মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

অসমত এইচ আই ভি-টি. বি ৰ সহযোগিতামূলক কাৰ্য্যক্ৰম

কেন্দ্ৰীয় টি বি বিভাগ (চি টি ডি) আৰু ৰাষ্ট্ৰীয় এইডচ্ নিয়ন্ত্ৰণ সংগঠনৰ দ্বাৰা নিয়ন্ত্ৰিত সংশোধিত ৰাষ্ট্ৰীয় টি বি নিয়ন্ত্ৰণ কাৰ্য্যক্ৰমে টি বি আৰু এইচ আই ভি উভয় সংক্ৰমণৰ প্ৰাথমিক নিৰ্ণয়, চিকিৎসা আৰু প্ৰতিৰোধ সম্পৰ্কীয় সকলো কাৰ্য্যক্ৰম সক্ৰিয়ভাৱে ৰূপায়ন কৰি আছে যাতে প্ৰভাৱিত ব্যক্তিসকলে এটা গুণগত জীৱন যাপন কৰিব পাৰে। সকলো প্ৰত্যাশিত আৰু চিনাক্তকৃত টি বি ৰোগ সমূহ, এইচ আই ভি পজিটিভ হিছাবে জ্ঞাত টি বি ৰোগী সকলৰ সংগীসকল, এইচ আই ভি পৰীক্ষণ সুবিধাসমূহৰ বিকেন্দ্ৰীকৰণ, সকলো স্তৰৰ কৰ্মী সকলৰ দ্বাৰা বহুমূখী কাৰ্য্যকৰণ আদিৰ নিচিনা বিষয় সমূহৰ সেৱাসমূহৰ উন্নয়নৰ কাৰণে অসম ৰাজ্যিক এইডচ্ নিয়ন্ত্ৰণ সমিতিয়ে ৰাজ্যিক টি বি কোষৰ সহযোগত ৰাষ্ট্ৰীয় নিৰ্দেশিকা অনুসৰি সংযুক্ত ৰূপত কাম কৰি আছে যাতে ৰোগী সকল লাভাম্বিত হ`ব পাৰে।

কাৰ্য্যক্ৰম অনুসৰি এইচ আই ভি পৰীক্ষণ সেৱাৰ কাৰণে আই চি টি চি লৈ অহা সকলো ক্লায়েণ্টৰ টি বি ৰ যি কোনো লক্ষণৰ উপস্থিতিৰ কাৰণে পৰীক্ষা কৰা হ`ব যেনে:

  • ২ সপ্তাহতকৈ অধিক সময় ধৰি হৈ থকা অহৰহ কাহ।
  • আবেলি সময়ত বৰ্ধিত তাপমাত্ৰা।
  • ৰাতি ঘমা।
  • উল্লখযোগ্য ওজন হ্ৰাস ( বিগত তিনিমাহত ৭৫ % ওজন হ্ৰাস)।
  • বিগত ৬ মাহৰ সময়ত যি কোনো সময়ত থুত তেজৰ উপস্থিতি।
  • বিগত এক মাহত বুকুৰ বিষ।
  • টি বি বিৰোধী চিকিৎসাৰ ইতিহাস (পূৰ্ববতী/বৰ্তমান) ইত্যাদি।
 

যদি এই লক্ষণ সমূহৰ দুই বা ততোধিক সংমিশ্ৰণ দেখা যায় তেতিয়া অতিশীঘ্ৰে থু পৰীক্ষণৰ কাৰণে টি বি সুবিধাসমূহৰ লগত সংযুক্ত কৰা হ`ব, সকলো টি বি সম্বন্ধিত পৰীক্ষণ আৰু চিকিৎসা বিনামূলীয়া কৈ প্ৰদান কৰি থকা হৈছে।

