মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

এইচ আই ভি টি বি সহযোগিতা

  • ২০১১ চনত এইচ আই ভি/এইডচ্ ( পি এল এইচ আই ভি) ৰ সৈতে জীয়াই থকা ২.১ লাখ মানুহৰ মাজত ভাৰতত প্ৰাপ্ত বয়স্ক এইচ আই ভি সংক্ৰমণৰ হাৰ ০.২৭ % বুলি ধৰা হয়। এইটো বিশ্বৰ তৃতীয় সৰ্বোচ্চ বোজা। অন্যহাতেদি ,বছৰি আনুমানিক ২.২ লাখ নতুন টি বি বেমাৰ উদ্ভৱ সহ ভাৰত বিশ্বৰ ভিতৰত সকলোতকৈ অধিক যক্ষ্মা ( টি বি) বোজা প্ৰাপ্ত দেশ। য`ত টি বি হৈছে এইচ আই ভি সংক্ৰমিত ব্যক্তিসকলৰ মাজত সাধাৰণতম সুযোগবাদী সংক্ৰমণ ( ও আই), এইচ আই ভি সংক্ৰমণ হৈছে টি বি সংক্ৰমণ আৰু সক্ৰিয় টি বি লৈ ইয়াৰ অগ্ৰগতি অৰ্জনৰ কাৰণে এক গুৰুত্ব পূৰ্ণ বিপদৰ কাৰক। সংশোধিত ৰাষ্ট্ৰীয় টি বি নিয়ন্ত্ৰণ কাৰ্য্যক্ৰম ( আৰ এন টি চি পি) ৰ অধীনত অধিসূচিত এইচ আই ভি সংক্ৰমিত টি বি বিষয় সমূহৰ মাজত এইচ আই ভি/টি বি একেলগে হ`ল অত্যাধিক উচ্চ মৃত্যুৰ হাৰ ( ১৫ ৰ পৰা ১৮ % লৈ) ৰ সৈতে এক ঘাতক সংযোজন। সকলোমিলি, ভাৰতত পি এল এইচ আই ভিৰ মাজত হোৱা সকলো মৃত্যুৰ প্ৰায় ২৫ % ৰ কাৰণ টি বি বুলি অনুমান কৰা হৈছে।উল্লেখযোগ্য ভাৱে মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ এণ্টিৰেট্ৰ`ভাইৰেল চিকিৎসাৰ(এ আৰ টি) আৰু এণ্টি-টি বি চিকিৎসা এইচ আই ভি/টি বিৰ ক্ষেত্ৰত প্ৰাৰম্ভিক চিনাক্তকৰণ আৰু শীঘ্ৰ ব্যৱস্থা সমূহ হৈছে প্ৰমূখ হস্তক্ষেপ।

    ২০০১ চনৰ আৰম্ভণিতে, ভাৰতৰ ৰাষ্ট্ৰীয় এইডচ্ নিয়ন্ত্ৰণ কাৰ্য্যক্ৰম ( এন এ চি পি )আৰু আৰ এন টি চি পি য়ে এইচ আই ভি/টি বিৰ সহসংক্ৰমণৰ গুৰুত্বতাক স্বীকৃতি দিয়ে। টি বি আৰু এইচ আই ভি যত্ন, সমৰ্থন আৰু চিকিৎসাৰ ক্ষেত্ৰত প্ৰাথমিক চিনাক্তকৰণ আৰু শীঘ্ৰ সংযোগ সুনিশ্চিত কৰিবলৈ এই দুয়োটা কাৰ্য্যক্ৰমে যৌথভাৱে হস্তক্ষেপ কৰিছে।এই হস্তক্ষেপ সংযুক্ত এইচ আই ভি/টি বি সহযোগাত্মক কাৰ্য্যকলাপৰ কাৰণে নেচনেল ফ্ৰেমৱৰ্কৰ নিচিনা ৰাষ্ট্ৰীয় নীতিৰ দ্বাৰা পৰিচালিত কৰা হৈছিল। নেচনেল (পলিচি) ফ্ৰেমৱৰ্ক এটা গতিশীল দস্তাবেজ যি ক্ষেত্ৰ ভিত্তিক উন্নয়নৰ অভিজ্ঞতা সিদ্ধ কাৰ্য্যক্ৰম হিছাপে প্ৰসূত, তথা বৈশ্বিক নিৰ্দেশিকা সমূহৰ পৰিৱৰ্তন আৰু অনুসন্ধান মূলক গৱেষণাৰ পৰা উদ্ভৱ হোৱা প্ৰমাণ সমূহক সমাৱেশিত কৰে। নেচনেল ফ্ৰেমৱৰ্কৰ বৰ্তমান সংশোধন, পৰৱৰ্তী ৫ বছৰৰ কাৰণে দুয়োটা ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰমৰ পৰিকল্পনা দস্তাবেজৰ অন্তিম ৰূপৰ সৈতে অনুৰূপ হৈছে। উঃ স্বঃ এন এ চি পি –পৰ্য্যায় IV আৰু আৰ এন টি চি পি ৰাষ্ট্ৰীয় কৌশলগত আঁচনি ( এন এছ পি ) ২০১২-২০১৭, আৰু ডব্লিউ এইচ ও এইচ আই ভি/টি বি নীতি প্ৰস্তাৱনা সমূহৰ সাম্প্ৰতিক তথ্য।

    ভাৰতত যৌথ এইচ আই ভি/টি বি কাৰ্য্যক্ৰম সমূহৰ ইতিহাস

    ভাৰতত যৌথ এইচ আই ভি/টি বি কাৰ্য্যক্ৰম সমূহৰ আৰম্ভ হৈছিল ২০০১ চনত ৬ খন ৰাজ্যৰ সৈতে, মহাৰাষ্ট্ৰ, মণিপুৰ, নাগালেণ্ড, কৰ্ণাটক, তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশ। এই যৌথ কাৰ্য্যক্ৰমে সংশ্লিষ্ট পৰামৰ্শ প্ৰদান আৰু পৰীক্ষণ কেন্দ্ৰ সমূহত কৰ্মচাৰী বৃন্দৰ যৌথ প্ৰশিক্ষণ প্ৰদান আৰু সম্ভাব্য টি বি বিষয় সমূহক আৰ এন টি চি পি মনোনীত অনুবীক্ষক কেন্দ্ৰ সমূহলৈ প্ৰেৰণ কৰা আৰু স্বেচ্ছাসেৱী এইচ আই ভি পৰাৰ্মশ প্ৰদান আৰু পৰীক্ষণৰ কাৰণে এইচ আই ভিৰ বিপদ কাৰকযুক্ত টিবি ৰোগী সকলক আই চি টি চি লৈ প্ৰেৰণ কৰাৰ লগতে ক্ৰছ ৰেফাৰেল অৰ্থাৎ গম্ভীৰ( টি বি) বিষয়ৰ সন্ধানক অন্তৰ্ভূক্ত কৰে। এই সহযোগাত্মক কাৰ্য্যক্ৰম সমূহক ২০০৪ চনত ৮ খন অতিৰিক্ত ৰাজ্যলৈ সম্প্ৰসাৰিত কৰা হৈছিল ( দিল্লী, গুজৰাট, হিমাচল প্ৰদেশ, কেৰেলা, ওড়িষ্যা, ৰাজস্থান আৰু পশ্চিম বংগ) আৰু ২০০৮ চনলৈকে সমগ্ৰ দেশক সামৰি লৈছিল। প্ৰথম ৰাষ্ট্ৰীয় নীতি গঠন কাৰ্য্যৰ প্ৰাৰম্ভিক বৰ্ষৰ কাৰ্য্যক্ৰম সমূহ ৰূপায়নৰ সময়ত লাভ কৰা অভিজ্ঞতা, এন এ চি পি আৰু আৰ এন টি চি পি ৰ দ্বাৰা স্থাপিত গুৰুত্বপূৰ্ণ অনুসন্ধানমূলক গৱেষণা( ও আৰ) অধ্যয়ন আৰু ডব্লিউ এইচ ও এইচ আই ভি/টি বি অন্তঃৱৰ্ত্তী নীতিৰ ওপৰত ভিত্তি কৰি বিকশিত কৰা হৈছিল। ও আৰে অন্তৰ্ভূক্ত কৰিছিল, প্ৰথম এইচ আই ভি সংক্ৰমিত টি বি ৰোগীৰ কাৰণে আৰ এন টি চি পি ৰ জৰিয়তে ক`-ট্ৰাইম`ক্সাজ`ল প্ৰিভেণ্টিভ থেৰাপী ( চি পি টি )ৰ বিকেন্দ্ৰীকৃত বিতৰণৰ সুচলতা প্ৰদৰ্শন আৰু ২ দ্বিতীয় টি বি ৰোগী সকলৰ কাৰণে প্ৰদাতা-অভিষিক্ত এইচ আই ভি পৰীক্ষণ আৰু পৰামৰ্শ প্ৰদানৰ সুচলতা প্ৰদৰ্শন। প্ৰথম ৰাষ্ট্ৰীয় গঠন কাৰ্য্য প্ৰকাশিত হৈছিল ২০০৭ চনৰ নবেম্বৰত, যিয়ে ভাৰতৰ এইচ আই ভি/টি বি মহামাৰীৰ বৈচিত্ৰতা প্ৰকাশ কৰা দেশৰ এইচ আই ভি/টি ভি কাৰ্য্যসূচী ৰূপায়নৰ কাৰণে পাৰ্থক্যমূলক কৌশল অনুমোদন কৰিছিল। এই কৌশলে দেশব্যাপী ``প্ৰয়োজনীয়`` এইচ আই ভি/টি ভি হস্তক্ষেপ ৰূপায়নক আৰু এইচ আই ভি/টি বিৰ উচ্চ বোজাযুক্ত ৰাজ্য সমূহৰ কাৰণে ``সেৱাসমূহৰ এটা তীব্ৰ টি বি /এইচ আই ভি পেকেজ`` অন্তৰ্ভূক্ত কৰিছিল। তীব্ৰ পেকেজৰ বাস্তবায়নৰ কাৰণে ৰাজ্য সমূহৰ বাছনি এইচ আই ভি প্ৰাদুৰ্ভাৱ, সম্পূৰ্ণ এইচ আই ভি বোজা, বিকেন্দ্ৰীকৃত এইচ আই ভি পৰীক্ষণ আৰু চিকিৎসা সেৱা সমূহ আৰু কাৰ্য্যক্ৰম প্ৰবন্ধন ক্ষমতাৰ ওপৰত আধাৰিত আছিল। ২০০৮ চনত ইয়াক ৯ খন ৰাজ্য ( অন্ধ্ৰ প্ৰদেশ, গোৱা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, পণ্ডিচেৰী আৰু তামিল নাডু) ত আৰম্ভ কৰা হৈছিল। এই ৰূপায়নৰ পৰ্য্যালোকনত প্ৰদৰ্শিত হৈছিল যে টি বি ৰ ক্ষেত্ৰত এইচ আই ভি ৰ পাৰম্ভিক চিনাক্তকৰণ আৰু এইচ আই ভি যত্ন আৰু সমৰ্থনৰ ত্বৰিৎ সংযোগৰ কাৰণে ই এটা উচ্চ ব্যৱহাৰযোগ্য কৌশল।২০১২ চনলৈকে দেশ জুৰি ঐক্যভাৱে তীব্ৰ এইচ আই ভি/টি বি পেকেজৰ বৰ্ধনক অন্তৰ্ভূক্ত কৰি এইচ আই ভি/টি বি কাৰ্য্যক্ৰমৰ সম্পূৰ্ণ বৰ্ণিল ৰূপায়নৰ কাৰণে লোৱা সিদ্ধান্ত সহ ২০০৯ চনত ৰাষ্ট্ৰীয় গঠনকাৰ্য্যক সেইকাৰণে সংশোধিত কৰা হৈছিল। এই সংশোধনে সকলো এ আৰ টি কেন্দ্ৰ আৰু গম্ভীৰ টি বি বিষয় সন্ধান আৰু প্ৰতিবেদনক অন্তৰ্ভূক্ত কৰি আই চি টি চি ত কাৰ্য্যক্ৰমৰ সাম্য সংহতি প্ৰতিষ্ঠাপিত কৰিছিল। ই বিশিষ্টপূৰ্ণ ৰাষ্ট্ৰীয় এইচ আই ভি/টি বি কাৰ্য্যক্ৰম সূচক আৰু প্ৰদৰ্শন লক্ষ্য সহ যুটীয়া পৰ্য্যবেক্ষণ আৰু মূল্যাংকনক শক্তিশালীও কৰিছিল। ৰাষ্ট্ৰীয় গঠন কাৰ্য্যৰ সদ্য সংশোধনে এন এ চি পি আৰু আৰ এন টি চি পি ৰ সাম্প্ৰতিক নীতি আপডেটৰ অন্তৰ্ভূক্তি আৰু ডব্লিউ এইচ ও এইচ আই ভি/টি বি নীতি নিৰ্দেশিকা ২০১১ সহ পৰৱৰ্ত্তী ৫ বছৰৰ কাৰণে বিশিষ্ট ৰাষ্ট্ৰীয় কৌশল আঁচনিৰ সৈতে সন্ধি স্থাপনক উদ্দেশ্য কৰি লয়। এইচ আই ভি/টি বি সেৱাৰ পূৰ্বভাৱে নামাংকিত ``ইন্টেন্সিফাইড পেকেজ`` বৰ্তমান সকলো ৰাজ্যৰ কাৰণে ৰাষ্ট্ৰীয় টি বি/এইচ আই ভি নীতি আদৰ্শ। এটা একক আৰু সাম্য নীতি, ৰাষ্ট্ৰীয় নীতি গঠন কাৰ্য্য বিদ্যমান।

