মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

এইচ আই ভি এইডচ্ ৰোগীৰ কাৰণে পৰামৰ্শ আৰু সমৰ্থন

  • যত্ন, সমৰ্থন আৰু চিকিৎসা সেৱা ৰাষ্ট্ৰীয় এইডচ্ নিয়ন্ত্ৰণ কাৰ্য্যক্ৰমৰ এটা গুৰুত্বপূৰ্ণ উপাদান আৰু এইচ আই ভি (পি এল এইচ আই ভি) ৰ সৈতে জীয়াই থকা ব্যক্তিসকলৰ বিনামূলীয়া এণ্টি- ৰেট্ৰ`ভাইৰেল থেৰাপী আৰু গুণগত যত্ন জড়িত ব্যৱস্থা।

    যোৱা কিছু বছৰত বৈকল্পিক প্ৰথম শাৰী আৰু দ্বিতীয় শাৰীৰ এ আৰ টি, প্ৰাপ্ত বয়স্ক আৰু শিশুৰ কাৰণে উৎকৃষ্টতা কেন্দ্ৰ, এ আৰ টি প্লাছ চেণ্টাৰ, লিংক এ আৰ টি চেণ্টাৰ, লিংক এ আৰ টি প্লাছ চেণ্টাৰ আৰু পেডিয়াট্ৰিক এ আৰ টি ৰ আৰম্ভণিৰ নিচিনা বিভিন্ন পদক্ষেপ লোৱা হৈছে।

    ভাৰতত আনুমানিক ২.১ লাখ এইচ আই ভি/এইডচ্ৰ সৈতে জীয়াই থকা মানুহ আছে। এপ্ৰিল ২০০৪ ত ছয় খন উচ্চ প্ৰাৰ্দুভাৱিত ৰাজ্যত আঠ টা প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লীত এন এ চি পি ২ ৰ অধীনত বিনামূলীয়া এ আৰ টি প্ৰচেষ্টা মুকলি কৰা হৈছিল। তেতিয়াৰ পৰা ইয়াক পৰ্য্যায়ক্ৰমে বঢ়াই যোৱা হৈছে। নবেম্বৰ ২০১৬ লৈকে দেশব্যাপী মুঠ ৫২৮ টা এ আৰ টি কেন্দ্ৰ কাৰ্য্যৰত আছে যাৰ ভিতৰত ৮৮ টা এ আৰ টি প্লাছ চাইট আৰু ১৭ টা উৎকৃষ্টতা কেন্দ্ৰ জড়িত আছে। ঘৰৰ নিকটস্থ কৈ এ আৰ টি প্ৰদান কৰিবলৈ ইয়াত অতিৰিক্ত ১১০৮ টা লিংক এ আৰ টি কেন্দ্ৰ ও ৩৬১ টা চি এছ চি আছে। ইয়াত প্ৰায় ১২.২৮ লাখ ৰোগী এইচ আই ভি কেয়াৰত জীৱিত আছে যাৰ ভিতৰত প্ৰায় ১০.০৫ লাখতকৈ বেছি এ আৰ টি ৰ অন্তৰ্ভূক্ত। প্ৰথম শাৰী এ আৰ টি ত ১৫,৫০০ আৰু তৃতীয় শাৰীৰ এ আৰ টি ত ২৭০ জন।

    এইটো অনুমান কৰা হৈছে যে অসমত মুঠ ১২০০০ তকৈ বেছি মানুহ ভাইৰাছৰ সৈতে সংক্ৰমিত আৰু যাৰ ভিতৰত মাৰ্চ ২০১৭ লৈকে মুঠ ৯৫৭৪ জন পি এল এইচ আই ভি ৰোগী চিনাক্ত কৰা হৈছে আৰু ৫৭৪৭ জন পি এল এইচ আই ভি ৰোগী এণ্টি ৰেট্ৰ`ভাইৰেল থেৰাপী চিকিৎসাত জীৱিত আছে।

