মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

ও এছ টি (অ`পিঅইড চাবষ্টিটিউচন থেৰাপী)

  • ও এছ টি চাবষ্টিটিউচন থেৰাপী- মৌলিক ধাৰণা আৰু নীতিসমূহ অ`পিঅইড ঔষধ ব্যৱহাৰকাৰী সকলক বৰ্তাই ৰাখিবৰ কাৰণে নৈদানিক অনুশীলনৰ বৰ্ণনা কৰিবৰ কাৰণে বিভিন্ন শব্দাৱলীৰ ব্যৱহাৰ কৰা হৈছে। এইসমূহৰ অন্তৰ্ভূক্ত হৈছে- অৰেল চাবষ্টিটিউচন ট্ৰিটমেণ্ট, অ`পিঅইড চাবষ্টিটিউচন ট্ৰিটমেণ্ট,অৰেল চাবষ্টিটিউচন বুপ্ৰিনৰফাইন, মেডিকেচন এচিষ্টেড ট্ৰিটমেণ্ট, বুপ্ৰিনৰফাইন মেইণ্টেনান্স ট্ৰিটমেণ্ট, মেথাড`ন মেইণ্টেনান্স ট্ৰিটমেণ্ট ইত্যাদি। এই সকলো শব্দাৱলী একেই অনুশীলন বৰ্ণনা। ৰাষ্ট্ৰীয়, এইডচ্ নিয়ন্ত্ৰণ কাৰ্য্যক্ৰমৰ অধীনত, অ`পিঅইড চাবষ্টিটিউচন থেৰাপী (ও এছ টি) শব্দটো সদ্য ব্যৱহৃত। ও এছ টি হৈছে এটা প্ৰক্ৰিয়া য`ত অ`পিঅইড নিৰ্ভৰশীল ইনজেক্টিং ড্ৰাগ ব্যৱহাৰকাৰী সকলক মনো-সামাজিক হস্তক্ষেপ সহ চিকিৎসা বিষয়ক পৰ্য্যাবেক্ষণৰ অধীনত দীৰ্ঘকালীন সময়ৰ কাৰণে দীৰ্ঘ কাৰ্য্যক্ৰম অ`পিঅইড এগ`নিষ্ট মেডিকেচন প্ৰদান কৰা হয়। ডিটক্সিফিকেচন নামৰ অ`পিঅইড নিৰ্ভৰশীলতাৰ হ্ৰস্বকালীন চিকিৎসা কেইসপ্তাহমানৰ কাৰণেহে বৰ্তি থাকে যিয়ে পুনৰুজ্জীৱনৰ উচ্চ হাৰৰ সৈতে সহযোগিত অকল তীব্ৰ অপসাৰণক জড়িত কৰে। দীৰ্ঘকালীন চিকিৎসা অ`পিঅইড নিৰ্ভৰশীলতাৰ কাৰণে এইবাবে প্ৰয়োজনীয়। ও এছ টি এক ধৰণৰ দীৰ্ঘম্যাদি চিকিৎসা বিকল্প। আই ডি ইউ সমূহৰ জীৱন অবৈধ অ`পিঅইড ব্যৱহাৰৰ চিৰিওকাষে ঘূৰি থাকে। তেওঁলোকৰ অধকাংশ দিনেই ড্ৰাগছৰ ক্ৰয়, সেইবোৰৰ ব্যৱহাৰ আৰু / বা ড্ৰাগছৰ প্ৰভাৱৰ পৰা উন্মুক্ত হোৱাতেই অতিবাহিত হয়। অ`পিঅইড ব্যৱহাৰৰ সৈতে জড়িত উদাসীনতা আৰু ক্ষুধাই তেওঁলোকক বাৰে বাৰে অ`পিঅইড গ্ৰহণ কৰিবলৈ বাধ্য কৰে। অ`পিঅইড ড্ৰাগছৰ সাধাৰণতে হ্ৰস্বম্যাদী প্ৰভাৱ থকাৰ কাৰণে এই ড্ৰাগছ ব্যৱহাৰকাৰী ব্যক্তিসকলে সেইবোৰ গোটেই দিনজুৰি কেইবাবাৰো ইনজেক্ট কৰাৰ প্ৰয়োজনবোধ কৰে। পৰিণামস্বৰূপে, তেওঁলোকে