মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

প্ৰজেক্ট চানৰাইজ

  • পটভূমি:

    চি ডি চি- পুঁজিকৃত প্ৰজেক্ট চানৰাইজৰ অধীনত, এফ এইচ আই ৩৬০ ৰ লক্ষ্য লৈছে এইচ আই ভি/এইডচ্ৰ প্ৰক্ৰিয়াক দ্ৰুত কৰিবলৈ প্ৰতিষ্ঠানিক আৰু মানৱীয় ক্ষমতা প্ৰসাৰ কৰা আৰু আঠখন উত্তৰ পূৰ্বাঞ্চল ৰাজ্যৰ ব্যক্তি যি সকলে ড্ৰাগছ ইনজেক্ট কৰে তেওঁলোকৰ কাৰণে প্ৰথমিক ভাৱে সেৱা সমূহৰ ব্যাপক পেকেজৰ গুণগত মানদণ্ড বৰ্ধিত আৰু শক্তিশালী কৰা, উত্তৰ পূব কৌশল নীতিৰ আধাৰত, অসম ৰাজ্যিক এইডচ্ নিয়ন্ত্ৰণ সমিতিয়ে ( এ এছ এ চি এছ)ৰাষ্ট্ৰীয় এইডচ্ নিয়ন্ত্ৰণ সংগঠন (নাক`) আৰু এফ এইচ আই ৩৬০ ৰ পৰামৰ্শৰ কাৰণে এক ৰাজ্যিক পৰ্য্যায়ৰ ৰূপায়ন আঁচনি বিকশিত কৰিছে য`ত প্ৰজেক্ট চানৰাইজৰ অধীনত, বিভিন্ন ধৰণৰ কাৰ্য্যক্ৰম সমূহ অৰ্জন কৰিব পাৰি।

    লক্ষ্য: ভাৰতৰ উত্তৰ পূব ক্ষেত্ৰৰ ড্ৰাগছ ইনজেক্ট কৰা ব্যক্তিসকলৰ কাৰণে সেৱাসমূহৰ ব্যাপক পেকেজৰ গুণগত মানদণ্ড উন্নিত আৰু বৰ্ধন কৰিবলৈ প্ৰতিষ্ঠানিক আৰু মানৱীয় ক্ষমতা সৃষ্টি কৰা।

    কৌশল নীতি সমূহ :

    • কাৰ্য্যাত্মক অন্তৰাল আৰু বাধাসমূহৰ মূল্যাংকন কৰা।
    • ৰাজ্যিক পৰ্য্যায়ৰ প্ৰতিষ্ঠান সমূহৰ ক্ষমতা বৃদ্ধি কৰা।
    • ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিব পৰা কৰ্মশক্তিৰ প্ৰশিক্ষণৰ জৰিয়তে সেৱাসমূহৰ পি ডব্লিউ আই ডি পেকেজৰ গুণগত মান উন্নয়ন কৰা।
    • নিম্ন পৰ্য্যায়ৰ সেৱা কৌশল ৰূপায়ন।
    • প্ৰামাণিক সময় পৰ্য্যবেক্ষণ পদ্ধতি প্ৰতিষ্ঠা কৰা।
    • কাৰাগাৰ ব্যৱস্থাত এইচ আই ভি হস্তক্ষেপ ৰূপায়ন কৰা।
    • মহিলা পি ডব্লিউ আই ডি আৰু পি ডব্লিউ আই ডি ৰ জীৱনসংগীৰ কভাৰেজ উন্নয়ন কৰা।
    • এটা বাস্তৱায়ন বিজ্ঞান কাৰ্য্যক্ৰমণিকা প্ৰতিষ্ঠা কৰা।
    • মাথাড`ন কাৰ্য্যক্ৰম বৃদ্ধি কৰা।
    • অন্য স্বাস্থ্য আৰু সামাজিক কল্যণ প্ৰতিষ্ঠান সমূহৰ সৈতে যোগাযোগ শক্তিশালী কৰা।
    • সাম্প্ৰতিক পৰ্য্যবেক্ষণ আৰু মূল্যায়ণ (এম এণ্ড ই) পদ্ধতি বৃদ্ধি কৰা।

    প্ৰজেক্ট চানৰাইজৰ মূল্য সংযোজন :

