মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

ৰেড ৰিবন ক্লাব ( আৰ আৰ চি)

  • পৰিচয় :

    ৱাই এফ আই চি ৰ উপৰিও, এন এ চি পি – ৩ এ যুৱ ব্যক্তিসকল যাৰ চৌহদ আৰু সম্প্ৰদায় উভয়তে এইচ আই ভি ৰ বিপদ অধিক বেছি তেওঁলোকক সামৰি লৈ ৰেড ৰিবন ক্লাৱৰ প্ৰচাৰ কৰে। এই কাৰ্য্যক্ৰমে এইচ আই ভি/ এইডচ্ উভয়ৰে পাৰস্পৰিক ক্ষেত্ৰসমূহক যুৱ সকলৰ জ্ঞান, দৃষ্টিভংগী, আচৰণ আৰু তেওঁলোকৰ বয়স, পৰিৱেশ আৰু জীৱন শৈলীৰ প্ৰয়োজনীয়তাৰ হিছাবত যৌনতাক সম্বোধিত কৰিব। এইদৰে ৰেড ৰিবন ক্লাবে অনুৰূপ যুৱ নেতৃত্বৰ পদক্ষেপক সমৰ্থন আৰু সুদৃঢ় কৰিবলৈ এক পৰিপূৰক আৰু ব্যাপক প্ৰতিৰোধন হস্তক্ষেপ হিছাবে সেৱা আগবঢ়াব।

    আৰ আৰ চি কাৰ্য্যক্ৰমৰ উদ্দেশ্য সমূহ

    • নতুন কৌশল প্ৰদান কৰাৰ ওপৰত সঞ্চাৰ, আত্ম-সুৰক্ষা, কথোপকথন, যত্ন আৰু সমৰ্থন আৰু ফলপ্ৰসূ দলীয় ভাৱ বিনিময়ৰ দ্বাৰা যৌনতা আৰু কামুকতাৰ আৰু এইচ আই ভি/এইডচ্ ৰ ওপৰত সঠিক শিক্ষাৰ জৰিয়তে তেওঁলোকৰ নিজৰ বিপদৰ ওপৰত থকা জ্ঞান বৃদ্ধিৰ জৰিয়তে নতুন এইচ আই ভি সংক্ৰমণ হ্ৰাস কৰা।
    • নেতৃত্বতা আৰু দল গঠনৰ ওপৰত তেওঁলোকৰ দক্ষতা উন্নয়নৰ দ্বাৰা সমনীয়া শিক্ষক আৰু প্ৰতিনিধি হিছাবে যুৱ প্ৰজন্মক প্ৰস্তুত কৰা।

    পাৰস্পৰিক সহযোগ

    • উচ্চতৰ শিক্ষা বিভাগ, মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়;আৰু
    • যুৱ কল্যাণ আৰু ক্ৰীড়া বিভাগ, যুৱ কল্যাণ আৰু ক্ৰীয়া মন্ত্ৰণালয়।

    আৰ আৰ চিৰ চাৰি প্ৰমূখ ক্ষেত্ৰ

    • যুৱ সকলৰ শিহৰণ
    • যৌন আৰু কামুকতা
    • এইচ আই ভি/এইডচ্ /এছ টি আই, আৰু
    • সমনীয়া শিক্ষা

    নিম্নোক্ত আই ই চি /বি চি চি সামগ্ৰীসমূহক আৰ আৰ চিয়ে ব্যৱহাৰোপযোগী কৰি তুলিব পাৰে আৰু সৃজনশীল উদ্ভাৱন সমূহৰ কাৰণে উপযুক্ত স্বীকৃতি প্ৰদান কৰা হ`ব।

    আই ই চি /বি চি চি ( বাছনি তালিকা)

