মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

এন এ চি পি –IV

  • উপাদান ১ : এইচ আৰ জি আৰু কমজোৰ জনসংখ্যাৰ ওপৰত ধ্যান দিয়াৰ লগতে তীব্ৰ আৰু শক্তিশালী প্ৰতিৰোধ সেৱা সমূহ আগবঢ়োৱা।

    এই উপাদানে লগ পাবলৈ কঠিন জনসংখ্যা সমূহ যিয়ে এতিয়া লৈকে এই কাৰ্য্যক্ৰমৰ প্ৰতিৰোধ সেৱাসমূহ আৰু এইচ আৰ জি সমূহৰ মাজত সংপৃক্ত কভাৰেজ সমূহ উপলদ্ধি আৰু ব্যৱহাৰ কৰা নাই, তেওঁলোকক লগ ধৰাৰ উদ্দেশ্যৰ সৈতে টি আই ৰ বৰ্ধনক সমৰ্থন কৰিব।তাৰোপৰি এই উপাদানে ব্ৰিজ জনসংখ্যা সমৰ্থন কৰিব, যেনে প্ৰব্ৰজন কাৰী, ট্ৰাক চালক। উপাদান ১ এ তলত উল্লেখিত দুটা উপ উপাদান অন্তৰ্ভূক্ত কৰে:

    ১.১ এইচ আৰ জি ৰ মাজত টি আই সমূহৰ কভাৰেজ বৰ্ধন কৰা।

    এই উপ উপাদানৰ অন্তৰ্গত হস্তক্ষেপৰ অন্তৰ্ভূক্ত হ`ব:

    • সুৰক্ষিত অভ্যাস, পৰীক্ষা আৰু পৰামৰ্শ, চিকিৎসাৰ আনুগত্য আৰু আন সেৱা সমূহৰ চাহিদা বৃদ্ধি কৰিবলৈ আচৰণ পৰিৱৰ্তন হস্তক্ষেপৰ সুবিধা
    • প্ৰতিটো যৌন সম্পৰ্কত কন্ডমৰ ব্যৱহাৰক উৎসাহিত কৰিবলৈ এই আৰ জি ত কনড্মৰ প্ৰচাৰ আৰু ব্যৱস্থা,
    • চিকিৎসা, অংশীদাৰী ৰেফাৰেল আৰু ব্যৱস্থাপনাৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰাৰ লগতে বিপদ হ্ৰাস কৰা পৰামৰ্শৰ সৈতে ৰোগীৰ সহযোগিতা বৃদ্ধি কৰিবলৈ সেৱা সুবিধা কেন্দত পৰামৰ্শকে অন্তৰ্ভুক্ত কৰি এছ টি আই সেৱাৰ কাৰণে ব্যৱস্থা বা ৰেফাৰেল।
    • আই ডি ইউ সমূহ তথা অ`পিঅইড প্ৰতিস্থাপন চিকিৎসা(ও এছ টি) ব্যৱস্থা বৃদ্ধিৰ কাৰণে বেজি আৰু চিৰিঞ্জ বিনিময় ।এই উপাদানে প্ৰায় ২৫ টা ৰাজ্যিক প্ৰশিক্ষণ সংসাধন কেন্দ্ৰ তথা ৫ বছৰীয়া ম্যাদিৰ অংশগ্ৰহণকাৰী প্ৰশিক্ষণ খৰচৰ পৰিচালন খৰচৰ কাৰণে বিত্ত পোষণকো অন্তৰ্ভূক্ত কৰে।
    ১.২ অন্য কমজোৰ বা অসুৰক্ষিত জনসংখ্যাৰ মাজত মধ্যস্থতা বৃদ্ধি