    চি ডি চি ৰ দ্বাৰা পাঁচ বছৰৰ কাৰণে অৰ্থাৎ ২০১৫ ৰ পৰা ২০২০ লৈ প্ৰজেক্ট চানৰাইজৰ কাৰণে অৰ্থায়ন প্ৰতিশ্ৰুতি, যি সময়কালত, তলত উল্লেখিত সমূহৰ মাধ্যমত, এফ পি ডব্লিউ আই ডি আৰু পি ডব্লিউ আই ডি ৰ জীৱন সংগী সকলক অন্তৰ্ভূক্ত কৰি পি ডব্লিউ আই ডি জনসংখ্যা সমূহৰ কাৰণে এইচ আই ভি আৰু এইডচ্ সেৱাসমূহৰ গুণগত মাত্ৰাৰ সংগঠন আৰু বিতৰণ দ্ৰুত কৰিবৰ কাৰণে চি ডি চি আৰু এফ এইচ আই ৩৬০ এ নাক`ক সমৰ্থন কৰিব।:

    • কাৰ্য্যক্ৰম হস্থক্ষেপক শ্ৰেষ্ঠতৰ ৰূপত অৱগত কৰিবলৈ গ্ৰেনুলাৰ চাইট পৰ্য্যায়ৰ তথ্য ব্যৱহাৰৰ ওপৰত অধিক জোৰ দিয়া।
    • এন/এছ বিতৰণ আৰু ব্যৱহাৰৰ ওপৰত নিম্ন পৰ্য্যায়ৰ হস্তক্ষেপ।
    • ও এছ টিৰ ওপৰত নিম্ন পৰ্য্যায়ৰ হস্তক্ষেপ ( ঘৰুৱা খোৰাক সেৱন, কাৰ্য্য স্থানান্তৰিত কৰা আৰু পৰিবৰ্তিত সময়)
    • সময়মতে পয্যালোচনা আৰু ব্যৱধান পূৰণক সক্ষম কৰিবলৈ চাইট, জিলা, ৰাজ্য আৰু ৰাৰ্ষ্ট্ৰীয় পৰ্য্যায়ত নিকট প্ৰামাণিক সময়ত তথ্য প্ৰৱাহ স্বয়ংক্ৰিয় কৰাৰ কাৰণে এক প্ৰামাণিক-সময় তথ্য ধৰি ৰখা আৰু কাৰ্য্যক্ৰম পৰ্য্যবেক্ষণ চফ্টৱেৰ সমিধান প্ৰতিষ্ঠা কৰা।
    • পি ডব্লিউ আই ডি জনসংখ্যাৰ মাজত এইচ আই ভি পৰীক্ষা বৃদ্ধি কৰিবলৈ সম্প্ৰদায় ভিত্তিক এইচ আই ভি পৰীক্ষণ পন্থাক সমৰ্থন কৰা।
    • পি ডব্লিউ আই ডি জনসংখ্যাৰ কাৰণে পৰীক্ষাৰ ভূমিকা আৰু চিকিৎসা পদ্ধতিক সমৰ্থন কৰা আৰু ৯০:৯০:৯০ পদ্ধতিক প্ৰদৰ্শন কৰা।
    • সেৱাসমূহ উপলব্ধ কৰাৰ সুবিধাৰ কাৰণে বিশ্বাস ভিত্তিক আৰু সম্প্ৰদায় ভিত্তিক সংগঠন সমূহৰ সৈতে সহযোগিতাৰ জৰিয়তে সম্প্ৰদায় প্ৰৱিষ্টতাক শক্তিশালী কৰা।
    • বৈধ আৰু আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ সৈতে সহযোগিতা কৰি ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিব পৰা সেৱাসমূহ উপলব্ধ কৰি পি ডব্লিউ আই ডি সকলক সক্ষম কৰিবলৈ এটা সহায়াত্মক বাতাবৰণ সৃষ্টি কৰা।
    • নিম্ন পৰ্য্যায়ত হস্তক্ষেপ ( ঘৰুৱা খোৰাক সেৱন, কাৰ্য্য স্থানান্তৰিত কৰা), প্ৰামাণিক সময় পৰ্য্যাবেক্ষণ, টেষ্ট এণ্ড ট্ৰিট মডেল সমূহক ৰূপায়ন কৰাত নিৰ্দেশিকা আৰু উপকৰণ সমূহৰ বিকাশ কৰা।
    • কে পি ৰ কাৰণে কাৰ্য্যক্ৰম তথ্য বিশ্লেষাত্মক সমৰ্থন কৰা; আৰু প্ৰ`গ্ৰেমিঙত ডেটা ব্যৱহাৰত নাক`, এছ এ চি এছ, টি আই এন জি ও আৰু অন্য হিতাধিকাৰী সকলৰ ক্ষমতা নিৰ্মাণ কৰা।