    • চি ডি
    • ট্ৰেইনিং মেনুৱেলচ্
    • এক্সপ`জাৰ ভিজিট ২০
    • গ্ল`চাইন বক্স, ষ্টিকাৰ্চ
    • হেণ্ডবিল্চ
    • হ`ৰ্ডিং
    • প`ষ্টাৰ মেছেজেছ
    • Video-on-wheels
    • ৱাল পেইণ্টিং ও ৱাল ৰাইটিং
    • চং আৰু জিংগলচ্

    টিজাৰ ষ্ট্ৰেটেজী

    • সজাগতা প্ৰচাৰ
    • তৰ্ক, কৰ্মশালা, চেমিনাৰ
    • নেতৃত্বতা প্ৰশিক্ষণ
    • ৰাজহুৱা সভা
    • অন্তৰ আৰু আন্তঃ বিশ্ববিদ্যালয় প্ৰতিযোগিতা
    • সাংস্কৃতিক অনুষ্ঠান ( লোক কলা, বাটৰ নাট, ইত্যদি)
    • জনপ্ৰিয় ব্যক্তিসত্বাৰ অংশ গ্ৰহণ
    • ইতিবাচক ব্যক্তিসকলৰ উপস্থাপন
    • প্ৰদৰ্শনী
    • সমাৱেশ
    • পথ প্ৰদৰ্শনী
    • স্থানীয় কেবলৰ ব্যৱহাৰ ( টক শ্ব, ফোন-ইনচ, ইত্যাদি)
    • দৈনিক বাতৰি, এ আই আৰ, টি ভি ইত্যাদিৰ প্ৰচাৰ
    • পৰামৰ্শ প্ৰদান
    • পাৰস্পৰিক অংশীদাৰী
    • সংবাদ পত্ৰ
    • নেতৃত্বতা আৰু সঞ্চাৰ দক্ষতা প্ৰশিক্ষণ

    আৰ আৰ চি সমূহৰ কাৰ্য্যকাৰিতা

    • ক্লাৱৰ নথিভূক্ত সদস্যসকলৰ মাজৰ পৰা, উপ-সমিতি সমূহৰ তেওঁলোকৰ মুঠ শক্তিৰ পৰিপ্ৰেক্ষিপ্তত তেওঁলোকৰ প্ৰতিভা অনুসৰি দলীয় শিৰ্ক্ষাথী সকলক শ্ৰেণীভূক্ত কৰি গঠন কৰিব পাৰি। উদাহৰণ স্বৰূপে, সেই সকল যাৰ নাট্যপ্ৰতিভা আছে তেওঁলোকে নাট্যসমিতি গঠন কৰিব পাৰে, সেই সকল যাৰ লিখনি সুন্দৰ তেওঁলোক লেখক গোট হিছাবে, সেইসকল যি ভাল বক্তা, তেওঁলোকে বক্তৃতা প্ৰদান গোট গঠন কৰিব পাৰে।
    • সক্ৰিয় আৰ আৰ চি সদস্য সকলক তেওঁলোকৰ পৰিবেশত আঁচনি প্ৰস্তুত আৰু বাহ্যিক প্ৰসাৰিত কাৰ্য্যক্ৰম সমূহৰ বাস্তৱায়নৰ কাৰণে নেতা আৰু প্ৰতিনিধি সমূহ হিছাবে নিৰ্বাচিত কৰিব পাৰি।

    আৰ আৰ চি কাৰ্য্যকৰ্ত্তাৰ মূল্যংকনৰ কাৰণে প্ৰদৰ্শনৰ ব্যাপক ক্ষেত্ৰসমূহ তলত উল্লেখ কৰা ধৰণৰ হ`ব।:

    • নতুন আৰ আৰ চি গঠন
    • অভিনৱ কাৰ্য্যশীলতা
    • নেটৱৰ্কিং ২১
    • প্ৰতিবেদন দাখিল
    • ওকালতি
    • পৰ্য্যবেক্ষণ
    • নথিভূক্ত কৰণ