    এই উপ উপাদানৰ অধীনৰ কাৰ্য্যসমূহত অন্তৰ্ভূক্ত কৰিব (i) কাৰ্য্যস্থল সমূহ আৰু ট্ৰানজিত পইণ্টত প্ৰবাসী জনসংখ্যা গোট আৰু ট্ৰাক চালকৰ বিপদ নিৰ্ধাৰণ আৰু আকাৰ মূল্যায়ন, (ii) বিপদ আৰু দুৰ্বলতাৰ বিষয়ে সজাগতা সৃষ্টি, প্ৰতিৰোধী প্ৰক্ৰিয়া, সেৱা সমূহৰ উপলদ্ধতা আৰু অৱস্থান নিৰাপদ আচৰণ বৃদ্ধি আৰু সেৱাসমূহৰ কাৰণে চাহিদা তথা মালিন্য কমোৱাৰ কাৰণে ব্যৱহাৰ পৰিৱৰ্তন সম্প্ৰসাৰণ, (iii)সামাজিক বিপণনক অন্তৰ্ভূক্ত কৰি বিভিন্ন প্ৰকাৰৰ মাধ্যমৰ জৰিয়তে কনড্মৰ প্ৰচাৰ আৰু ব্যৱস্থা কৰা, (iv) পৰীক্ষা, পৰামৰ্শ আৰু এছ টি আই চিকিৎসা সেৱাসমূহৰ কাৰণে চৰকাৰী আৰু এন জি অ` স্বীকৃতি প্ৰাপ্ত দুই ধৰণৰ স্থানীয় প্ৰতিষ্ঠানৰ লগত সংযোগ উন্নয়ন কৰা, (v) গন্তব্যস্থানত প্ৰবাসী সকলৰ কাৰণে ``সংগী সমৰ্থন গোট`` আৰু ``নিৰাপদ ঠাই``ৰ সৃষ্টি কৰা, (vi) আই ডি ইউৰ সংগী সকলৰ কাৰণে প্ৰয়োজন ভিত্তিক আৰু লিংগ সংবেদনশীল সেৱা সমূহ প্ৰতিষ্ঠা কৰা; আৰু (vii) সেৱা কেন্দ্ৰ সমূহ আৰু বিপদ হ্ৰাস কৰা উপায়সমূহ, বিশেষভাৱে কনড্ম ব্যৱহাৰত ক্ষেত্ৰ বৰ্ধিত সংযোগ সমূহৰ লগতে দুৰ্বল জনগোষ্ঠী সমূহৰ নেটৱৰ্ক শক্তিশালী কৰা।

    উপাদান ২ : (ক) সাধাৰণ জনসংখ্যা আৰু (খ) চাহিদা উদ্ভাৱন আৰু ব্যৱহাৰ পৰিৱৰ্তনত দৃষ্টি নিবদ্ধ কৰাৰ লগতে উচ্চ বিপদাত্মক গোট সমূহৰ কাৰণে আই ই চি সেৱা সমূহ সম্প্ৰসাৰিত কৰা।

    আই ই চি, এন এ চি পি ৰ কাৰণে এটা গুৰুত্বপূৰ্ণ উপাদান হৈ অহিছে। পৰামৰ্শ আৰু পৰীক্ষা, এ আৰ টি, এছ টি আই চিকিৎসা আৰু কন্ডম প্ৰচাৰৰ কাৰণে সেৱাসমূহৰ সম্প্ৰসাৰণ সহ এন এ চি পি ৪ যোগাযোগ কৌশলৰ নজৰত চাহিদা প্ৰজন্ম প্ৰচাৰণ অব্যাহত থাকিব। আই ই চি সকলো প্ৰতিৰোধী প্ৰচেষ্টাৰ এটা গুৰুত্বপূৰ্ণ উপাদান হৈ থাকিব আৰু অন্তৰ্ভূক্ত হৈ ৰ`ব।:

    • এইচ আৰু জি, দুৰ্বল গোষ্ঠী আৰু লগ পোৱাৰ অত্যন্ত কঠিন জনগোষ্ঠীৰ কাৰণে আচৰণ পৰিৱৰ্তনৰ কৌশল।
    • সাধাৰণ জনগোষ্ঠী বিশেষভাৱে মহিলা আৰু যুৱ সমাজৰ মাজত সজাগতা বৃদ্ধি কৰা।

