মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

সুৰক্ষিত ৰক্ত

সুৰক্ষিত ৰক্তৰ ওপৰত কিছু তথ্য

  সুৰক্ষিত ৰক্ত কি ?

সুৰক্ষিত ৰক্ত যেতিয়া দিয়া হয় এইটো আশা কৰা হয় যে কোনো ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়া নোহোৱাকৈ যাতে ৰোগী সকল উপকৃত হয়। এইটো যি কোনো সংক্ৰামক বীজাণুৰ পৰা মুক্ত হোৱা উচিত যিয়ে ইয়াক সংক্ৰমিত কৰিব পাৰে যেনে এইচ আই ভি, হেপাটাইটিছ ভাইৰাছ আৰু চিফিলিছ কাৰক বীজাণু।

  আমাক কিয় সুৰক্ষিত ৰক্তৰ প্ৰয়োজন ?

জীৱনক বছাবলৈ আমাক সুৰক্ষিত ৰক্তৰ প্ৰয়োজন। দুৰ্ঘটনা, প্ৰসৱ আৰু অষ্ট্ৰোপচাৰৰ সময়ত ৰক্ত ব্যৱহাৰ হয়। ৰক্তৰ বিশেয উপাদানসমূহকো পৃথককৈ ৰখা হয় আৰু বিভিন্ন ৰোগত বিশেষ উপাদানৰ অভাৱক পূৰণ কৰিবলৈ ব্যৱহৃত হয়।

    আমি কেনেকৈ সুনিশ্চিত কৰিব পাৰো যে ৰক্তখিনি সুৰক্ষিত ?    

   ৰক্তৰ অধিকতম সুৰক্ষা সুনিশ্চিত কৰিবলৈ বিভিন্ন পদক্ষেপ লোৱা হৈছে। এই সমূহ গঠন হৈছে: 

  • ৰক্তদাতা সকলৰ সঠিক নিৰ্বাচন।
  • এইচ আই ভি, এইচ চি ভি আৰু চিফিলিছ ৰ কাৰণে লেবৰেটৰী পৰীক্ষণ।
  • পূৰ্ব সঞ্চাৰণ পৰীক্ষণ পদ্ধতি।

    সুৰক্ষিত ৰক্ত প্ৰদান কৰাত দাতাসকলৰ ভূমিকা কি?

ৰক্তদাতা সকলে সুৰক্ষিত ৰক্ত প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰক্তদাতা যি সকল সৈচ্ছিক আৰু অ-পাৰিশ্ৰমিক আৰু নিয়ন্ত্ৰিত হয় তেওঁলোক সকলোতকৈ সুৰক্ষিত।

    স্বেচ্ছাসেৱী দাতাসকল কিয় অধিক সুৰক্ষিত ?

স্বেচ্ছাসেৱী দাতাসকল সুৰক্ষিত হয় কাৰণ তেওঁলোকে শুদ্ধ পৰোপকাৰীতা আৰু মানৱতাবাদী বিচাৰেৰে ৰক্তদান কৰে। তেওঁলোকে নিজৰ দানৰ কাৰণে কোনো পুৰস্কাৰৰ আশা নকৰে। যলৈকে তেওঁলোকৰ চিকিৎসা স্থিতিৰ সম্বন্ধ আছে তেওঁলোকৰ ওচৰত লুকুৱাব লগীয়া একো নাই।

সুৰক্ষিত ৰক্ত মোৰ সৈতে আৰম্ভ হয় মই এজন সুৰক্ষিত দাতা কাৰণ :  

  • মোৰ এইচ আই ভি/এইডচ্ নাই।
  • মই নিচাযুক্ত ড্ৰাগ ব্যৱহাৰকাৰী নহয় আৰু কেতিয়াও ব্যৱহাৰ কৰা নাই।
  • মই এনেকুৱা ব্যক্তিৰ সৈতে যৌন সৰ্ম্পক কৰা নাই যিজন যোৱা ১২ মাহত এইচ আই ভি পজিটিভ হয়।
  • মোৰ আকস্মিক বা একাধিক যৌনসংগী নাই।
  • মই একে লিংগৰ ব্যক্তিৰ সৈতে যৌন কাৰ্য্যত জড়িত নহয়।

সেইকাৰণে, মই বিশ্বাস কৰো, যে সঞ্চাৰণৰ কাৰণে মোৰ ৰক্ত সুৰক্ষিত আৰু এটা জীৱন বছাব পৰা।