মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

কাৰাগাৰ এইচ আই ভি হস্তক্ষেপ পৰিযোজনা, অসম

  • পটভূমি:

    চি ডি চি- পুঁজিকৃত প্ৰজেক্ট চানৰাইজৰ অধীনত, এফ এইচ আই ৩৬০ ৰ লক্ষ্য লৈছে এইচ আই ভি/এইডচ্ৰ প্ৰক্ৰিয়াক দ্ৰুত কৰিবলৈ প্ৰতিষ্ঠানিক আৰু মানৱীয় ক্ষমতা প্ৰসাৰ কৰা আৰু আঠখন উত্তৰ পূৰ্বাঞ্চল ৰাজ্যৰ ব্যক্তি যি সকলে ড্ৰাগছ ইনজেক্ট কৰে তেওঁলোকৰ কাৰণে প্ৰথমিক ভাৱে সেৱা সমূহৰ ব্যাপক পেকেজৰ গুণগত মানদণ্ড বৰ্ধিত আৰু শক্তিশালী কৰা, উত্তৰ পূব কৌশল নীতিৰ আধাৰত, অসম ৰাজ্যিক এইডচ্ নিয়ন্ত্ৰণ সমিতিয়ে ( এ এছ এ চি এছ)ৰাষ্ট্ৰীয় এইডচ্ নিয়ন্ত্ৰণ সংগঠন (নাক`) আৰু এফ এইচ আই ৩৬০ ৰ পৰামৰ্শৰ কাৰণে এক ৰাজ্যিক পৰ্য্যায়ৰ ৰূপায়ন আঁচনি বিকশীত কৰিছে য`ত অসমৰ নিৰ্বাচিত কাৰাগৰ হস্তক্ষেপৰ সমৰ্থত অন্তৰ্ভূক্ত হৈ আছে।

    অসমত ছয় খন কেন্দ্ৰীয় কাৰাগাৰ আছে, যাৰ ভিতৰত কামৰূপ কেন্দ্ৰীয় কাৰাগাৰক কাৰাগাৰৰ হস্তক্ষেপ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে নিৰ্বাচিত কৰা হৈছে। কামৰূপ কেন্দ্ৰীয় কাৰাগাৰত ১,০০০ জন কয়েদী ৰাখিব পৰা ক্ষমতা আছে যদিও ই ১,০২৮ জন কয়েদী যাৰ ভিতৰত ৯৯৪ জন পুৰুষ আৰু ৩৪ গৰাকী মহিলা কয়েদী সহ সম্পূৰ্ণ ক্ষমতাতকৈও অধিক ভাৱে কাৰ্য্য পৰিচালন কৰে। প্ৰায় ৭৫ শতাংশ কয়েদী বিচাৰৰ অধীনত আছে আৰু তেওঁলোকৰ কাৰাগাৰত থকাৰ গড় সময় প্ৰায় ছয় মাহ। কামৰূপ কাৰাগাৰত ৪৫ খন বিছনাযুক্ত এক চিকিৎসা সুবিধা আছে। এইচ আই ভি ৰ কাৰণে প্ৰাৰম্ভিক স্ক্ৰীনিং অসম এছ এ চি এছৰ দ্বাৰা প্ৰথম বাৰ মোবাইল ভেন আই চি টি ৰ ব্যৱহাৰ কৰিছিল, যি সময়ত ৮৩ জন কয়েদীৰ ( ১৪ গৰাকী মহিলা আৰু ৬৯ জন পুৰুষ)ৰ পৰীক্ষণ কৰা হৈছিল। কোনো ধৰণৰ এইচ আই ভি পজিটিভ বিষয়সমূহ চিনাক্ত হোৱা নাছিল। কাৰাগাৰ বাসী সকলৰ পৰামৰ্শ প্ৰদানৰ সময়ত, এইটো দেখা গৈছিল যে, তাত বিভিন্ন ধৰণৰ উচ্চ বিপদাপন্ন আচৰণৰ চৰ্চা আছে। প্ৰায় ৮২ জন পুৰুষ কাৰাবন্দী আৰু ৬ গৰাকী মহিলা কাৰাবন্দী চিনাক্ত কৰা হৈছে যাৰ ড্ৰাগ ব্যৱহাৰ কৰাৰ ইতিহাস আছে। এই তথ্যক স্বাস্থ্য সচিব, অসম আৰু নাক`ৰ লগত ভাগ কৰা হৈছে।.