    উপাদান ৩ : ব্যাপক যত্ন, সমৰ্থন আৰু চিকিৎসা

    যি সকলৰ কাৰণে এনেকুৱা ধৰণৰ সেৱাৰ প্ৰয়োজন তেওঁলোকৰ কাৰণে এন এ চি পি ৪ এ ব্যাপক এইচ আই ভি যত্নৰ ৰূপায়ন কৰে আৰু এই আই ভি/ এইডচ্ৰ সৈতে আক্ৰান্ত আৰু সংক্ৰমিত মহিলা আৰু শিশুৰ কাৰণে অতিৰিক্ত সমৰ্থন পদ্ধতিৰ সুবিধা কৰে। এইটো পৰিকল্পিত যে পি এল এইচ আই ভি আৰু নাগৰিক সমাজ গোটসমূহৰ পৰা চিকিৎসা সুবিধাসমূহ আৰু সহযোগী সমৰ্থনৰ বিশাল নেটৱৰ্কৰ সৈতে আৰু অধিক সমৰ্থন আৰু সন্মতি সম্ভৱ হ`ব পাৰে। পৰিধিৰ ভিতৰত স্বাস্থ্য সেৱা প্ৰদানকাৰীৰ সৈতে উচ্চ গুণসম্পন্ন চিকিৎসা আৰু নিৰন্তৰ সেৱাসমূহ, ইতিবাচক প্ৰতিৰোধ আৰু উত্তম সংযোগ উপলদ্ধ কৰিবলৈ উৎকৃষ্টতাৰ অতিৰিক্ত কেন্দ্ৰসমূহ ( চি ও ই এছ ) আৰু উন্নতকৰণ এ আৰ টি প্লাছ কেন্দ্ৰসমূহ প্ৰতিষ্ঠা কৰা হ`ব।

    মহামাৰীৰ পৰিপক্কতা বৃদ্ধিৰ সৈতে এইটো খুব সম্ভৱ যে তাত দ্বিতীয় শাৰীৰ এ আৰ টি, ও আই ব্যৱস্থাপনাৰ উৎকৃষ্ট চাহিদা থাকিব। এন এ চি পি ৪ এ এই সমূহ প্ৰয়োজনক পৰ্য্যাপ্ত পৰিমাণে সম্বোধিত কৰিব ।এইটো প্ৰস্তাৱিত যে অন্য বিষয় সমূহৰ লগে লগে এইচ আই ভি/এইডচ্ৰ ৰ ব্যাপক যত্ন, সমৰ্থন আৰু চিকিৎসাৰ অন্তৰ্ভূক্ত কৰা হ`ব:

    • দ্বিতীয় শাৰীক অন্তৰ্ভূক্ত কৰি এণ্টি ৰেট্ৰ`ভাইৰেল ট্ৰিটমেণ্ট ( এ আৰ টি),
    • সুবিধাবাদী সংক্ৰমণৰ প্ৰবন্ধন আৰু
    • সংশ্লিষ্ট বিভাগসমূহ/মন্ত্ৰণালয়ৰ সৈতে যোগাযোগৰ জৰিয়তে সামাজিক সুৰক্ষা সহজসাধ্য কৰা। এই কাৰ্য্যই সাৰ্বজনিক আৰু ব্যক্তিগত সম্বন্ধৰ পথ অন্বেষণ কৰিব। এই কাৰ্য্যক্ৰমে সকলো পৰ্য্যায় নিৰ্দিষ্টকৈ স্বাস্থ্য সেৱা স্থাপনত কলংক আৰু বৈষম্য হ্ৰাস কৰিবলৈ কাৰ্য্যসমূহ বিস্তাৰিত কৰিব।

