মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

ৰাজ্যিক এইডচ্ নীতিৰ উদ্দেশ্য

অসম ৰাজ্যিক এইচ আই ভি/এইডচ্ প্ৰতিৰোধ ও নিয়ন্ত্ৰণ নীতিৰ লক্ষ্য হ`ল ৰাজ্যত এইচ আই ভি সংক্ৰমণৰ হাৰ শূণ্য কৰা আৰু সাধাৰণ জনসংখ্যাৰ সকলো স্তৰত মহামাৰীৰ প্ৰভাৱক হ্ৰাস কৰা। এই নীতিৰ নিৰ্দিষ্ট উদ্দেশ্য হ`ল:

  • এইচ আই ভি সংক্ৰমণ বিস্তাৰ আৰু ব্যক্তিগত তথা সামাজিক প্ৰভাৱ হ্ৰাস কৰিবলৈ চৰকাৰৰ দৃঢ় অংগীকাৰ পুনৰ্ব্যক্ত কৰা
  • এইচ আই ভি/এইডচ্ (পি এল এইচ আই ভি)ৰ সৈতে বাস কৰা মানুহৰ গোপনীয়তা আৰু গোপনীয়তাৰ অধিকাৰ নিশ্চিত কৰা।
  • এইচ আই ভি/এইডচ্ৰ সৈতে বাস কৰা মানুহৰ কাৰণে বৈষম্যহীন এটা পৰিৱেশ আৰু চৰকাৰী ও বেচৰকাৰী উভয় খণ্ডতে স্বাস্থ্য সেৱা ব্যৱস্থা লাভ কৰাকে অন্তৰ্ভূক্ত কৰি মানৱ অধিকাৰ সুৰক্ষা সুনিশ্চিত কৰা।
  • নিৰাপদ পৰিৱেশৰ কাৰণে চিকিৎসালয় জনিত সংক্ৰমণ প্ৰতিৰোধ সুনিশ্চিত কৰা।
  • ৰাজ্যৰ শুশ্ৰূষা আৰু জিন্মাত থকা মানুহসকলৰ তথ্য, চিকিৎসা আৰু সহায়তা সুনিশ্চিত কৰা।
  • চৰকাৰী আৰু বেচৰকাৰী সংস্থা উভয়তে নিৰাপদ ৰক্ত সঞ্চাৰণ ব্যৱস্থা শক্তিশালী কৰা।
  • অংশদাৰী উন্নয়নৰ লগতে এইডচ্ প্ৰতিৰোধ ও নিয়ন্ত্ৰণ কৰ্মসূচীক মূলাধাৰ কৰা।
  • সকলো স্তৰত এইচ আই ভি/এইডচ্ সম্বন্ধিত তথ্য, শিক্ষা আৰু যোগাযোগ (আই ই চি) সুনিশ্চিত কৰা।
  • ড্ৰাগছ আসক্তি আৰু অসুৰক্ষিত যৌন সম্পৰ্ক জনিত বিপদ হ্ৰাস কৰাৰ কৌশল সমূহ প্ৰচাৰ কৰা।
  • স্বাস্থ্য শিক্ষা, আইনগত অৱস্থা আৰু অৰ্থনৈতিক সবলীকৰণৰ অগ্ৰগতিৰ দ্বাৰা এইচ আই ভি সংক্ৰমণত দুৰ্বল/অসুৰক্ষিত হোৱাৰ পৰা মহিলা, শিশু আৰু অন্য সামাজিক ভাৱে দুৰ্বল গোটসমূহক প্ৰতিৰোধ কৰা।
  • ৰাজ্যত সংক্ৰমণৰ বোজাৰ পৰ্য্যাপ্ত হস্তক্ষেপন আৰু মূল্যায়নৰ কাৰণে নক্সা আৰু সমীক্ষাৰ প্ৰচাৰ কৰা।
  • সঠিক পৰ্য্যবেক্ষণ আৰু মূল্যায়ন ব্যৱস্থা প্ৰচাৰ কৰা আৰু জবাবদিহিতা সুনিশ্চিত কৰা।
  • যথাযোগ্য আইনী গঠনকাৰ্য্য উন্নয়ন কৰা।