    কাৰাগাৰৰ ভিতৰত ড্ৰাগছ আৰু এইচ আই ভি ক নামমাত্ৰ অগ্ৰাধিকাৰ দিয়াৰ ফলস্বৰূপে কাৰাগাৰ কৰ্তৃপক্ষৰ লগতে কাৰাগাৰবাসী সকলৰ মাজত এইচ আই ভি আৰু ড্ৰাগ জনিত সমস্যাৰ বিষয়ে সজাগতা হ্ৰাস হৈছে। এছ এ চি এছ যি ব্যতিক্ৰমৰ সৈতে পৰ্য্যায়কালীন পৰিদৰ্শন কৰে আৰু স্বাস্থ্য শিবিৰ, কাৰাবাসী সকলৰ কাৰণে পৰামৰ্শ প্ৰদান, অন্য মনো-সামাজিক ব্যৱস্থাৰ আয়োজন কৰে বা চিকিৎসা সেৱা সমূহক নূন্যতম কৰি অহিছে। প্ৰথম অপৰাধী সকলৰ যি বৰিষ্ঠ কয়েদী সকলৰ পৰা যৌন শোষণৰ কাৰণে বিপদজনক তাৰ শতাংশ অধিক। পৰ্য্যাপ্ত সুৰক্ষা অবিহনে হোৱা যৌন উৎপীড়ন বিষয়ক প্ৰতিবেদন দাখিল কৰা আছে যাৰ কাৰণে কাৰাগাৰৰ কয়েদী সকলৰ উচ্চ বিপদাপন্ন আচৰণক উন্মুক্ত কৰা হয়। ক্ষুদ্ৰ পৰিধিত ড্ৰাগছৰ ব্যৱস্থাৰ এতিয়াও কাৰাগাৰৰ ভিতৰত প্ৰচলিত আছে। প্ৰায়, ১০-১৫ শতাংশ কয়েদী গ্ৰেপ্তাৰৰ সময়ত কিবা দ্ৰব্যৰ ব্যৱহাৰ কৰা অৱস্থা বা অন্য কোনো ৰূপত পোৱা যায়। প্ৰত্যাহাৰৰ লক্ষণ সমূহক চম্ভালিবৰ কৰণে কোনো ব্যৱস্থা নাই, মাত্ৰ এ এন এম, ফাৰ্মাচিষ্ট আদিৰ দ্বাৰা প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়।

    প্ৰজেক্ট চানৰাইজৰ অধীনত, অসমৰ কেন্দ্ৰীয় কাৰাগাৰত এইচ আই ভি প্ৰতিৰোধন হস্তক্ষেপক ৰূপায়ন কৰিবৰ কাৰণে এক প্ৰতিযোগিতামূলক নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে এফ এইচ আই ৰ দ্বাৰা ইমানুৱেল হস্পিতেল এছ`চিয়েছন ( ই এইচ এ)ক নিৰ্বাচিত কৰা হৈছে। এই প্ৰকল্পটো অসম ৰাজ্যিক এইডচ্ নিয়ন্ত্ৰণ সমিতি ( এ এছ এ চি এছ) আৰু ৰাজ্যিক কাৰাগাৰ বিভাগৰ ঘনিষ্ঠ সহযোগিতাত ৰূপায়িত হ`ব। কাৰ্য্যৰ নিন্ম পৰিধিৰ কাৰণে প্ৰদৰ্শনৰ অৱধি ১৫ ডিচেম্বৰ ২০১৬ ৰ পৰা ৩১ মাৰ্চ ২০১৭ লৈ।