    ৰাষ্ট্ৰীয় গঠন কাৰ্য্যৰ উপলক্ষ:

    সামগ্ৰিক উপলক্ষ হৈছে আৰ এন টি চি পি আৰু এন এ চি পি মাজত টি বি/ এইচ আই ভি ৰ সহযোগাত্মক কাৰ্য্যক্ৰমৰ কাৰণে ৰাষ্ট্ৰীয় নীতিক স্পষ্ট কৰা যাতে ভাৰতত টি বি আৰু এইচ আই ভি বোজাৰ হ্ৰাসকৰণ সুনিশ্চিত কৰিব পাৰি।

    উদ্দেশ্যসমূহ:
    • ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্য্যায়ত আৰ এন টি চি পি আৰু এন এ চি পি ৰ মাজত ঘনিষ্ঠ সমন্বয় বৰ্ত্তাই ৰখা।
    • এইচ আই ভি/এইডচ্ৰ সৈতে জীয়াই থকা ব্যক্তি সকলৰ মাজত টি বি জনিত ৰোগ ব্যাধি আৰু মৃত্যু হাৰ হ্ৰাস কৰা।
    • টি বি ৰোগীৰ ওপৰত এইচ আই ভিৰ প্ৰভাৱ হ্ৰাস কৰা আৰু এইচ আই ভি সংক্ৰমিত টি বি ৰোগীসকলক এইচ আই ভি সম্বন্ধিত যত্ন আৰু সমৰ্থন সুবিধা প্ৰদান কৰা।
    • এইচ আই ভি আৰু টি বি ক একেলগে প্ৰতিৰোধন, প্ৰাৰম্ভিক চিনাক্তকৰণ আৰু শীঘ্ৰ ব্যৱস্থাপনৰ জৰিয়তে এইচ আই ভি/টি বি জনিত ৰোগ ব্যাধি আৰু মৃত্যু হাৰ উল্লেখযোগ্যভাৱে হ্ৰাস কৰা।এন এ চি পি আৰু আৰ এন টি চি পি ৰ মাজৰ শক্তিশালী সহযোগিতাৰ আধাৰৰ ওপৰত ভিত্তি কৰি তলত চাৰি শাখা যুক্ত কৌশল সংক্ষিপ্ত ৰূপত দিয়া হৈছে।
    Downloads
    এইচ আই ভি টি বি সহযোগিতা
    TitleSizeDetail
    যুটীয়া এইচ আই ভি/টি বি সহযোগিতামূলক কাৰ্য্যক্ৰমৰ কাৰণে ৰাষ্ট্ৰীয় গঠনকাৰ্য্য2.13 MBswf-image