    দেশত উচ্চ বোজা সম্পন্ন অৱস্থানত প্ৰতিক্ৰিয়াসমূহ বৃদ্ধি কৰিবৰ কাৰণে এছ এ চি এছ আৰু নাক` সহিতে ক্ষতিৰ পৰিমাণ কম কৰিব পৰা শক্তিৰ ক্ষমতা বঢ়াবৰ কাৰণে প্ৰশিক্ষণ মড্যুলচ্ আৰু আচৰণ প্ৰশিক্ষণৰ বিকাশ কৰা।

    অসমত গ্ৰহণ কৰা বিভিন্ন কাৰ্য্যক্ৰমৰ সংক্ষিপ্ত বিৱৰণ তলত উল্লেখ কৰা হ`ল:

    ১. নিম্ন পৰ্য্যায়ৰ পদক্ষেপ যেনে বেজী আৰু চিৰিঞ্জ ( এছ ডি এন এছ)ৰ মাধ্যমিক বিতৰণ:
    পাইলট ভিত্তিত এন টি ও আৰু এটা চৰকাৰী চেট-আপত অসমত মাৰ্চ ২০১৭ লৈকে ৩ টা এছ ডি এন এচ আউটলেটে কাম কৰি আছে আৰু চৰকাৰী চিকিৎসালয়ত এই প্ৰক্ৰিয়াক এই ধৰণে প্ৰবৰ্তন কৰিবলৈ পদক্ষেপ লোৱা হৈছে। কামৰূপ জিলাত এছ ডি এন এছ ১৭ আগষ্টৰ ভিতৰত আৰম্ভ কৰা হ`ব।

    ২. ড্ৰাগছৰ ব্যৱহাৰ আৰু এইচ আই ভি সন্দৰ্ভত আইন প্ৰৱৰ্তন, স্বাস্থ্য আৰু এন জি ও/চি বি ও ৰ মাজত অংশীদাৰীত্বক শক্তিশালী কৰা:
    i) ২০১৭ চনৰ জানুৱাৰী মাহত কাৰাগাৰ হস্তক্ষেপ আঁচনি প্ৰৱৰ্তনৰ সময়ত কাৰাগাত এইচ আই ভি আৰু আইন প্ৰৱৰ্তনৰ ওপৰত পদক্ষেপ গ্ৰহণ কৰি অহা ৰাজ্যিক পৰ্য্যায়ৰ কাৰ্য্যবাহী সমিতি গঠন।
    ii) আইন প্ৰৱৰ্তন সংস্থাৰ সৈতে প্ৰজেক্ট চানৰাইজে অসমত ক্ষতিৰ পৰিমাণ হ্ৰাস আৰু এইচ আই ভি /এইডচ্ ৰ ওপৰত এক ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শ অনুষ্ঠান আয়োজিত কৰিছিল য`ত অসম আৰক্ষী, সশস্ত্ৰ সীমা বল( এছ এচ বি), কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বল ( চি আৰ পি এফ) ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী( ই টি বি পি) আৰু কাৰাগাৰ সমূহৰ প্ৰতিনিধিত্বত প্ৰায় ৭০ সংখ্যক অংশগ্ৰহণকাৰী উপস্থিত আছিল আৰু ই ১৯ ডিচেম্বৰ, ২০১৬ ত অসম আৰক্ষী সদৰ কাৰ্য্যালয়ত অনুষ্ঠিত হৈছিল।

    মহত্বপূৰ্ণ শিক্ষণৰ অগ্ৰবৰ্তী আৰু সংক্ষিপ্তকৰণ শৈলী:

    • ই এইচ এ প্ৰতিনিধি ড. ৰেবেকা চিনেটৰ অনুৰোধ মৰ্মে শ্ৰী মণি বৰুৱা ডি আই জি প্ৰিজন, কাৰাগাৰ কাৰ্য্যক্ৰমৰ কাৰণে ৪ জন কৰ্মচাৰী বৃন্দৰ কাৰণে স্থান প্ৰদান কৰিবলৈ সন্মত হৈছিল।
    • প্ৰাথমিক প্ৰশিক্ষণত এইচ আই ভি আৰু ক্ষতিৰ পৰিমাণ হ্ৰাস সেৱাসমূহত আইন প্ৰৱৰ্তন বিষয়াসকলৰ কাৰণে টি ও টি।
    • বিদ্যমান প্ৰশিক্ষণ আৰু এক্সপ`জাৰ ভিজিট (অৰ্ধ দিন) এইচ আই ভি আৰু অন্য সম্বন্ধিত সমস্যা সমূহ যেনে মাদক দ্ৰব্য, ড্ৰাগছ ইত্যাদিৰ জৰিয়তে বুনিয়াদী প্ৰশিক্ষণ।
    • প্ৰমুখ প্ৰভাৱিত আবাদীসকলৰ মাজত লক্ষ্য নিৰ্ধাৰিত এইচ আই ভি প্ৰতিৰোধন, যত্ন আৰু সমৰ্থনৰ কাৰণে সক্ষম বাতাবৰণ সৃষ্টিৰ কাৰণে এইচ আই ভি আৰু ক্ষতিৰ পৰিমাণ হ্ৰাস কৰাৰ ওপৰত আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ বৰিষ্ঠ অধিকাৰী সকলক প্ৰোৎসাহিত কৰা।
    • আৰক্ষীৰ পৰা ন`ডাল অফিচাৰ হিছাবে ৰাজ্যিক পৰ্য্যায়ত এ ডি জি, আৰক্ষী আৰু জিলা পৰ্য্যায়ত এছ পি।
    • এল ই এ সমূহৰ লগত এটা অংশীদাৰীত্বৰ আনুষ্ঠানিকীকৰণৰ কাৰণে এটা মেকানিজিম উন্নয়ন কৰা ( এখন এম ও ইউৰ খচৰা প্ৰস্তুত)।
    • ড্ৰাগছ ব্যৱহাৰ আৰু এইচ আই ভিৰ সন্দৰ্ভত আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ কাৰ্য্যকলাপক শক্তিশালী কৰাৰ ওপৰত চৰকাৰক অন্তৰ্ভূক্ত কৰি পৰ্য্যবেক্ষণ, পৰ্য্যালোচনা আৰু মূখ্য হিতাধিকাৰী সকলক পৰামৰ্শ প্ৰদান কৰিবলৈ ৰাজ্যিক পৰ্য্যায়ত আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ সৈতে এটা যুটীয়া কাৰ্য্যবাহী গোট গঠন কৰা (বিশেষকৈ সিদ্ধান্ত গ্ৰহণকাৰী কৰ্তৃপক্ষৰ লগত)।
    • ড্ৰাগছ ব্যৱহাৰকাৰী সকলৰ কাৰণে পলিচি পৰ্য্যায়ৰ সিদ্ধান্তৰ সমস্যা সমাধানৰ কাৰণে এক তন্ত্ৰ ।য`ত এটা পদ ( এজন আৰক্ষী বিষয়া)ক প্ৰাৰম্ভিক পৰামৰ্শদাতাৰ ৰূপত চিনাক্ত কৰা হৈছিল।
    • অসমৰ আদৰ্শ আৰক্ষী থানা হিছাবে গুৱাহাটী আৰক্ষী থানা।
    • ছাত্ৰ সমাজ উঃ স্বঃ এম এছ ডব্লিউ, সমাজ বিজ্ঞান, মেডিকেল শিক্ষাৰ্থী, মনোবিজ্ঞান, (টি আই এছ এছ) ইত্যাদিৰ সমৰ্থন।

    ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শ সভাৰ স্থিৰচিত্ৰ:


    ৩. প্ৰজেক্ট চানৰাইজৰ অধীনত ক্ষমতা নিৰ্মাণ:

    i) অক্টোবৰ আৰু নবেম্বৰ মাহৰ ১৬ তাৰিখে অসমৰ টি আই এন জি ও ৰ পৰ্য্যবেক্ষণ আৰু মূল্যাংকন (এম এণ্ড ই) কৰ্মচাৰীবৃন্দৰ কাৰণে পৰ্য্যবেক্ষণ আৰু মূল্যাংকন, তথ্য বিশ্লেষণ আৰু কাৰ্য্যক্ৰমৰ কাৰণে তথ্যৰ ব্যৱহাৰৰ ওপৰত প্ৰশিক্ষণৰ আয়োজন কৰা হৈছিল। অংশগ্ৰহণকাৰীৰ মুঠ সংখ্যা আছিল ৫১ জন যাৰ ভিতৰত ৪ গৰাকী মহিলা আৰু ৪৭ জন পুৰুষ, উ: স্ব:।