এনে ধৰণে সকলো টি বি কেচক এইচ আই ভি ৰ কাৰণে যি কোনো অকলশৰীয়াকৈ থকা আই চি টি চি বা স্ক্ৰীনিং সুবিধাসমূহ যেনে এফ আই চি টি চি/পি পি পি আই চি টি চি ইত্যাদিৰ পৰীক্ষণ কৰা উচিত, যাক এই কেন্দ্ৰসমূহৰ মাধ্যমত অসম ৰাজ্যিক এইডচ্ নিয়ন্ত্ৰণ সমিতিৰ দ্বাৰা বিনামূলীয়াকৈ প্ৰদান কৰা হয়। যদি কোনোবা ব্যক্তিক এইচ আই ভি পজিটিভ বুলি চিনাক্ত কৰা হয় তেতিয়া যিমান পাৰি সিমান সোনকালে এ আৰ টি ত ভৰ্তি কৰিব লাগে। এইচ আই ভি আৰু টি বি দুয়োটাৰে সৈতে চিনাক্ত হোৱা ব্যক্তিক সহ-সংক্ৰমিত বুলি কোৱা হয় আৰু সি/তাই দুয়োটা চিকিৎসা সমান্তৰালকৈ পাব লাগে কাৰণ এইচ আই ভি সংক্ৰমিত ব্যক্তি সকলৰ টি বি সংক্ৰমণ হোৱাৰ অধিক সম্ভাৱনা আছে কাৰণ ই এটা সকলোতকৈ সাধাৰণ সুযোগবাদী সংক্ৰমণ।/p>

মেডিকেল কলেজ হস্পিতেল/জিলা চিকিৎসালয় উপ-বিভাগীয় চিভিল হস্পিতেল/এফ আৰ ইউ/চি এইচ চি/ পি এইচ চি/ এম পি এইচ চি/এছ এইচ ছি ত সুবিধাভোগীসকলৰ এইচ আই ভি পৰীক্ষা/ স্ক্ৰীনিং সুবিধা প্ৰদানৰ প্ৰায় ২৪০ টা সুবিধা আছে। এনেদৰেই ৰাজ্যত মনোনীত ৩৫০ টা মাইক্ৰ`স্ক`পিক কেন্দ্ৰৰ জৰিয়তে টি বি চিনাক্ত কৰিবলৈ থু পৰীক্ষণৰ প্ৰাৱধান কৰা হৈছে। এই সুবিধাসমূহ কেতিয়াবা সহ-অবস্থিত আৰু কেতিয়াবা একক অবস্থিত। সেই কাৰণে ব্যক্তিসকলে স্বাস্থ্য সেৱা প্ৰদানকাৰী যেনে এ এন এম/এ এছ এইচ এ আদিৰ পৰা এই সেৱা সমূহৰ উপলব্ধতাৰ কাৰণে তথ্য পাবলৈ চেষ্টা কৰা উচিত।

চলিত এইচ আই ভি-টি বি সহযোগিতা মূলক কাৰ্য্যক্ৰম পৰ্য্যবেক্ষণ কৰিবলৈ জিলা টি বি বিষয়া(ডিচিও)জন দায়ী। তেওঁ জিলা সমন্বয় সমিতিৰ বৈঠকত ত্ৰৈমাসিক কাৰ্য্যক্ৰম পৰ্য্যালোচনা কৰে । য`ত সেই মঞ্চতে ৰূপায়নৰ সময়ত সকলো এম ও টি চি, এছ এ আই চি টি চি পৰামৰ্শদাতা, এছ টি এছ, এছ টি এল এছে তেওঁলোকৰ তথ্য ও কৃতিত্ব আৰু অসুবিধাসমূহৰ মুকলিকৈ পৰ্য্যালোচনা কৰে। প্ৰত্যেক মাহতে পৰামৰ্শদাতাসকল আৰু এছ টি এল এছ সকলে তেওঁলোকৰ তথ্য বিতৰণ কৰিব লগা হয় এইটো সুনিশ্চিত কৰিবলৈ যে সকলো ক্ষেত্ৰতে প্ৰয়োজনীয়তা অনুসৰি নিজৰ নিজৰ সেৱা সমূহত সংযুক্ত হৈ থাকে।

অসমে লাহে লাহে প্ৰয়োজনীয় সূচক সমূহত উন্নতি কৰি আছে, কিন্তু এতিয়াও ইয়াৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ বাকী আছে।