মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

ৱিহান

  • অবলোকন:

    `পূৱাৰ প্ৰথম কিৰণ`ৰ কাৰণে সংস্কৃত শব্দৰে নামাংকিত, ৱিহান এক ৰাষ্ট্ৰীয় পদক্ষেপ যি সমগ্ৰ ভাৰতত ৩৫০ টা কেয়াৰ এণ্ড চাপ`ৰ্ট চেণ্টাৰ্চ ( চি এছ চি)ৰ স্থাপনা কৰিছে যাতে আৱশ্যকীয় সেৱাসমূহৰ উপলব্ধতা বৃদ্ধি কৰিব পাৰি, চিকিৎসাৰ অৱলম্বন বৃদ্ধি কৰিব পাৰি, দাগ আৰু বৈষম্য হ্ৰাস কৰিব পাৰি আৰু এইচ আই ভি( পি এল এইচ আই ভি)ৰ সৈতে জীয়াই থকা ব্যক্তিসকলৰ জীৱনৰ গুণগত মাত্ৰা উন্নিত কৰিব পাৰি।

    এই কাৰ্য্যক্ৰমক ৰাষ্ট্ৰীয় এইডচ্ নিয়ন্ত্ৰণ কাৰ্য্যক্ৰম IV (এন এ চি পি IV) ৰ অধীনত দেশৰ এইচ আই ভি প্ৰতিক্ৰিয়াৰ যত্ন ও সমৰ্থন উপাদান হিছাপে ৰূপাংকিত কৰা হৈছে। এইডচ্ নিয়ন্ত্ৰণ বিভাগৰ সহযোগত আৰু বিশ্ব পুঁজিৰ সমৰ্থনত কৰ্মৰত, এই কাৰ্য্যক্ৰমে ৩১ খন ৰাজ্য আৰু ভূ-খণ্ডত কাৰ্য্য কৰে আৰু ২০১৬ লৈকে এক মিলিয়নতকৈও অধিক পি এল এইচ আই ভি গৈ পাব।

    ৱিহান কন্স`ট্ৰিয়ামৰ নেতৃত্ব মিত্ৰগোট ভাৰত আৰু ১৭ টা ৰাজ্যিক পৰ্য্যায়ৰ পি এল এইচ আই ভি নেটৱৰ্ক আৰু এন জি ওৰ দ্বাৰা কৰা হয় যিটো নেকি জিলা পৰ্য্যায়ৰ পি এল এইচ আই ভি নেটৱৰ্ক আৰু অন্য সংগঠনৰ লগতে সম্প্ৰদায় সমূহত যত্ন আৰু সমৰ্থন সেৱাসমূহ প্ৰদান কৰিবৰ কাৰণে আছে।

    ৱিহান চি এছ চি সমূহ মহিলা, শিশু আৰু মহিলা যৌনকৰ্মী সকল( এফ এছ ডব্লিউ), পুৰুষৰ লগত যৌন কাৰ্য্য কৰা পুৰুষ( এম এছ এম) ট্ৰান্সজেণ্ডাৰ, হিজৰা আৰু যি সকল ব্যক্তিয়ে ড্ৰাগছ ( পি ডব্লিউ আই ডি) ইনজেক্ট কৰে তেওঁলোকৰ নিচিনা বিপদাপন্ন গোট সমূহৰ সদস্যসকলক অন্তৰ্ভূক্ত কৰি, সেৱাৰ পৰা বঞ্চিত সেইসকল জনসাধাৰণৰ কাষ চপাৰ বিশেষ প্ৰয়াস সহিতে, সকলো পি এল এইচ আই ভি আৰু তেওঁলোকৰ প্ৰভাৱিত পৰিয়াল সমূহৰ স্বাস্থ্য আৰু কল্যাণৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ।

    ৱিহানে এটা সংশ্লিষ্ট পদ্ধতি ব্যৱহাৰ কৰি গুণগত যত্ন আৰু সমৰ্থন সেৱাৰ এটা পৰিসীমা উপলদ্ধতা প্ৰদান কৰে যি বিদ্যমান এইচ আই ভি প্ৰতিৰোধন আৰু চিকিৎসা কাৰ্য্যক্ৰমৰ পৰিপূৰক। পি এল এইচ আই ভি প্ৰদত্ত সেৱাসমূহৰ কাৰণে সুৰক্ষিত স্থান হিছাপে সেৱা আগবঢ়োৱা নিকটস্থ এ আৰ টি কেন্দ্ৰসমূহ চি এছ চি সমূহৰ সমন্বয়ৰ সৈতে কাম কৰি আছে য`ত পৰামৰ্শ, আউটৰীচ্ আৰু ফ`ল` আপ চাপ`ৰ্ট, হেল্থ ৰেফাৰেল তথা সমাজ কল্যাণ আঁচনি সমূহৰ লগত সংযোগ অন্তৰ্ভূক্ত হৈ আছে।

