমিক এ আৰ টি উদ্যোগতাৰ নাটকীয় উৰ্দ্ধতন লাভ দেখুৱাইছে। ডব্লিউ এইচ ওৱে কেঁচুৱা আৰু শিশুসকলৰ এইচ আই ভি সংক্ৰমণৰ নিদানৰ ওপৰত সংশোধিত পৰামৰ্শ সমূহ জাৰী কৰিছে। ১. মূল উপাদান সমূহৰ অন্তৰ্ভূক্ত:

    • কেঁচুৱা আৰু ১৮ মাহৰ তলৰ বয়সৰ শিশু সকলৰ এইচ আই ভি সংক্ৰমণ নিৰ্ণয় কৰিবলৈ এইচ আই ভি ভাইৰ`লজিকেল পৰীক্ষণ ব্যৱহাৰ কৰা হ`ব।
    • সকলো এইচ আই ভি উন্মুক্ত শিশুক ৪-৬ সপ্তাহ বয়সত আৰু ইয়াৰ পিছত অতি সোনকালে সুবিধা অনুযায়ী এইচ আই ভি বীজাণু বিষয়ক পৰীক্ষণ কৰিব লাগে।
    • পলম নোহোৱাকৈ প্ৰাৰম্ভিক সকাৰাত্মক, বীজাণু বিষয়ক পৰীক্ষাৰ পৰিণামৰ সৈতে কেঁচুৱাৰ এ আৰ টি আৰম্ভ কৰিবলৈ আৰু একে সময়তে প্ৰাৰম্ভিক সকাৰাত্মক বীজাণু বিষয়ক পৰীক্ষাৰ পৰিণাম নিশ্চিত কৰিবলৈ দ্বিতীয় নমুনা সংগ্ৰহ কৰা হ`ব।
    • এইচ আই ভি সংক্ৰমণৰ চিন আৰু লক্ষণ দেখা পোৱা কেঁচুৱাৰ এইচ আই ভি চেৰ`লজিকেল পৰীক্ষণ সহ স্ৰীনিং কৰা আৰু যদি পজিটিভ হয়, সংক্ৰমণ নিশিচত কৰিবলৈ ভাইৰ`লজিক পৰীক্ষণ অনুসৰণ কৰা।
    • অৱশ্যে এইচ আই ভি উন্মুক্ত কেঁচুৱাৰ প্ৰায় ৯ মাহ বয়সত (শেষৰটো প্ৰতিষেধক দিয়াৰ সময়ত)এইচ আই ভি চেৰ`লজিকেল পৰীক্ষণ কৰিব লাগে। ৯ মাহত ৰিয়েক্টিভ চেৰ`লজিকেল পৰীক্ষা কৰা কেঁচুৱাই ভাইৰ`লজিকেল পৰীক্ষা লাভ কৰিবৰ কাৰণে এইচ আই ভি সংক্ৰমিত কেঁচুৱা যাৰ এ আৰ টি ৰ প্ৰয়োজন আছে চিনাক্ত কৰা।
    • ১৮ মাহ বা তাতকৈ অধিক বয়সৰ, সন্দেহযুক্ত এইচ আই ভি সংক্ৰমণ বা এইচ আই ভি উন্মুক্ত শিশুৰ, প্ৰাপ্তবয়স্ক সকলৰ মাজত ব্যৱহাৰ হোৱা মানযুক্ত ৰোগ নিৰ্ণায়ক এইচ আই ভি চেৰ`লজিকেল টেষ্টিং সমাধান সূত্ৰ অনুসৰি এইচ আই ভি চেৰ`লজিকেল টেষ্টিং কৰা হয়। সঠিক সময়ত এ আৰ টি ৰ প্ৰয়োগ সুনিশ্চিত কৰিবলৈ আৰু এইচ আই ভি সংক্ৰমিত শিশু যোনে চিকিৎসা গ্ৰহণ কৰা নাই তেওঁলোকৰ মাজত উদ্ভৱ হ`ব পৰা উচ্চ ৰোগীৰ সংখ্যা আৰু মূত্যুৰ হাৰ হ্ৰাস কৰিবৰ কাৰণে এইচ আই ভি সংক্ৰমণৰ শীঘ্ৰ নিদান জৰুৰী হয়। ২. উপ- চাহাৰা আফ্ৰিকাত ১২ টা অধ্যয়নৰ তথ্যৰ পৰা এক সংগ্ৰহিত