    ক্ষেত্ৰীয় অধিকাৰী সকলৰ কাৰণে প্ৰদৰ্শন নিৰ্দেশক

    1. সক্ৰিয় আৰ আৰ চি সংখ্যা (১৫ জন শিক্ষাৰ্থী আৰু এমাহত এখনতকৈ অধিক বৈঠক)। ক. নতুন আৰ আৰ চি ৰ সংখ্যা (আনুষ্ঠানিক ভাৱে উদ্বোধিত) আৰম্ভ কৰা হৈছিল এমাহত স্বেচ্ছাসেৱী সদস্য হিছাবে প্ৰায় ১৫ জন শিক্ষাৰ্থী সহ (এইটো গঠন পৰ্য্যায়ত প্ৰযোজ্য)।
    2. ক্লাবৰ সক্ৰিয় সদস্য সকলৰ সংখ্যা (যিয়ে মাহত অন্ততঃ এখন বৈঠক আৰু এটা কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰিছে)।
    3. কৰ্য্যক্ৰমৰ সংখ্যা( সভা, চেমিনাৰ, কৰ্মশালা, সমাৱেশ, প্ৰদৰ্শনী, ক্ৰীড়া অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান, প্ৰতিযোগিতা ইত্যাদি) আৰু অংশগ্ৰহণকাৰী আৰু গোট খোৱা লোকৰ আনুমানিক সংখ্যা।
    4. পঞ্জীয়নভূক্ত হোৱা ৰক্তদাতাৰ সংখ্যা।
    5. আৰ আৰ চি ৰ লগত জড়িত স্থানীয় সংগঠনৰ (লায়ন্স ক্লাব, ৰ`টাৰী ক্লাব, স্থানীয় কেবল টি ভি চেনেল, আলোচনী ইত্যাদি) সংখ্যা।
    6. সংযোজিত কৰা নতুন আই ই চি সামগ্ৰীৰ সংখ্যা (নাট, গান পোষ্টাৰ, শ্লোগান ইত্যাদি)।
    7. আৰ এম সমূহৰ আৰু এছ এ চি এছ ক নিয়মিত সঁহাৰি।
    8. সাম্প্ৰদায়িক সজাগতা কাৰ্য্যক্ৰমৰ আয়োজনৰ কাৰণে সহযোগিতা আগবঢ়োৱা সংগঠন ( এৰিৱলি ইয়াক্কম, এন ৱাই কে, ৱাই আৰ চি, এন টি চি, ইত্যাদি) সমূহৰ সংখ্যা।
    9. সূক্ষ্ম পৰ্য্যায়ৰ অধ্যয়ন সমূহ, এবছৰত সম্পন্ন কৰা গৱেষণা সমূহৰ সংখ্যা।
    10. বিদ্যালয়/মহাবিদ্যালয় সমূহত আৰম্ভ কৰা পাঠ্যক্ৰম সমূহ।
    11. সম্পন্ন হোৱা ওকালতিৰ ( মহাবিদ্যালয়/বিশ্ববদ্যালয় সমূহত নীতি গত পৰ্য্যায়ৰ পৰিৱৰ্তন) সংখ্যা।
    12. কাৰ্য্যক্ৰম সমূহৰ প্ৰতিবেদন দাখিল আৰু নথিভূক্ত কৰণৰ নিৰন্তৰতা (মাহত এবাৰ)।
    13. পৰামৰ্শৰ কাৰণে ( আই চি টি চি)যাবলৈ সহায় কৰা বিষয়সমূহৰ সংখ্যা।
    14. সংকলিত সামগ্ৰী আৰু মানৱ সম্পদৰ সংখ্যা।
    15. প্ৰযুক্তিগত জ্ঞানৰ শেহতীয়া তথ্যৰ কাৰণে লোৱা পদক্ষেপৰ প্ৰসাৰ।
    16. সম্পন্ন হোৱা উদ্ভাৱনমূলক কাৰ্য্যক্ৰমৰ তালিকা।