    এই বিভাগৰ মুখ্য উদ্দেশ্য সমূহ হ`ল:

    • এ আৰ টি চেণ্টাৰ, এ আৰ টি প্লাছ ও লিংক এ আৰ টি কেন্দ্ৰসমূহ কাৰ্য্যকৰী কৰা।
    • আই চি টি চি- এ আৰ টি লিংকেজ ,প্ৰি- এ আৰ টি এণ্ড এ আৰ টি ডেটা গেপচ্।
    • লষ্ট টু ফ`ল` আপ ( এল এফ ইউ) ট্ৰেকিং।
    • চি ডি ৪ পৰীক্ষণ, ভাইৰেল লোড বৃদ্ধি কৰা।
    • কেয়াৰ চাপ`ৰ্ট চেণ্টাৰ ( চি এছ চি) সমূহ পৰ্য্যবেক্ষণ আৰু কাৰ্য্যকৰী কৰা।
    • প্ৰাৰম্ভিক শিশু ৰোগ নিৰ্ণয় ( ই আই ডি) আৰু এইচ আই ভি-টিবি ৰূপায়ণ ।
    • অসম চৰকাৰ আৰু অসম ৰাজ্যিক এইডচ্ নিয়ন্ত্ৰণ সমিতিৰ বিভিন্ন হিতাধিকাৰীৰ সৈতে সঠিক সমন্নয়ৰ জৰিয়তে অৱলোকন কৰা।
    • ৰাজ্যিক গোচৰ নিবাৰণ সমিতি ( এছ জি আৰ চি) ৰ সভাসমূহ, এ আৰ টি - চি এছ চি সমন্বয়কাৰী সভাসমূহ আৰু ৰাজ্যিক পৰ্য্যবেক্ষণ সমিতিৰ সভা ( এছ ও চি) সমূহ যিবোৰক সময়ে সময়ে ৰাজ্যিক পৰ্য্যায়ত আয়োজিত কৰিব পাৰি তাৰ জৰিয়তে ৰাজ্যিক স্তৰীয় সমীক্ষা সভাৰ গতি আৰু স্থিতি নিয়মিত কৰা।
    • গুণগত প্ৰদৰ্শক যেনে ধাৰণ প্ৰবাহ, ১২ মহীয়া ধাৰণ হাৰ (মূল্য), এল এফ ইউ/মৃত্যু হাৰ, অৱলম্বন, এল এফ ইউ ট্ৰেকিং।
    • এছ এ চি এছ ষ্ট`ৰৰ পৰা ৰাজ্যৰ ভিতৰত এ আৰ ভি ঔষধৰ কাৰণে চাপ্লাই চেইন মেকানিজিম ( এছ চি এম)।
    • এছ চি এম সংক্ৰান্তীয় ডেটাৰ প্ৰতিবেদন আৰু সূক্ষ্ম নিৰীক্ষণ আৰু নিয়মিতভাৱে সংকলন কৰা তথা ইয়াক ৰাষ্ট্ৰীয় স্তৰলৈ পঠোৱা।
    • সকলো এ আৰ টি চি/এল এ চি আৰু এফ আই এ আৰ টি চি ৰ দ্বাৰা এন এণ্ড ই প্ৰদৰ্শকৰ ওপৰত নাক`, এছ এ চি এছ ক মেকানিজিম তথ্য আৰু প্ৰতিবেদন দাখিল কৰা।
    এণ্টিৰেট্ৰ`ভাইৰেল থেৰাপী (এ আৰ টি ) প্ৰ`গ্ৰাম:

    এণ্টিৰেট্ৰ`ভাইৰেল থেৰাপী প্ৰ`গ্ৰাম বাস্তবায়িত কৰিবলৈ এ আৰ টি কেন্দ্ৰ সমূহ প্ৰতিষ্ঠিত কৰা হয় য`ত এ আৰ টি প্ৰয়োজন হোৱা এইচ আই ভি/এইড্চ সহ সক্ষম ব্যক্তি সকলক পৰীক্ষাগাৰ সেৱা (এইচ আই ভি পৰীক্ষা, চিডি ৪ কাউণ্ট আৰু অন্য আৱশ্যকীয় অনুসন্ধান) ৰ মাধ্যমত চিহ্নিত কৰা হয়। ড্ৰাগ আনুগত্য নিশ্চিত কৰাৰ কাৰণে চিকিৎসাৰ আগত বা সময়ত পৰামৰ্শৰ দ্বাৰা একেৰাহে এইচ আই ভি/এইড্চ সহ সক্ষম ব্যক্তিসকলক বিনামূলীয়া এ আৰ ভি ঔষধ প্ৰদান কৰে। বৰ্তমান ৰাজ্যত ৬ টা এ আৰ টি কেন্দ্ৰ (২টা এ আৰ টি প্লাছ কেন্দ্ৰ আৰু ১টা এফ আই এ আৰ টি কেন্দ্ৰক অন্তৰ্ভূক্ত কৰি) আৰু ১১টা লিংক এ আৰ টি কেন্দ্ৰ ( ২টা লিংক এ আৰ টি প্লাছ কেন্দ্ৰ) ই কাম কৰি আছে। এ আৰ টি পঞ্জীয়নকৃত ৰোগীৰ চি ডি ৪ কাউণ্টৰ কাৰণে, ৪ টা চি ডি ৪ পৰীক্ষা কেন্দ্ৰই ৰাজ্যৰ ৪ খন চিকিৎসা মহাবিদ্যালয়ত কাম কৰি আছে।

    এ আৰ টি পঞ্জীয়ন কৃত ৰোগীৰ চি ডি ৪ ৰ সংখ্যা পৰিমাপন কৰিবলৈ, চাৰিটা চি ডি ৪ পৰীক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠাপন কৰা হৈছে যাতে সঠিক সময়ত এ আৰ টি পঞ্জীয়ন কৃত ৰোগীৰ এ আৰ টি চিকিৎসা আৰম্ভ কৰিব পৰা যায়। বৰ্তমান সময়ত ৪ টা চি ডি ৪ কেন্দ্ৰই ৰাজ্যৰ ৪ খন চিকিৎসা মহাবিদ্যালয়ত কাম কৰি আছে।

    যত্ন আৰু সমৰ্থন সমূহ ( চি এছ চি)

    এই সেৱাৰ অধীনত, এইচ আই ভি/এইডচ্ ৰ দ্বাৰা সংক্ৰমিত আৰু প্ৰভাৱিত ব্যক্তিসকলক যত্ন ও সমৰ্থন আগবঢ়োৱা হয়। বৰ্তমান সময়ত এন জি ও স্থাপিত ৪ টা চি এছ চিয়ে ৰাজ্যত কাম কৰি আছে।

    সুবিধাবাদী সংক্ৰমণ (ও আই) আৰু প`ষ্ট এক্সপ`জাৰ প্ৰফিলেক্সিচ্ (পি ই পি) মেনেজমেণ্ট:

    ৰাজ্যৰ এ আৰ টি কেন্দ্ৰ আৰু লিংক এ আৰ টি কেন্দ্ৰ সমূহৰ জৰিয়তে এইচ আই ভি ৰোগীসকলক ও আই ৰ কাৰণে বিনামূলীয়া ঔষধ প্ৰদান আৰু বিতৰণ কৰা হয়। ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় সমূহ, জিলা চিকিৎসালয় সমূহ আৰু এফ আৰ ইউ সমূহ/চি এইচ চি সমূহ( আই চি টি চি সহ)ৰ জৰিয়তে ৰাজ্যৰ সকলোতে স্বাস্থ্যসেৱা প্ৰদানকাৰী সকলক পি ই পিয়ো প্ৰদান কৰা হয়। এই চিকিৎসালয় সমূহৰ অধীক্ষক সকলৰ লগত এই ঔষধ সমূহ উপলব্ধ কৰোৱা হয়।