মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

লক্ষ্য নিৰ্ধাৰিত হস্তক্ষেপ কাৰ্য্যক্ৰম

  • লক্ষ্য নিৰ্ধাৰিত হস্তক্ষেপ উদ্দেশ্য : এইচ আৰ জি আৰু কমজোৰ জনসংখ্যাৰ ওপৰত ধ্যান দিয়াৰ লগতে তীব্ৰ আৰু শক্তিশালী প্ৰতিৰোধ সেৱা সমূহ আগবঢ়োৱা।

    এই উপাদানে লগ পাবলৈ কঠিন জনসংখ্যা সমূহ যিয়ে এতিয়া লৈকে এই কাৰ্য্যক্ৰমৰ প্ৰতিৰোধ সেৱাসমূহ আৰু এইচ আৰ জি সমূহৰ মাজত সংপৃক্ত কভাৰেজ সমূহ উপলদ্ধি আৰু ব্যৱহাৰ কৰা নাই, তেওঁলোকক লগ ধৰাৰ উদ্দেশ্যৰ সৈতে টি আই ৰ বৰ্ধনক সমৰ্থন কৰিব।তাৰোপৰি এই উপাদানে ব্ৰিজ জনসংখ্যা সমৰ্থন কৰিব, যেনে প্ৰব্ৰজন কাৰী, ট্ৰাক চালক। উপাদান ১ এ তলত উল্লেখিত দুটা উপ উপাদান অন্তৰ্ভূক্ত কৰে:

    ১.১ এইচ আৰ জি ৰ মাজত টি আই সমূহৰ কভাৰেজ বৰ্ধন কৰা।

    এই উপ উপাদানৰ অন্তৰ্গত হস্তক্ষেপৰ অন্তৰ্ভূক্ত হ`ব:

    • সুৰক্ষিত অভ্যাস, পৰীক্ষা আৰু পৰামৰ্শ, চিকিৎসাৰ আনুগত্য আৰু আন সেৱা সমূহৰ চাহিদা বৃদ্ধি কৰিবলৈ আচৰণ পৰিৱৰ্তন হস্তক্ষেপৰ সুবিধা;
    • প্ৰতিটো যৌন সম্পৰ্কত কন্ডমৰ ব্যৱহাৰক উৎসাহিত কৰিবলৈ এই আৰ জি ত কনড্মৰ প্ৰচাৰ আৰু ব্যৱস্থা;
    • চিকিৎসা, অংশীদাৰী ৰেফাৰেল আৰু ব্যৱস্থাপনাৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰাৰ লগতে বিপদ হ্ৰাস কৰা পৰামৰ্শৰ সৈতে ৰোগীৰ সহযোগিতা বৃদ্ধি কৰিবলৈ সেৱা সুবিধা কেন্দত পৰামৰ্শকে অন্তৰ্ভুক্ত কৰি এছ টি আই সেৱাৰ কাৰণে ব্যৱস্থা বা ৰেফাৰেল।
    • আই ডি ইউ সমূহ তথা অ`পিঅইড প্ৰতিস্থাপন চিকিৎসা(ও এছ টি) ব্যৱস্থা বৃদ্ধিৰ কাৰণে বেজি আৰু চিৰিঞ্জ বিনিময় ।এই উপাদানে প্ৰায় ২৫ টা ৰাজ্যিক প্ৰশিক্ষণ সংসাধন কেন্দ্ৰ তথা ৫ বছৰীয়া ম্যাদিৰ অংশগ্ৰহণকাৰী প্ৰশিক্ষণ খৰচৰ পৰিচালন খৰচৰ কাৰণে বিত্ত পোষণকো অন্তৰ্ভূক্ত কৰে।
     

    ১.২ অন্য কমজোৰ বা অসুৰক্ষিত জনসংখ্যাৰ মাজত মধ্যস্থতা বৃদ্ধি

    এই উপ উপাদানৰ অধীনৰ কাৰ্য্যসমূহত অন্তৰ্ভূক্ত কৰিব (i) কাৰ্য্যস্থল সমূহ আৰু ট্ৰানজিত পইণ্টত প্ৰবাসী জনসংখ্যা গোট আৰু ট্ৰাক চালকৰ বিপদ নিৰ্ধাৰণ আৰু আকাৰ মূল্যায়ন, (ii) বিপদ আৰু দুৰ্বলতাৰ বিষয়ে সজাগতা সৃষ্টি, প্ৰতিৰোধী প্ৰক্ৰিয়া, সেৱা সমূহৰ উপলদ্ধতা আৰু অৱস্থান নিৰাপদ আচৰণ বৃদ্ধি আৰু সেৱাসমূহৰ কাৰণে চাহিদা তথা মালিন্য কমোৱাৰ কাৰণে ব্যৱহাৰ পৰিৱৰ্তন সম্প্ৰসাৰণ, (iii)সামাজিক বিপণনক অন্তৰ্ভূক্ত কৰি বিভিন্ন প্ৰকাৰৰ মাধ্যমৰ জৰিয়তে কনড্মৰ প্ৰচাৰ আৰু ব্যৱস্থা কৰা, (iv) পৰীক্ষা, পৰামৰ্শ আৰু এছ টি আই চিকিৎসা সেৱাসমূহৰ কাৰণে চৰকাৰী আৰু এন জি অ` স্বীকৃতি প্ৰাপ্ত দুই ধৰণৰ স্থানীয় প্ৰতিষ্ঠানৰ লগত সংযোগ উন্নয়ন কৰা, (v) গন্তব্যস্থানত প্ৰবাসী সকলৰ কাৰণে ``সংগী সমৰ্থন গোট`` আৰু ``নিৰাপদ ঠাই``ৰ সৃষ্টি কৰা, (vi) আই ডি ইউৰ সংগী সকলৰ কাৰণে প্ৰয়োজন ভিত্তিক আৰু লিংগ সংবেদনশীল সেৱা সমূহ প্ৰতিষ্ঠা কৰা; আৰু (vii) সেৱা কেন্দ্ৰ সমূহ আৰু বিপদ হ্ৰাস কৰা উপায়সমূহ, বিশেষভাৱে কনড্ম ব্যৱহাৰত ক্ষেত্ৰ বৰ্ধিত সংযোগ সমূহৰ লগতে দুৰ্বল জনগোষ্ঠী সমূহৰ নেটৱৰ্ক শক্তিশালী কৰা।

    Downloads
    লক্ষ্য নিৰ্ধাৰিত হস্তক্ষেপ কাৰ্য্যক্ৰম
    TitleSizeDetail
    টাৰ্গেটেড ইণ্টাৰভেন্চন ( টি আই) এন জি ও25.5 KBswf-image