    কাৰ্য্য পৰিধি:

    উদ্দেশ্য ১ : অসমত এক কাৰাগাৰ এইচ আই ভি হস্তক্ষেপ স্থাপন কৰিবৰ কাৰণে এছ এ চি এছ আৰু ৰাজ্যিক কাৰাগাৰ প্ৰাধিকাৰী আৰু অন্য হিতাধাৰী সকলৰ সৈতে পৰামৰ্শ কৰা।

    কাৰ্য্যকলাপ :

    ১.১ কাৰাগাৰ বিভাগৰ পৰা এক বিভাগীয় নিৰ্দেশ (ডি ও) লাভৰ কাৰণে এছ এ চি এছ ৰ লগত সহযোগ কৰক: প্ৰস্তাৱিত কাৰাগাৰ হস্তক্ষেপৰ ওপৰত গৃহ সচিবৰ পৰা কামৰূপ কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাগাৰ অধীক্ষকক জাৰি কৰা এখন ডি ও পত্ৰ লাভ কৰিবৰ কাৰণে প্ৰজেক্ট চানৰাইজৰ ৰাজ্যিক সমন্বয়কাৰীয়ে অসমৰ কাৰণে এছ এ চি এছৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব। এবাৰ ডি ও জাৰি হ`লে, কাৰাগাৰ অধীক্ষক আৰু অন্য মূল বিষয়া সকলক এই প্ৰজেক্টটোৰ লগত পৰিচয় কৰাবলৈ কাৰাগাৰ পৰিদৰ্শন আৰম্ভণিক ই এইচ এ য়ে অধিগৃহীত কৰিব। এই পৰিদৰ্শনক ৰাজ্যিক সমন্বয়কাৰী, অসম আৰু অসম এছ এ চি এছৰ প্ৰতিনিধিসকলৰ দ্বাৰা যুটীয়াভাৱে অধিগ্ৰহণ কৰা হ`ব। এ এছ এ চি এছ, ই এইচ এ আৰু কাৰাগাৰৰ মাজত সকলো ধৰণৰ যোগাযোগৰ কাৰণে যোগাযোগ বিন্দুৰ ৰূপত কাম কৰিবৰ কাৰণে কাৰাগাৰত এজন ন`ডাল পইণ্ট ব্যক্তিক কাৰাগাৰ অধীক্ষকে মনোনীত কৰিব। এই ব্যক্তি জন সকলো কাৰাগাৰ হস্তক্ষেপ কাৰ্য্যকলাপৰ সমন্বয়ৰ কাৰণে দায়বদ্ধ হ`ব।