    উপাদান 4 : প্ৰতিষ্ঠানিক ক্ষমতা সমূহ শক্তিশালী কৰা

    এন এ চি পি ৰ উদ্দেশ্য হৈছে ভাৰতৰ সকলো গুৰুত্বপূৰ্ণ জিলাত ৰাষ্ট্ৰীয় স্তৰত দেখা মহামাৰীৰ প্ৰত্যাৱৰ্তনৰ প্ৰবৃত্তিক মজবুত কৰা। ক্ষেত্ৰ স্তৰৰ কাৰ্য্যক্ৰম আৰু বাঞ্চিত কাৰ্য্যক্ৰম সম্বন্ধীয় পৰিণামৰ উচ্চ গুণ সম্পন্ন, সময়োপযোগী আৰু ফলপ্ৰসু ৰূপায়ন সুনিশ্চিত কৰিবলৈ ৰাজ্যিক আৰু জিলা পৰ্য্যায়ত কাৰ্য্যক্ৰম পৰিকল্পনা আৰু ব্যৱস্থাপনা দায়িত্ব সমূহ শক্তিশালী কৰা হ`ব।

    বাৰ্ষিক কাৰ্য্য যোজনাসমূহ প্ৰমাণ, স্থানীয় প্ৰাধান্যতা আৰু এন এ চি পি ৪ ৰ উদ্দেশ্য সমূহৰ সামঞ্জস্যৰ ওপৰত আধাৰিত আৰু সেইটো সুনিশ্চিত কৰিবলৈ পৰিকল্পনা পক্ৰিয়া আৰু পদ্ধতি সমূহ আৰু অধিক শক্তিশালী কৰা হ`ব। এন এ চি পি ৪ ৰ সময়ত অন্য বিভাগসমূহৰ সৈতে যত সম্ভৱ বৰ্ধিত সহযোগ আৰু অভিসৰণৰ জৰিয়তে মহামাৰী প্ৰতিক্ৰিয়া বজাই ৰখাক এক উচ্চ প্ৰাধান্য দিয়া হ`ব। এইটোৱে দৈনন্দিন ৰাজহুৱা খণ্ডৰ স্বাস্থ্য বিতৰণ পদ্ধতিৰ সৈতে এইচ আই ভি সেৱা সমূহৰ গতি অনুকলন জড়িত কৰিব, চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান সমূহ আৰু নেটৱৰ্কৰ যোগান শৃংখল পদ্ধতি আৰু গুণ নিয়ন্ত্ৰণ পদ্ধতি আৰু নিৰ্মাণ ক্ষমতা সৰল কৰা।

    উপাদান ৫ : কৌশলগত তথ্য ব্যৱস্থাপনা পদ্ধতি ( এছ আই এম এছ )

    এস. আই এম এছ ৰ ৰোল আউট চলনশীল আৰু প্ৰ`গ্ৰামভিত্তিক প্ৰভাৱ প্ৰমাণভিত্তিক পৰিকল্পনা, প্ৰ`গ্ৰাম পৰ্য্যবেক্ষণ আৰু পৰিমাপ সমৰ্থন সব পৰ্য্যায়তে দৃঢ়ভাৱে প্ৰতিষ্ঠিত হ`ব। মহামাৰী, ঘটনা বিশ্লেষণ, সংক্ৰমণৰ পকেট চিনাক্তকৰণ আৰু সংক্ৰমণৰ বোজাৰ হিচাপৰ ওপৰত দৃষ্টি নিবদ্ধ আৰু বেছি শক্তিশালী হ`ব। প্ৰ`গ্ৰামৰ প্ৰয়োজন সমূহ উৰ্দ্ধগামী কৰিবলৈ গৱেষণা অগ্ৰাধিকাৰ সমূহ কাষ্টমাইজড্ কৰা হ`ব। এন এ চি পি ৪ কৰ্মসূচী আৰু গৱেষণা সংক্ৰান্ত তথ্য সমূহৰ প্ৰমাণ আৰু কাৰ্য্যকৰী ব্যৱহাৰৰ তথ্য দস্তাবেজ, পৰিচালনা আৰু প্ৰচাৰ কৰিব। প্ৰাসংগিক, পৰিমাপ যোগ্য আৰু যথাযোগ্য সূচক চিহ্নিত কৰা হ`ব আৰু যথাযথভাৱে ব্যৱহাৰ কৰা হ`ব।