    এই নিৰ্দেশকসমূহ প্ৰাসংগিক হয় আৰু ইয়াক সাধাৰণ আৰু অস্থায়ী নিৰ্দিষ্ট প্ৰয়োজনীয়তাক মূল্যাংকন কৰিবলৈ ব্যৱহাৰ কৰা হ`ব।

    আকস্মিকতা

    ক্ষেত্ৰীয় বিষয়াসকল : তেওঁলোকৰ আকস্মিক খা-খৰচ যেনে ষ্টেচনাৰী, মেইল, ফেক্স, টেলিগ্ৰাম ইত্যাদিৰ কাৰণে অৰ্থ বহন কৰা হ`ব।

    আৰ আৰ চি সমন্বয়কাৰী: তেওঁলোকৰ আকস্মিক খা-খৰচ যেনে ষ্টেচনাৰী, মেইল, ফেক্স, টেলিগ্ৰাম ইত্যাদিৰ কাৰণে অৰ্থ বহন কৰা হ`ব ২২.১ ।

    • প্ৰতিষ্ঠান সমূহত আৰ আৰ চি গঠন : আৰ আৰ চি ৰ গঠনৰ কাৰণে প্ৰত্যেক প্ৰতিষ্ঠানক এককালীন অনুদান দিয়া হ`ব। ব্যৱহাৰযোগ্য প্ৰমাণপত্ৰ কাৰ্য্যক্ৰম বিষয়াৰ দ্বাৰা স্বাক্ষৰিত কৰা হ`ব আৰু ইয়াক আৰ আৰ চি সমন্বয়কাৰীলৈ প্ৰেৰণ কৰা হ`ব যোনে ইয়াৰ সলনি এখন সংযুক্ত ব্যৱহাৰ যোগ্য প্ৰমাণ পত্ৰ আৰু খা-খৰচৰ বিৱৰণ টি এ এন এছ এ চি এছ লৈ পঠিয়াব। প্ৰতিষ্ঠানটোৱে মূল ৰছিদ খন ৰাখি থ`ব পাৰে যেতিয়ালৈকে বিচৰা নহয়।
    • আই ই চি সামগ্ৰী : মুদ্ৰিত আৰু বৈদ্যুতিক, আই ই চি সামগ্ৰীসমূহ নাক`/এছ এ চি এছৰ দ্বাৰা প্ৰস্তুত কৰা হয় আৰু সমন্বয়কাৰীলৈ প্ৰেৰণ কৰা হয় যোনে এই সামগ্ৰী সমূহ প্ৰয়োজন সাপেক্ষে কাৰ্য্যক্ৰম বিষয়া সমূহক বিতৰণ কৰিব। সমন্বয়কাৰী সকলে ক্ষেত্ৰীয় অধিকাৰী সকলৰ সহযোগত প্ৰাপ্ত আৰু বিতাৰিত সামগ্ৰী সমূহৰ কাৰণে এখন ষ্টক ৰেজিষ্টাৰ চম্ভালি ৰাখিব। ৰছিদ আৰু বিতৰণ বিধিগত ভাৱে প্ৰমাণীকৃত কৰা দৰকাৰ।

    ক. সদস্য ৰেজিষ্টাৰ : বিশ্ববিদ্যালয় ক্লাব সমূহ আৰু কলেজ আৰু পলিটেকনিক কাৰ্য্যক্ৰম বিষয়াৰ কাৰণে সমন্বয় কাৰী।

    খ. ক্লাবৰ কাৰ্য্যৱলী ৰেজিষ্টাৰ : আৰ আৰ চি সদস্যসকলৰ সহযোগিতা সহ সমন্বয়কাৰী আৰু কাৰ্য্যক্ৰম বিষয়া সকল।

    Downloads
    ৰেড ৰিবন ক্লাব ( আৰ আৰ চি)
    TitleSizeDetail
    এনেক্স ৪ ৰেড ৰিবন ক্লাব আৰু ৱাই এফ আই চি96.47 KBswf-image