    এফ এক্স বি ভাৰত সুৰক্ষা (এফ এক্স বি আই এছ) গ্ৰামীণ আৰু নগৰীয়া ভাৰতৰ একাষৰীয়াৰৈ থকা শিশু, পৰিয়াল আৰু সম্প্ৰদায় সমূহত উন্নয়ন মূলক সহায়তা প্ৰদান কৰা এটা অ-লাভজনক প্ৰতিষ্ঠান। এফ এক্স বি আই এছে দৰিদ্ৰতা, স্বাস্থ্য, শিক্ষা আৰু নিৰাপত্তা জনিত দুৰ্বলতা হ্ৰাস কৰিবলৈ কাম কৰে।

    লক্ষ: এটা সুস্থ, দৰিদ্ৰহীন আৰু সুক্ষিৰ পৰিৱেশৰ জৰিয়তে প্ৰত্যোকটো শিশুৱে যাতে সি/তাইৰ সম্ভাব্যতা অৰ্জন কৰিব পাৰে তাক সুনিশ্চিত কৰিবলৈ এফ এক্স বি আই এছে কাম কৰিব।

    পৰিকল্পনা : এফ এক্স বি আই এছে এখন ভাৰতৰ কল্পনা কৰে য`ত সিশুসকল আৰু তেওঁলোকৰ পৰিয়াল বৰ্গই এক আত্ম-নিৰ্ভৰ আৰু সুস্থ সবল জীৱন যাপন কৰিব পাৰে।

    এফ এক্স বি আই এছৰ ভুমুকি : উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্য সমূহত ৱিহান যত্ন আৰু সমৰ্থন কাৰ্য্যক্ৰম:

    ৰাষ্ট্ৰীয় এইডচ্ নিয়ন্ত্ৰণ সংগঠন (নাক`)ৰ সহযোগত ভাৰতৰ ৩১ খন ৰাজ্য আৰু ইউ টিত ভাৰত এইচ আই ভি/এইডচ্ মিত্ৰগোটৰ দ্বাৰা ৰূপায়িত, বিশ্ব পুঁজিৰ দ্বাৰা সমৰ্থিত ৱিহান কাৰ্য্যক্ৰমে আৱশ্যকীয় সেৱাসমূহৰ উপলব্ধতা প্ৰসাৰ কৰিবলৈ, চিকিৎসা অৱলম্বন বৃদ্ধি কৰিবলৈ, দাগ আৰু বৈষম্যতা হ্ৰাস কৰিবলৈ আৰু এইচ আই ভি(পি এল এইচ আই ভি)ৰ সৈতে জীয়াই থকা ব্যক্তি সকলৰ জীৱনৰ গুণগত মানদণ্ড উন্নিত কৰিবলৈ কাম কৰে, ৱিহান কাৰ্য্যক্ৰমৰ অধীনত সম্প্ৰদায়ভিত্তিক প্ৰচাৰ হৈছে যত্ন আৰু সমৰ্থন কেন্দ্ৰ(চি এছ চি) সমূহৰ মেৰুদণ্ড, চি এছ চিয়ে এটা ব্যাপক পৰিয়াল ভিত্তিক পদ্ধতি প্ৰদান কৰিছে আৰু চিকিৎসা, অৱলম্বন, ইতিবাচক জীৱন যাপন, অন্য স্বাস্থ্য সেৱাসমূহৰ ৰেফাৰেল, সমাজ কল্যান আঁচনি সমূহৰ লগত সংযোগ স্থাপনৰ অৱধাৰণ আৰু পি এল এইচ আই ভিৰ কাৰণে সক্ৰিয় বাতাবৰণ শক্তিশালী কৰিবৰ কাৰণে সমৰ্থন প্ৰদান কৰি আহিছে।

    • ভাৰতৰ উত্তৰ পূব অঞ্চলৰ ছয়খন ৰাজ্যত ১১ টা যত্ন আৰু সমৰ্থন কেন্দ্ৰ আৰু এটা (এক) সাহায্য ডেস্ক প্ৰতিষ্ঠা কৰা হৈছে। অসমৰ বৰপেটা, কাচাৰ, ডিব্ৰুগড় আৰু কামৰূপ জিলাত ৪টা যত্ন আৰু সমৰ্থন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল একেধৰণে মিজোৰামৰ চম্পাই, আইজল, লুংলেই জিলাত ৩ টা চি এছ চি আৰু কোলাশিৱত ১(এক)টা সাহায্য ডেক্স প্ৰতিষ্ঠা কৰা হৈছিল। অন্য ৰাজ্যসমূহত এটাকৈ চি এছ চি আছে যিয়ে সেইঠাইৰ জিলা পৰ্য্যায়ত কাম কৰি আছে। উ:স্ব,, মেঘালয়ৰ পূব খাচী পাহাৰ, আৰুনাচল প্ৰদেশৰ নাহৰলগুনত, ত্ৰিপুৰাৰ পশ্চিম জিলাত আৰু ছিকিমৰ পূব জিলাত।
    • মুঠ ৮২ জন কৰ্মচাৰীবৃন্দ আৰু ১১ জন প্ৰকল্প সঞ্চালক এছ এছ আৰৰ লগত জড়িত হৈ আছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন ভৌগলিক সংস্থানত কাম কৰি আছে।