    ১.২ প্ৰজেক্ট চানৰাইজ ৰাজ্যিক পৰ্য্যবেক্ষণ সমিতিৰ ভিতৰত প্ৰিজন ৱৰ্কিং গ্ৰুপৰ গঠন: কাৰাগাৰত আইন প্ৰণয়ন আৰু হস্তক্ষেপৰ সংবেদনশীলকৰণক অন্তৰ্ভূক্ত কৰি প্ৰকল্প কাৰ্য্য কলাপক পৰ্য্যবেক্ষণ কৰিবলৈ প্ৰজেক্ট চানৰাইজৰ অধীনত এখন ৰাজ্যিক পৰ্য্যবেক্ষণ সমিতি সংগঠন কৰা হৈছে। সংযোজক হিছাবে অসমৰ প্ৰকল্প সঞ্চালকৰ সৈতে ইন্সপেক্টৰ জেনেৰেল (আই জি) কাৰাগাৰ, ৰাজ্যিক পৰ্য্যবেক্ষণ সমিতিৰ এজন সদস্য। ৰাজ্যিক পৰ্য্যবেক্ষণ সমিতিৰ আগত বিষয় সমূহৰ উপস্থাপনৰ কাৰণে কাৰাগাৰ হস্তক্ষেপ জনিত প্ৰগতিৰ ওপৰত তথ্য সমূহ ই এইচ এ য়ে অসম এছ এ চি এছক জনাই থাকিব। অসম এছ এ চি এছ প্ৰতিনিধিসকল, এফ এইচ আই ৩৬০ ৰাজ্যিক সমন্বয়কাৰী, কাৰাগাৰ বিষয়াসকল, ই এইচ এ প্ৰজেক্ট সমন্বয়কাৰী, অৰেল চাৰষ্টিটিউচন থেৰাপী ( ও এছ টি ) চেণ্টাৰ/জিলা চিকিৎসালয় আৰু সাম্প্ৰদায়িক বিশেজ্ঞৰ পৰা প্ৰতিনিধি সকলক সংগঠিত কৰি এখন প্ৰিজন ৱৰ্কিং গ্ৰুপ/কাৰাগাৰ এইচ আই ভি সমিতি গঠন কৰা হ`ব। কাৰাগাৰ কাৰ্য্যবাহী সমিতিৰ কাৰণে প্ৰাসংগিক চৰ্তাৱলী( টি ও আৰ) যি সমূহ অসম এছ এ চি এছৰ সৈতে কৰা পৰামৰ্শ অনুসৰি এফ এইচ আই ৩৬০ আৰু ই এইচ এ ৰ দ্বাৰা প্ৰস্তুত কৰা হ`ব। ইয়াৰ প্ৰাসংগিক চৰ্ত্তাৱলী (টি ও আৰ) অনুযায়ী নিৰ্ধাৰিত বিষয়সমূহ আলোচনা কৰিবৰ কাৰণে সমিতিৰ সদস্য সকল তিনিমাহত এবাৰকৈ মিলিত হ`ব।

    ১.৩ কৰ্মচাৰী নিযুক্তি আৰু প্ৰৱেশ প্ৰশিক্ষন: ই এইচ এ য়ে এজন পূৰ্ণ কালীন প্ৰজেক্ট সমন্বয়কাৰী নিয়োগ কৰিব যিয়ে ই এইচ এ ৰ দ্বাৰা অধিগৃহীত সকলো কাৰাগাৰ কাৰ্য্য কলাপৰ কাৰণে ন`ডাল পইণ্ট ব্যক্তি হিছাবে কাৰ্য্য কম্পাদন কৰিব। ইয়াৰ উপৰিও প্ৰকল্পত দুজন পূৰ্ণকালীন ক্ষেত্ৰ প্ৰবন্ধকক নিযুক্তি দিয়া হ`ব যিয়ে কাৰাগাৰৰ ভিতৰৰ দৈনন্দিন কাৰ্য্যকলাপ আৰু বি চি চি পৰিচালন কৰিব। ৰিপ`ৰ্টিঙৰ কাৰণে বাজেট ব্যয় নিৰীক্ষণ আৰু সমস্ত প্ৰজেক্ট ডেটা বৰ্ত্তাই ৰাখিবলৈ এজন বিত্তীয় আৰু ডেটা সহকাৰীয়ে প্ৰজেক্ট সমন্বয়কাৰীক সমৰ্থন কৰিব। গুৱাহাটী স্থিত ই এইচ এ ৰ সঞ্চালকে ২৫ শতাংশ সময় অৱদান দিব আৰু প্ৰজেক্টৰ সামগ্ৰিক প্ৰবন্ধন পৰ্য্যবেক্ষণ প্ৰদান কৰিব। স্বাস্থ্য শিবিৰৰ সময়ত যদি প্ৰয়োজন হয় নাৰ্চ/চিকিৎসকক দৈনিক ভিত্তিত দৰমহা দিয়া হ`ব। ই এইচ এ য়ে সকলো প্ৰজেক্ট কৰ্মচাৰীৰ নিযুক্তি সম্পূৰ্ণ কৰিব আৰু এফ এইচ আইৰ সৈতে চুক্তিপত্ৰত হস্তাক্ষৰ কৰাৰ প্ৰথম মাহৰ ভিতৰত তেওঁলোকৰ প্ৰৱেশ প্ৰশিক্ষণ সঞ্চালন কৰিব। কৰ্মচাৰীসকলক নাক` কাৰাগাৰ নিৰ্দেশিকাসমূহ আৰু এফ এইচ আই ৩৬০ ৰ দ্বাৰা বিকশিত মাত্ৰাত্মক আৰু গুণাত্মক আৰ্হিৰ ওপৰত প্ৰশিক্ষিত কৰা হ`ব।