কাম কাজ, পৰিয়াল আৰু সামাজিক ভূমিকা/দায়িত্বকে সাঙুৰি তেওঁলোকৰ জীৱনৰ অন্য দিশ সমূহত মনোযোগ দিবলৈ অপাৰগ হয়। তেওঁলোক ড্ৰাগছৰ ব্যৱহাৰৰ কাৰণে অৰ্থ সংগ্ৰহ কৰিবলৈ অবৈধ কাম-কাজত লিপ্ত হ`বলৈও বাধ্য হয়। ও এছ টি য়ে আই ডি ইউ ক্লায়েণ্টৰ দ্বাৰা সন্মুখীন হোৱা এনকুৱা বহুসংখ্যক সমস্যাক সম্বোধিত কৰে : ও এছ টি ৰ কাৰণে ব্যৱহৃত হোৱা এই অ`পিঅইড ঔষধসমূহে ড্ৰাগছ জনিত উদাসীনতা আৰু ক্ষুধাক মুক্ত কৰে আৰু তীব্ৰ নিচাসক্তি (যিটো অবৈধ অ`পিঅইড ব্যৱহাৰৰ ক্ষেত্ৰত দেখা যায়)ৰ ফাললৈ ধাৱমান হোৱাক ( যেতিয়া সঠিক মাত্ৰাৰ খোৰাক ব্যৱহাৰ কৰা হয়) প্ৰশ্ৰয় নিদিয়ে। এইদৰেই, ক্লায়েণ্ট সকলক এটা গতিত প্ৰতিপাল কৰা হয় যিয়ে নেকি নিচা আসক্তি নাইবা উদাসীনতা নাইবা ক্ষুধাৰ সৃষ্টি কৰিব নোৱাৰে। এই কাৰণে, ক্লায়েণ্ট সকলে উদাসীনতা বা ক্ষুধাৰ উপশম ঘটাবলৈ অ`পিঅইড ব্যৱহাৰ কৰাৰ প্ৰয়োজন বোধ নকৰে। অবৈধ অ`পিঅইড যিয়ে সোনকালে আৰু কম সময়ৰ কাৰণে কাম কৰে তাৰ তুলনাত,ও এছ টিৰ কাৰণে ব্যৱহৃত হোৱা অ`পিঅইড ঔষধে লাহে লাহে আৰু দীৰ্ঘকালীন সময়( অন্ততঃ ২৪ ঘণ্টাৰ কাৰণে)ৰ কাৰণে কাম কৰে। পৰিণাম স্বৰূপে, ক্লায়েণ্ট সকলে কোনো দিনাই সঘনে অ`পিঅইড সমূহ ক্ৰয় কৰা বা ব্যৱহাৰ কৰাতে সময় অতিবাহিত কৰিব লগাত নপৰে আৰু অন্য গুৰুত্বপূৰ্ণ কাম কাজ যেনে ব্যৱসায়িক আৰু পৰিবাৰিক দায়িত্ব সমূহৰ ওপৰত মনোযোগ দিব পাৰে। ক্লায়েণ্ট সকলৰ দ্বাৰা ব্যৱহৃত হোৱা অবৈধ অ`পিঅইড সমূহ এনেকুৱা মাৰ্গৰ দ্বাৰা লোৱা হয় যিবিলাক সম্ভৱতঃ ক্ষতিকাৰক হয়। আই ডি ইউ সকলৰ দ্বাৰা সন্মুখীন হ`ব লগীয়া বহুতো ক্ষতি কাৰক প্ৰভাৱ প্ৰশাসনৰ ইনজেক্টিং মাৰ্গৰ ফালত হয়। অন্যহাতেদি, ও এছ টি ৰ কাৰণে অ`পিঅইড ঔষধ সমূহ মৌখিক ভাৱে বা জিভাৰ তলেদি সঞ্চালিত কৰা হয়, যিটো নেকি এটা অধিক সুৰক্ষিত মাৰ্গ। ই ক্লায়েণ্ট সকলক অ`পিঅইড ব্যৱহাৰৰ আৰোগ্যহীন ক্ষতিকাৰক প্ৰভাৱৰ পৰা ৰক্ষা কৰে। আই ডি ইউ সকলৰ বহুলাংশে বে আইনী চেনেলৰ মাধ্যমত অ`পিঅইড ক্ৰয় কৰা হিছাবে তেওঁলোকে ইনজেক্ট কৰা অ`পিঅইড সামগ্ৰীৰ বিশুদ্ধতাৰ প্ৰতি তেওঁলোক অৱগত নহয়। হেৰ`ইন আৰু ইয়াৰ অশোধিত ৰূপ স্বাদৰ কাৰণে এইটো বিশেষভাৱে সত্য। ৰাস্তাৰ হেৰ`ইন বেলেগ বেলেগ সময় কালৰ লগে লগে ড্ৰাগ সৰবৰাহকাৰী সকলৰ মাজতো বেলেগ বেলেগ হয়।যদি হেৰ`ইন স্বাভাৱিকতকৈ অধিক বিশুদ্ধ হয় তেতিয়া ই জীৱন-আসন্নৰ অতিদেয় পৰিস্থিতিৰ পৰিণাম হ`ব পাৰে। অন্য হাতেদি, ও এছ টি ৰ কাৰণে ব্যৱহৃত হোৱা অ`পিঅইড ঔষধ সমূহৰ শক্তি আৰু বিশুদ্ধতা জ্ঞাত হয়; ই অতিদেয় অৱস্থাৰ সমাপ্ত কৰাত সহায় কৰে। ৰাষ্ট্ৰীয় এইডচ্ নিয়ন্ত্ৰণ কাৰ্য্যসূচীৰ অধীনত ২০ টা অ`পিঅইড চাবষ্টিটিউচন থেৰাপী আছে। যিহেতু পথৰ অ`পিঅইড ড্ৰাগছ সমূহ অতি ব্যয়বহুল, সেইকাৰণে আই ডি ইউ সকল তেওলোকৰ ড্ৰাগ ব্যৱহাৰৰ কাৰণে অৰ্থ সংগ্ৰহ কৰিবলৈ বে আইনী কাৰ্য্যকলাপৰ আশ্ৰয় লয়। যি কি নহওক ও এছ টি ৰ কাৰণে ব্যৱহৃত হোৱা ঔষধ সমূহ যিহেতু চৰকাৰী ভাৱে সমৰ্থিত কেন্দ্ৰ সমূহ/চিকিৎসালয় সমূহত বিনামূলীয়াভাৱে উপলব্ধ, ক্লায়েণ্ট সকলে অবৈধ্য উপায়ৰ আশ্ৰয় ল`ব নালাগে। ই ক্লায়েণ্ট সকলৰ দ্বাৰা সন্মুখীন হোৱা আইনী জটিলতা সমূহ হ্ৰাস কৰাত সহায় কৰে আৰু লগতে সমাজত ঘটি থকা সৰু-সূৰা অপৰাধ যেনে চুৰিকাৰ্য্য আদিৰ নিচিনা ঘটনা সমূহো হ্ৰাস কৰে। অবৈধ ড্ৰাগ ব্যৱহাৰ কৰি থকা পৰ্য্যায়ত আই ডি ইউ সকলক প্ৰায়েই পৰিয়াল বৰ্গ আৰু সমাজৰ দ্বাৰা সমাজ বিৰোধী বা অপৰাধী হিছাবে অভিহিত কৰা হয়। ও এছ টি ত এনেকুৱা ধৰণৰ আই ডি ইউ সকলক পীড়িত আৰু ৰোগী হিছাবে দেখা যায়। এই সংশোধিত স্থিতিয়ে ক্লায়েণ্ট সকলক অন্য ধৰণৰ সমস্যাবোৰৰ কাৰণে সহায় বিচাৰিবলৈ সহায় কৰে। তেওঁলোকক অন্য সহায়ৰ কাৰণে দায়িত্বশীল কৰি তোলে যিটো প্ৰদান কৰিব পাৰি।

    Downloads
    ও এছ টি (অ`পিঅইড চাবষ্টিটিউচন থেৰাপী)
    TitleSizeDetail
    অ`পিঅইড চাবষ্টটিউচন থেৰাপী গাইড্লাইন1.19 MBswf-image