    ii) আই চি টি চি পৰামৰ্শদাতাসকলৰ কাৰণে নতুন অই চি টি চি নিৰ্দেশিকা আৰু চি বি এইচ টি ৰ ওপৰত জিলা অই চি টি চি পৰ্য্যবেক্ষক সকলে ৩ টা বেটচ্ত ৮ ৰ পৰা ১০ নবেম্বৰ ২০১৬ লৈ গুৱাহাটীত ক্ষেত্ৰীয় টি ও টি আয়োজিত কৰিছিল য`ত মুঠ অংশগ্ৰহণকাৰীৰ সংখ্যা আছিল ১৩৬ যাৰ ভিতৰত ৬৮ গৰাকী মহিলা আৰু ৬৮ জন পুৰুষ যিয়ে নাক`( বি এছ ডি), এছ এ চি এছ আৰু এফ এইচ আই ৩৬০ ৰ সমৰ্থনত এ এছ এ চি এছ ৰ সুবিধা সমূহৰ পৰা ২৫ জন পৰামৰ্শদাতাৰ উপস্থিতিক অন্তৰ্ভূক্ত কৰে।

    iii) মে মাহৰ ১৭- জুন মাহৰ ১৭ ত অসম এছ এ চি এছৰ অধীনত টি আই অংশীদাৰী সকলৰ কাৰণে কাৰ্য্যক্ৰম প্ৰবন্ধন আৰু পৰামৰ্শ মড্যুলৰ ওপৰত প্ৰশিক্ষণ সম্পূৰ্ণ কৰা হৈছিল।

    iv) এ এছ এ চি এছৰ অধীনত টি আই কৰ্মচাৰীবৃন্দৰ তৃণমূল পৰ্য্যায়ৰ প্ৰশিক্ষণ প্ৰদানৰ কাৰণে কৰা পৰিকল্পনা আগষ্ট ১৭ ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ লক্ষ নিৰ্ধাৰিত কৰা হৈছে।

    ৪. অগ্ৰাধিকাৰী জিলা সমূহত জিলা পৰ্য্যায়ৰ এইচ আই ভি/এইডচ্ পৰ্য্যবেক্ষণ গোট গঠনৰ কাৰণে পদক্ষেপ লোৱা হৈছে।

    ৫. অসমত কাৰাগাৰ হস্তক্ষেপ : নাক`, এছ এ চি এছ আৰু এফ এইচ আই ৩৬০ ৰ সমৰ্থনত কাৰ্য্যকৰী সংস্থা ই এইচ এ ৰ সমৰ্থন সহ কাৰাগাৰ হস্তক্ষেপ প্ৰকল্প কেন্দ্ৰীয় কাৰাগাৰ, কামৰূপত আৰম্ভ কৰা হৈছিল।

     

    ৬. টাৰ্গেটেড ইণ্টাৰভেন্চন (টি আই), এন ই টি এছ ইউ, এ এছ এ চি এছ আৰু জিলা স্বাস্থ্য প্ৰশাসনৰ নিচিনা বিভিন্ন হিতাধিকাৰী সকলৰ মাজত সমন্বয় শক্তিশালী কৰিবলৈ ১৬ জুলাই মাহত অনুষ্ঠিত এন ই পৰ্য্যালোচনা সভাৰ ফ`ল` আপ অনুযায়ী অগ্ৰাধিকাৰী জিলা সমূহ যেনে ডিমা হাছাও, কাৰ্বিআংলং, কাছাৰ আৰু কামৰূপত নিয়মিতভাৱে জিলা পৰ্য্যায়ৰ সমন্বয় ( ডি চি এম) সভা অনুষ্ঠিত কৰি অহা হৈছে।

    ৭. ৰাজ্যত এইচ আই ভি হস্তক্ষেপ কাৰ্য্যক্ৰমক বিকশিত কৰিবৰ কাৰণে প্ৰজেক্ট চানৰাইজৰ দ্বাৰা সমৰ্থিত অভিনৱত্বৰ সমগ্ৰ প্ৰগতি প্ৰত্যক্ষ কৰিবলৈ ২৩ জুন ২০১৬ ত ৰাজ্যিক পৰ্য্যবেক্ষণ সমিতিৰ স্থাপনা হৈছিল।

    ৮. অসম এছ এ চি এছৰ আই ই চি ও মেইনষ্ট্ৰিমিং ডিভিজনৰ সহায়ত অনাগত দিনত বহুতো কাৰ্য্যসূচী সম্পন্ন কৰিবলৈ পৰিকল্পনা কৰা হৈছে।