    ১.৪ কাৰাগাৰ প্ৰকল্প উন্মোচন: অসম এছ এ চি এছ আৰু অন্য মুখ্য হিতাধাকাৰী সকল যেনে গৃহ বিভাগ ( কাৰাগাৰ সমূহ), সচিব গৃহ বিভাগ( কাৰাগাৰ), যুটীয়া সচিব গৃহ বিভাগ ( কাৰাগাৰ), অধ্যক্ষ সচিব গৃহ বিভাগ ( কাৰাগাৰ) ডিৰেক্টৰ জেনেৰেল প্ৰিজনচ্ আৰু অতিৰিক্ত মহা পৰিদৰ্শক ( কাৰাগাৰ)ৰ প্ৰতিনিধিত্বত কামৰূপ কেন্দ্ৰীয় কাৰাগাৰত এটা প্ৰকল্প উন্মোচন আয়োজন কৰা হ`ব। ই এইচ এ য়ে অসম এছ এ চি এছ আৰু ৰাজ্যিক সমন্বয়কাৰী, অসমৰ পৰা লাভ কৰা সমৰ্থনৰ সৈতে কাৰাগাৰ উন্মোচনৰ নেতৃত্ব ল`ব। কাৰাগাৰ হস্তক্ষেপত উন্মোচনৰ কাৰণে প্ৰচাৰ পত্ৰিকা সমূহ এফ এইচ আই ৩৬০ ৰ দ্বাৰা প্ৰদান কৰা হ`ব।

    ১.৫ কয়েদী সকলৰ ভালনাৰেবিলিটী আৰু বিপদৰ মূল্যাংকন: ই এইচ এ য়ে সকলো ১০৮৬ জন কাৰাবন্দীৰ কাৰণে এক ভালনাৰেবিলিটী আৰু বিপদৰ মূল্যাংকন কৰিব। এই মূল্যাংকন ই এইচ এ পূৰ্ণকালীন কৰ্মচাৰীৰ দ্বাৰা এক ইনটেক ফৰ্ম পূৰণ কৰি কৰা হ`ব যাক এফ এইচ আই ৩৬০ দ্বাৰা ই এ এইচৰ সৈতে ভাগ কৰা হ`ব। ই এইচ এ কৰ্মচাৰীবৃন্দক এফ এইচ আই ৩৬০ দ্বাৰা ইনটেক ফৰ্মৰ প্ৰবন্ধন কৰিবৰ কাৰণে প্ৰশিক্ষিত কৰা হ`ব। কাৰাগাৰ কাৰ্য্যসমিতিৰ সৈতে পৰামৰ্শ কৰি মূল্যংকন প্ৰক্ৰিয়াৰ ওপৰত বিচাৰ-বিমৰ্শ কৰা হ`ব আৰু চূড়ান্ত ৰূপ দিয়া হ`ব। এফ এইচ আই ৩৬০ ৰ সৈতে চুক্তি সাক্ষৰৰ প্ৰথম দুমাহৰ ভিতৰত মূল্যাংকন সম্পূৰ্ণ কৰা হ`ব। মূল্যাংকনৰ পৰা প্ৰাপ্ত পৰিণাম সমূহ এফ এইচ আই ৩৬০ দ্বাৰা বিশ্লেষণ কৰা হ`ব আৰু অসম এছ এ চি এছ আৰু কাৰাগাৰ কৰ্মীসকলৰ মাজত ভাগ কৰা হ`ব। এই বিচাৰ পৰিণামে ই এইচ এ ৰ কাৰণে ৰূপায়ন আঁচনিৰ প্ৰস্তুতি আৰু সু-সংযোজনৰ তথ্য দিব। ই এইচ এৰ দ্বাৰা এই মূল্যাংকন প্ৰতিবেদনৰ খচৰা প্ৰস্তুত কৰা হ`ব আৰু তৃতীয় মাহৰ শেষত এফ এইচ আই ৩৬০ ৰ লগত ভাগ কৰা হ`ব।

