মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

আমাৰ ইতিহাস

  • ৰাষ্ট্ৰীয় এইড্চ নিয়ন্ত্ৰণ কাৰ্য্যসূচী (এন এ চি পি)ৰ প্ৰথম পৰ্য্যায়ত ৰূপায়ণ কৰিবৰ কাৰণে ৰাষ্ট্ৰীয় এইড্চ নিয়ন্ত্ৰণ সংগঠন (এন এ চি ও) ৰ অধীনত সঞ্চালক, স্বাস্থ্য সেৱা, অসমৰ কাৰ্য্যালয়ত ১৯৯২ চনত প্ৰতিষ্ঠিত ৰাজ্যিক এইড্চ কোষ হিছাবে অসমত এইড্চ নিয়ন্ত্ৰণ কাৰ্য্যসূচী আৰম্ভ কৰা হৈছিল। কাৰ্য্যক্ৰম সমূহ চলাবৰ কাৰণে স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ পদত এজন ৰাজ্যিক এইড্চ কাৰ্য্যক্ৰম বিষয়াক নিযুক্ত কৰা হৈছিল আৰু নিৰ্দেশাৱলী অনুযায়ী আন বিষয়া সকল আৰু কৰ্মচাৰী সকলক নিযুক্ত কৰা হৈছিল। অসমত এইড্চ নিয়ন্ত্ৰণ কাৰ্য্যক্ৰম ৰূপায়ণ কৰিবৰ কাৰণে অসমৰ ৰাজ্যিক এইড্চ কোষে ৰাষ্ট্ৰীয় এইড্চ প্ৰতিৰোধ নীতি, ভাৰত চৰকাৰক অনুসৰণ কৰে।১৯৯৭ চনত ৰাষ্ট্ৰীয় এইড্চ নিয়ন্ত্ৰণ কাৰ্য্যক্ৰমৰ প্ৰথম অৱস্থাৰ সমাপ্তিৰ সময় আহি পৰিছিল আৰু ইয়াক ১৯৯৮ চনলৈ বঢ়াই দিয়া হৈছিল।

    ইতিমধ্যে, ১৯৯৮ চনৰ অক্টোবৰ মাহত সমাজ পঞ্জীয়ন আইন ১৮৬০ ৰ অধীনত অসম ৰাজ্যিক এইড্চ নিয়ন্ত্ৰণ সমাজ গঠন আৰু পঞ্জীয়ন কৰা হৈছিল য`ত মন্ত্ৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম চৰকাৰজন শাসকীয় বৰ্গৰ অধ্যক্ষ আৰু জ্যেষ্ঠতম সচিব, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ জন কাৰ্য্যকৰী পৰিষদৰ অধ্যক্ষ আছিল।

    এন এ চি পি ৰ দ্বিতীয় পৰ্য্যায়ৰ কাৰ্য্যসূচী আৰম্ভ কৰা হৈছিল ১৯৯৯ চনৰ জানুৱাৰী মাহৰ পৰা পাঁচ বছৰৰ কাৰণে যেনে ২০০৪ চনলৈ আৰু এই কাৰ্য্যসূচী ২০০৭ চনৰ মাৰ্চ মাহলৈকে বঢ়াই দিয়া হৈছিল আৰু এন এ চি পি ২ৰ উদ্দেশ্য আৰু নিৰ্দেশাৱলী অনুযায়ী এ এছ এ চি এছে এইড্চ নিয়ন্ত্ৰণ কাৰ্য্যক্ৰম ৰূপায়িত কৰিছিল। পিছত ৰাষ্ট্ৰীয় এইড্চ নিয়ন্ত্ৰণ কাৰ্য্যক্ৰমৰ তৃতীয় পৰ্য্যায়ৰ কাৰ্য্যসূচী আৰম্ভ হৈছিল ২০০৭ চনৰ পৰা ২০১২ চনলৈ আৰু ২০১২ চনৰ পৰা ৰাষ্ট্ৰীয় এইড্চ নিয়ন্ত্ৰণ কাৰ্য্যক্ৰমৰ চতুৰ্থ পৰ্য্যায়ৰ কাৰ্য্যসূচী ২০১৭ চনলৈকে ৰাজ্যত ৰূপায়িত কৰা হৈছিল।