তথ্য বিশ্লেষণ কৰি, মাৰ্ষ্টণ এছ আলে অনুমান কৰিছিল যে চিকিৎসা অবিহনে এবছৰত মুঠ জীৱিত থাকিব পৰা প্ৰসৱপূৰ্বভাৱে সংক্ৰমিত কেঁচুৱা হৈছে ৫২ %( ৯০ দিনৰ ভিতৰত মৃত্যু ঘটা ২০ % সহ) আৰু কেঁচুৱা সকলৰ মাজত ৭৮ % সংক্ৰমিত হয় স্তনপানৰ সময়ত। ৩. যেতিয়া প্ৰসৱ পূৰ্বভাৱে সংক্ৰমিত সেই সকল কেঁচুৱাৰ জীৱনৰ প্ৰথম কেইমাহত বেমাৰৰ অগ্ৰগতি বিশেষ ৰূপত দ্ৰত হয়, এ আৰ টি ৰ প্ৰাথমিক প্ৰয়োগে মৃত্যুৰ বিপদ উল্লেখযোগ্য ভাৱে হ্ৰাস কৰাক দেখুৱাইছে। ২. কেঁচুৱা আৰু শিশু যি সকল অধিক ব্যাপক ৰোগৰ সৈতে জীয়াই আছে তেওঁলোকৰ আৰোগ্য হোৱাৰ সম্ভাৱনা অতি বেয়া,আনকি যদিও এ আৰ টি আৰম্ভ কৰা হয়।৪. ভাইৰাছে ইয়াৰ প্ৰভাৱ বিস্তাৰ কৰাৰ সুবিধা লোৱাৰ আগতেই জীৱন ৰক্ষী চিকিৎসা আৰম্ভ কৰাৰ উদ্দেশ্যে যিমান সম্ভৱ পাৰি সিমান সোনকালে ৰোগ নিৰ্ণয় পৰীক্ষা কৰাটো এইচ আই ভি সংক্ৰমিত শিশুৰ কাৰণে সংকটজনক হয়। কম আৰু মধ্যম উপাৰ্জনকাৰী দেশসমূহত আনুমানিক ১.৫ লাখ এইচ আই ভি ৰ সৈতে জীয়াই থকা গৰ্ভৱতী মহিলাৰ মাত্ৰ ৫৭ % হে তেওঁলোকৰ শিশুসকলৰ ঊৰ্ধাৰ্ধ সংক্ৰমণ পৰিহাৰ কৰিবলৈ ফলপ্ৰসূ এণ্টিৰেট্ৰ`ভাইৰেল ঔষধ লাভ কৰাৰ হিছাবত যদিও কিছুমান কম আৰু মধ্যম উপাৰ্জনকাৰী দেশত মাতৃৰ পৰা শিশুলৈ হোৱা সংক্ৰমণৰ হাৰ ৫ % ত কৈ তললৈ হ্ৰাস হৈছে ২০১১ চনত এতিয়াও ৩৩০,০০০ জন শিশু নতুনকৈ সংক্ৰমিত হৈছিল। ৫.ব্যাপক ৰোগ থকা মাতৃসকল, যিসকল চি ডি কাউণ্ট ৩৫০ কোষ/এম এল ত কৈ কম তেওঁলোক তেওঁলোকৰ সন্তান সকললৈ ভাইৰাছ সংক্ৰমিত কৰিবৰ কাৰণে অতিকৈ বিপদাপন্ন কিন্তু আনুমান কৰা হৈছিল যে ২০১১ চনত ৬২০,০০০ মহিলা যি তেওঁলোকৰ নিজিৰ স্বাস্থ্যৰ কাৰণে এ আৰ টি কাৰণে সক্ষম আছিল মাত্ৰ ১৯০,০০০ (৩১%) ওপৰত এ আৰ টি প্ৰয়োগ কৰা হৈছিল। উপ-চাহাৰা আফ্ৰিকাত ২১ খন অগ্ৰাধিকাৰী দেশৰ কাৰণে সামগ্ৰিকভাৱে পি এম টি চি টি কভাৰেজ হাৰ গৰ্ভাৱস্থা আৰু প্ৰসৱৰ সময়ত কেৱল ৬১% আছিল আৰু স্তনপানৰ সময়ত ২৮% লৈ আৰু অধিক হ্ৰাস হৈছিল। ৫. ২০১০ চনত, ৬৫ খন ৰিপ`ৰ্টিং দেশত, এইচ আই ভি ৰ সৈতে জীয়াই থকা