    ১.৬ টি আই এন জি ও ৰ সৈতে প্ৰকল্প স্থাপন বিষয়ক বৈঠকৰ আয়োজন: অসম এছ এ চি এছৰ সহযোগত ই এইচ এ য়ে কাৰাগাৰ হস্তক্ষেপ আৰু পোষ্ট-ৰিলিজ ফ`ল` আপ ষ্ট্ৰেটেজীৰ অংশ হিছাবে তেওঁলোকৰ পৰা আৱশ্যকীয় সমৰ্থনৰ আলোচনা ক্ষেত্ৰৰ বিষয়ে তেওঁলোকক অৱগত কৰিবলৈ কামৰূপত অসম এছ এ চি এছৰ দ্বাৰা সমৰ্থিত লক্ষ্য উদ্দেশ্যিত ( টি আই) এন জি ও ৰ সৈতে এখন প্ৰকল্প স্থাপন বৈঠকৰ আয়োজন কৰিব।

    উদ্দেশ্য ২ : অসম কেন্দ্ৰীয় কাৰাগাৰৰ কয়েদী সকলৰ কাৰণে স্বাস্থ্য আৰু এইচ আই ভি সেৱাৰ উপলব্ধতাক উন্নত কৰা।

    ২.১ কাৰাগাৰ বিষয়াসকলৰ সংবেদনশীলতা আৰু অভিযোজন: এইচ আই ভি/এইডচ্ৰ চিকিৎসা আৰু প্ৰতিৰোধন, ক্ষতিৰ পৰিমাণ হ্ৰাস, ও এছ টি, যৌন সংক্ৰামিত সংক্ৰমণ( এছ টি আই) মাত্ৰাধিক খোৰাক পৰিচালন আৰু প্ৰতিৰোধনৰ ওপৰত অসম এছ এ চি এছ আৰু প্ৰজেক্ট চানৰাইজৰ সমৰ্থন সহ কাৰাগাৰ বিষয়া সকলৰ সৈতে ই এইচ এ য়ে অভিযোজন সন্মিলন আয়োজন কৰিব। এই সন্মিলন সমূহে এইটো সুনিশ্চিত কৰিব যে কাৰাগাৰ ক্ষেত্ৰৰ প্ৰমূখ কৰ্মী সকলে এই কাৰ্য্যক্ৰমৰ প্ৰতি সংবেদনশীল আৰু সহায়ক হ`ব। এই সন্মিলনে কাৰ্য্য-ক্ৰমৰ উদ্দেশ্য সমূহ দীৰ্ঘ কাললৈ অব্যাহত ৰখাটো সহায় কৰিব। মুঠ ৯৪ জন বিষয়া কৰ্মচাৰী-৮৬ জন পুৰুষ আৰু ৯ গৰাকী মহিলা (তলৰ তালিকাত হাই লাইট কৰা ধৰণে)ক এইচ আই ভি, ড্ৰাগ ব্যৱহৃত আচৰণ, ক্ষতিৰ পৰিমাণ হ্ৰাস কৰা আৰু সম্বন্ধিত বিষয়ৰ ওপৰত সংবেদনশীল কৰা হ`ব যাতে আৰু অধিক গুৰুত্বভাৱে তেওঁলোকে কাৰাগাৰৰ সন্দৰ্ভত ড্ৰাগ ব্যৱহাৰৰ বিষয়ক সম্বোধিত কৰাত ভূমিকা গ্ৰহণ কৰিব পাৰে।

