মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

এইচ আই ভি সংক্ৰমণৰ প্ৰক্ৰিয়া

এইচ আই ভি বেছকৈ ৪ টা শাৰীৰিক তৰল পদাৰ্থৰ জৰিয়তে বিয়পে:

  • বীৰ্য্য
  • যোনি দ্ৰব্য
  • ৰক্ত
  • স্তন দুগ্ধ

ইয়াৰ মাধ্যমত এইচ আই ভি নিবিয়পে:

  • চকুপানী
  • ঘাম
  • মল
  • মূত্ৰ

ৰক্তৰ জৰিয়তে এইচ আই ভি কেনেকৈ বিয়পে ?

যদি আপুনি কোনোবা এইচ আই ভি সংক্ৰমিত ব্যক্তিৰ ৰক্তৰ সংস্পৰ্শলৈ আহে তেতিয়া আপুনি সংক্ৰমিত হ`ব পাৰে। ইয়াৰ জৰিয়তে এইচ আই ভি সহ ৰক্ত জনিত সংক্ৰমণ ঘটিব পাৰে:

  • ড্ৰাগছ লোৱাৰ সময়ত ইনজেক্শ্বন সামগ্ৰী ভগাই ল`লে।
  • বীজাণু শূণ্য কৃত নকৰা বেজিৰে টাটু বা শৰীৰত বিন্ধা কৰিলে।
  • দুৰ্ঘটনাজনিত বেজিৰ খোচ।
  • ৰক্ত সঞ্চাৰণ।
  • চকুত তেজ ছিটিকিলে।

কীট পতঙ্গই কামোৰাৰ ফলত হোৱা ৰক্ত প্ৰবাহৰ দ্বাৰা এইচ আই ভি নিবিয়পে।

যদি আপুনি ড্ৰাগছ ইনজেক্ট কৰে তেতিয়া কৰিবলগীয়া সৰ্বোত্তম কাম হ`ল প্ৰত্যেক বাৰতে নতুন অথবা নিৰ্বীজিত ইনজেকশ্বন সৰঞ্জাম সমূহ ব্যৱহাৰ কৰা। আপুনি এইচ আই ভি ৰ বিপদ হ্ৰাস কৰিবলৈ প্ৰি-এক্সপ`জাৰ প্ৰ`ফিলেক্সিছ নামৰ এটা দৈনিক ঔষধ ল`ব পাৰে।

মাতৃসকলে তেওঁলোকৰ সন্তানলৈ এইচ আই ভি বিয়পাব পাৰেনে ?

গৰ্ভাৱস্থাত বা জন্মৰ সময়ত এইচ আই ভি পজিটিভ গৰ্ভৱতী মহিলাৰ পৰা তেওঁলোকৰ শিশু সকললৈ সংক্ৰমণ বিয়পিব পাৰে।

জন্মৰ পিছত সংক্ৰমিত মহিলাৰ স্তন দুগ্ধৰ মাধ্যমত সংক্ৰমণ ঘটিব পাৰে। জন্মৰ পিছৰ প্ৰথম মাহ কেইটা অধিক বিপদাপন্ন হ`ব পাৰে। এইটো পৰামৰ্শ দিয়া হয় যে এইচ আই ভি পজিটিভ নতুন মাতৃসকলে স্তনপান কৰোৱাতকৈ তেওঁলোকৰ শিশু সকলক ব`টলেৰে দুগ্ধপান কৰাব লাগে।

যদি আপুনি এগৰাকী এইচ আই ভি পজিটিভ মহিলা আৰু গৰ্ভৱতী হোৱাৰ ইচ্ছা কৰে বা গৰ্ভৱস্থাৰ সময়ত যদি গম পায় যে আপুনি এইচ আই ভি পজিটিভ, তেতিয়া আপোনাৰ শিশুটিও সংক্ৰমিত হোৱাৰ সম্ভৱনাক হ্ৰাস কৰাৰ উপায়ৰ বিষয়ে অতিশীঘ্ৰে আপেনাৰ চিকিৎসকৰ লগত কথা পাতক।