মতৃসকলৰ মাত্ৰ ২৮ % জন্ম হোৱা শিশুৰহে জীৱনৰ প্ৰথম দুমাহৰ ভিতৰত এইচ আই ভি পৰীক্ষা প্ৰাপ্ত হৈছিল। ৬. য`ত প্ৰাথমিক চিকিৎসাক এইচ আই ভি সংক্ৰমণৰ পৰা ৰোগ ব্যাধি আৰু মৃত্যুৰ হাৰ নাটকীয় ভাৱে হ্ৰাস হোৱা বুলি জনা যায়, এইচ আই ভি সংক্ৰমিত শিশুৰ এ আৰ টি কভাৰেজ এতিয়াও ২৮ % হ্ৰাসতে ৰখি আছে আৰু ২০১১ চনত অনুমান কৰি থোৱাৰ ভিতৰত বিশ্বজনীন ভাৱে ৩.৪ লাখ শিশু এইচ আই ভি ৰ সৈতে জীয়াই আছে, ২৩০,০০০ জনৰ এইডচ্ সম্বন্ধীয় বেমাৰত মৃত্যু ঘটিছে। ৫.১ কেঁচুৱা আৰু শিশুসকলৰ এইচ আই ভি সংক্ৰমণৰ নিদানৰ ওপৰত ডব্লিউ এইচ ও ৰ পৰামৰ্শ। ২০১০ ২ ভায়`লাৰী এট অল চি এইচ ই আৰ ষ্টাডী টিমৰ কাৰণে। এন এংগল জে মেড ২০০৮ ; ৩৫৯: ২২৩৩-২২৪৪ ৩ মাৰ্ষ্টণ এট অল। মূলতঃ আৰু প্ৰসৱোত্তৰ ভাৱে সংক্ৰমিত শিশুৰ মুঠ জীৱিত: উপ- চাহাৰা আফ্ৰিকাৰ পৰা পোৱা ব্যক্তিগত তথ্যৰ এক সংগ্ৰহিত বিশ্লেষণ। মহামাৰী বিজ্ঞানৰ আন্তঃ ৰাষ্ট্ৰীয় আলোচনী, ২০১১, ৪০ : ৩৮৫-৩৯৬ ৪ কে আই ডি এ –এ আৰ টি – লিংক সহযোগ। উপ -চাহাৰা আফ্ৰিকাত শিশু এইচ আই ভি চিকিৎসা বাহিনীত মৃত্যুৰ বিপদ কম কিন্তু পৰ্য্যাপ্ত কৰ্মসূচীৰ নিষ্ক্ৰিয়তা। জে এইডচ্ ২০০৮. ৪৯ (৫): পি ৫২৩-৩১ ৫ একেলগে আমি এইডচ্ ক নিঃশেষ কৰিম।আনএইডচ্ ২০১২ ৬ প্ৰগতি প্ৰতিবেদন সাৰাংশ ২০১১। ২০১১ চনৰ শেযৰ ভাগত ই আই ডি কভাৰেজ হাৰ অতি সম্প্ৰতি আন এইডচ্ প্ৰগতি প্ৰতিবেদনত দাখিল কৰা নাই, ২০১২ আৰ্লি ইন্ফেণ্ট ডায়`গন`ছিছ আই এ টি টি লেবৰেটৰী আৰু চাইল্ড চাৰভাইভেল ৱৰ্কিং গ্ৰুপ জি এছ জি মধ্য কালীন পৰ্য্যালোচনা বৈঠক, ডিচেম্বৰ ৬-৭, ২০১২ । ২ স্পষ্টতঃ শীঘ্ৰেই এইচ আই ভি সংক্ৰমিত শিশুসকলক চিনাক্ত কৰিবলৈ আৰু জীৱনৰক্ষী চিকিৎসা আৰম্ভ কৰিবলৈ আৰু অধিক কাম কৰিব লাগিব। এই দুৰ্বল জনসংখ্যাক জীয়াই ৰখাটো সুনিশিচিত কৰিবলৈ এটা ফলপ্ৰসূ ই আই ডি কাৰ্য্যক্ৰমেই হৈছে প্ৰথম পদক্ষেপ।
    Downloads
    প্ৰাৰম্ভিক শিশু ৰোগ নিৰ্ণয় ( ই আই ডি)
    TitleSizeDetail
    অৰ্লি ইনফেণ্ট ডায়`গন`ছিছ ( ই আই ডি) জি আই জি328.65 KBswf-image