    কাৰাগাৰৰ কৰ্মচাৰী বৃন্দৰ শ্ৰেণীপুৰুষমহিলা
    অধীক্ষকনাই
    কাৰাধ্যক্ষনাই
    সহকাৰী কাৰাধ্যক্ষ
    মুখ্য ৱাৰ্ডেন
    প্ৰধান ৱাৰ্ডেন
    প্ৰহৰী৫৬
    এল ডি সহকাৰী
    চিকিৎসক
    ফাৰ্মাচিষ্ট
    নাৰ্চ-
    লেব-টেকনিচিয়াল
    ৰিডিঅ`গ্ৰাফাৰ
    শিক্ষক-
    যোগ নিৰ্দেশক
    শাৰীৰিক প্ৰশিক্ষণ নিৰ্দেশক
    শিল্প পৰ্য্যবেক্ষক
    শিল্প পৰিদৰ্শক
    শিল্প সহায়কাৰী
    চালক
    মুঠ৮৬

    ২.২ সমনীয়া স্বেচ্ছাসেৱক আৰু সমনীয়া পৰামৰ্শ দাতা ( সমনীয়া নেতা) সকলৰ চিনাক্তকৰণ : কাৰাগাৰ বিষয়া কৰ্মচাৰী সকলৰ সৈতে ই এইচ এ য়ে ১:১২৫ অনুপাতে সমনীয়া স্বেচ্ছাসেৱক সকলক আৰু কাৰাবন্দী সকলৰ মাজৰ পৰা ১:২৫ অনুপাতে সমনীয়া পৰামৰ্শদাতা সকলক চিনাক্ত কৰিব। প্ৰায় ৪৩ গৰাকী সমনীয়া স্বেচ্ছাসেৱক ১০ গৰাকী সমনীয়া পৰামৰ্শদাতাক চিনাক্ত কৰা হ`ব। এই সমনীয়া স্বেচ্ছাসেৱক আৰু পৰামৰ্শদাতা সকলক ই এইচ এ ৰ দ্বাৰা এইচ আই ভি/এইডচ্ ৰ ওপৰত প্ৰশিক্ষণ দিয়া হ`ব আৰু তেওঁলোকৰ সমনীয়া সকলক এইচ আই ভি সংক্ৰমণ, ড্ৰাগছ ব্যৱহাৰ আৰু এইচ আই ভি ৰ ওপৰত জ্ঞান, ড্ৰাগছ সম্পৰ্কীয় কাহিনীৰ সম্বোধন, এইচ আই ভি আৰু এছ টি আই সমূহ আৰু কাৰাগাৰত উপলব্ধ সেৱা সমূহৰ নিচিনা সমস্যা সমূহৰ ওপৰত বাৰ্তা প্ৰেৰণৰ কাৰণে দায়িত্ব অৰ্পণ কৰা হ`ব। সমনীয়া স্বেচ্ছাসেৱক সকলৰ দ্বাৰা আয়োজিত হ`ব লগীয়া সন্মিলনক অন্তৰ্ভূক্ত কৰি কাৰাগাৰত সময়মতে কাৰ্য্যকৰী হোৱা অন্য কাৰাগাৰ কাৰ্য্যকলাপ সমূহত সমনীয়া পৰামৰ্শদাতা সকলে সহায় কৰিব। সমনীয়া পৰামৰ্শদাতা আৰু সমনীয়া স্বেচ্ছাসেৱক সকলক প্ৰজেক্ট কাৰ্য্যকলাপৰ প্ৰতি তেওঁলোকৰ যোগদানৰ কাৰণে প্ৰতিপূৰ্ত্তি কৰা হ`ব।

