এইচ আই ভি/এইডচ্ ৰোগী সকলৰ কৰণে
- সময়মতে ঔষধ গ্ৰহণ কৰিব।
- ৰক্তদান নকৰিব।
- স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰিব।
- নিয়মিত মেডিকেল চেক আপ কৰিব।
- এ আৰ টি/লিংক এ আৰ টি কেন্দ্ৰসমূহৰ লগত যোগাযোগ ৰাখিব।
উচ্চ বিপদসম্পন্ন গোট ( এইচ আৰ জি) সমূহৰ কাৰণে
- নিয়মিত ভাৱে কনডম ব্যৱহাৰ কৰিব।
- নিয়মিত এইচ আই ভি/এইডচ্ চেক আপ কৰিব।
- আচৰণ পৰিবৰ্তন কৰিবলৈ চেষ্টা কৰিব।
- ৰক্তদান নকৰিব।
সাধাৰণ জনতাৰ কাৰণে
- অসুৰক্ষিত যৌন সম্পৰ্ক বৰ্জন কৰিব।
- নিজৰ সংগীৰ প্ৰতি অনুগত থাকিব।
- সদাই চৰকাৰ আৰু চৰকাৰী অনুজ্ঞাপত্ৰযুক্ত ব্লাড বেংকৰ পৰা ৰক্ত গ্ৰহণ কৰিব।
- ৰক্ত দান কৰক আৰু সকলোকে এনেকুৱা কৰিবলৈ উৎসাহিত কৰক।
- এইডচ্ নহ`বৰ কাৰণে এইডচ্ৰ বিষয়ে জানক।