    ২.৩ নৱ বিকশিত আই ই চি/বি চি চি সামগ্ৰীৰ অনুবাদ: এফ এইচ আই ৩৬০ এ কাৰাগাৰৰ বিশেষ আই পি চি আৰু বি চি চি সামগ্ৰীসমূহ যেনে পোষ্টাৰ, প্ৰচাৰ-পত্ৰিকা, পুস্তিকা আৰু অ`ডিঅ`-ভিজুৱেলচ আদিৰ অভিযোজন/উন্নয়নৰ সুবিধা প্ৰদান কৰিব। তাৰোপৰি এই সমুহক স্থানীয় ভাষাত ৰাজ্যিক পৰ্য্যায়ত ই এইচ এ ৰ দ্বাৰা পুনৰ প্ৰস্তুত কৰা হ`ব। ই এইচ এ য়ে অন্য প্ৰজেক্ট ( যেনে পঞ্জাৱৰ নিচিনা)ত তেওঁলোকৰ দ্বাৰা ব্যৱহৃত বি চি চি সামগ্ৰীক সংকলন কৰিব আৰু এফ এইচ আই ৩৬০ ৰ সৈতে ভগাই ল`ব।

    ২.৪ সমনীয়া স্বেচ্ছাসেৱক আৰু সমনীয়া পৰামৰ্শদাতা সকলৰ প্ৰশিক্ষণ : এবাৰ বি চি চি আৰু আই পি চি সামগ্ৰীসমূহ এফ এইচ আই ৩৬০ ৰ দ্বাৰা বিকশিত হয় আৰু সমনীয়া স্বেচ্ছাসেৱক আৰু সমনীয়া পৰামৰ্শদাতা সকলক ই এইচ এ ৰ দ্বাৰা নিযুক্তি দিয়া হয় তেওঁলোকক কাৰাবন্দী সকলৰ লগত একৰ পৰা এক আৰু একৰ পৰা গোট সমূহক বি চি চি সন্মিলন পৰিচালনৰ ওপৰত প্ৰশিক্ষিত কৰা হ`ব। এই সন্মিলনে এইচ আই ভি/এইডচ্-চিকিৎসা আৰু প্ৰতিৰোধন, ক্ষতিৰ পৰিমাণ হ্ৰাস, ও এছ টি, মহিলা ইনজেক্টিং ড্ৰাগছ ব্যৱহাৰকাৰী সকল (এফ আই ডি ইউ)ৰ কাৰণে প্ৰজননাত্মক আৰু শিশু স্বাস্থ্যক অন্তৰ্ভূক্ত কৰি এছ টি আই ৰ নিচিনা বিষয় সমূহৰ এক পৰিসৰ সামৰি ল`ব।

    উদ্দেশ্য ৩ : ইতিবাচক আচৰণ পৰিৱৰ্তনক বৰ্ত্তাই ৰাখিবলৈ কাৰাবন্দী সকলৰ মুক্তিৰ পিছত সামাজিক পুনৰ্গঠন নিশ্চিত কৰাৰ কাৰণে আৰু বিভিন্ন সেৱা সমূহত তেওঁলোকক সংযোজিত কৰিবৰ কাৰণে এক প্ৰতিষ্ঠানিক তন্ত্ৰ স্থাপনৰ সুবিধা প্ৰদান।

    ৩.১ ৰেফাৰেল আৰু লিংকেজৰ কাৰণে সংসাধন নিৰ্দেশিকাৰ উন্নয়ন: মুক্তিৰ পিছৰ সমৰ্থনৰ কাৰণে, এ আৰ টি, আই চি টি চি আৰু ও এছ টি কেন্দ্ৰ সমূহ, এছ টি আই ক্লিনিক, টি আই প্ৰজেক্ট, সামাজিক সুৰক্ষা আঁচনি আৰু অন্য সহিতে অসম ৰাজ্যত উপলব্ধ বিভিন্ন সেৱা সমূহেৰে সম্বন্ধিত সূচনাৰে সমৃদ্ধ ৰেফাৰেল আৰু লিংকেজৰ কাৰণে ব্যৱহাৰিক অনুকলন সংসাধন নিৰ্দেশিকা কাৰাগাৰ হস্তক্ষেপ দলে ৰূপাঙ্কন আৰু সংকলন কৰিব। খচৰা সংসাধন নিৰ্দেশিকাক তেওঁলোকৰ ইনপুটৰ কাৰণে এ এছ এ চি এছ আৰু এফ এইচ আই ৩৬০ ৰ সৈতে ভগাই লোৱা হ`ব।