মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

এইচ আই ভি সংক্ৰমিতৰ কাৰণে চাইল্ড কেয়াৰ হোম

কস্তৰী চাইল্ড কেয়াৰ হোম এইচ আই ভি সংক্ৰমিত আৰু প্ৰভাৱিত অনাথ আৰু অৰ্ধ-অনাথ শিশু সকলৰ কাৰণে এটা বিশেষ কেয়াৰ হোমৰ ওপৰত সংকল্পনা টোকা

বিধানসভাত উপস্থাপিত হিছাপে অনুদান খণ্ড-২ অংশ-৬ কাৰণে কৰা অনুৰোধত প্ৰতিফলিত ধৰণে অসম চৰকাৰে ২০১৭-১৮ বিত্তীয় বৰ্ষৰ কাৰণে ২০০ লাখ টকাৰ ধনৰাশি অনুমোদিত আৰু অনুমোদন জনাইছে।

০-১৮ বছৰ বয়সৰ মাজৰ শিশু সকলৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ কস্তুৰী চাইল্ড কেয়াৰ হোম ( কে চি চি এইচ ) নামৰ এটা চাইল্ড কেয়াৰ হোমে ৩ আগষ্ট ২০১২ চনৰ পৰা কাম কৰি আছে, যাৰ ভিতৰত ২০ জন শিশুৰ পৰিচৰ্য্যাৰ খৰচ হিচাবে প্ৰতি বিত্তীয় বৰ্ষত ২৫ লাখ টকাৰ ধনৰাশি আবণ্টনক মঞ্জুৰী দিয়া হৈছিল, যি কি নহওক আজিৰ তাৰিখত এই ধনৰাশিৰ পৰিমাণ প্ৰতি বিত্তীয় বৰ্ষত ৫০ লাখলৈ বৃদ্ধি কৰোৱা হৈছে।

এই পৰিযোজনাই মুখ্যতঃ অনাথ, অৰ্ধ অনাথ বা সৰ্বহাৰা শিশু সকলৰ ওপৰত গুৰুত্ব দিয়ে যি সকল এইচ আই ভি/এইডচ্ৰ দ্বাৰা সংক্ৰমিত আৰু প্ৰভাৱিত আৰু আই চি টি চি বা এ আৰ টি চি কেন্দ্ৰ বা ৰাজ্যৰ কোনো শিশু কল্যাণ সমিতিৰ মাধ্যমত উল্লেখ কৰা হৈছে।

এইচ আই ভি/এইডচ্ সংক্ৰমিত আৰু প্ৰভাৱিত ব্যক্তিসমূহৰ মৃত্যুৰ কাৰণে, নিসঙ্গ/বিধৱা/বিবাহ বিচ্ছেদিত মহিলা সকলৰ পুনৰ্বিবাহ, পৰিয়াল সমূহত প্ৰেম আৰু সুৰক্ষাৰ অভাৱ, পাৰিবাৰিক বিবাদ সমূহ, অবৈধ দেহব্যৱসায়ী/যৌন শোষিত ছোৱালী বিলাকৰ অবাঞ্চিত গৰ্ভধাৰণ আৰু কেতিয়াবা যত্ন আৰু সমৰ্থনহীন সম্বন্ধীয় এই অনাথসমূহক ৰাস্তাত এৰি থৈ যায়।

এইদৰে বেছিভাগ শিশু লেতেৰা জাৱৰ টনা, পকেটমাৰ হিছাপে শেষ হৈ যায় আৰু বহুতো অ-সামাজিক কাম কাজ আৰু আনকি অপৰাধমূলক কামকাজতো লিপ্ত হয়।

মনত দৃষ্টি বা ধ্যান ৰাখি এই শিশুসকলক তেওঁলোকৰ প্ৰাৰম্ভিক বৰ্ষত যত্ন, সমৰ্থন আৰু সুৰক্ষা প্ৰদান কৰিবলৈ, যাতে তেওঁলোক অনাগত দিনত একোজন কৰ্মঠ নাগৰিক হ`ব পাৰে তাৰকাৰণে স্কুল, টিউচন, পুষ্টিকৰ খাদ্য, সুস্থ আশ্ৰয়(আদি) সকলোবোৰ প্ৰয়োজনীয় ব্যৱস্থা সঠিক স্থানত ৰাখিব লাগে।

চাইল্ড কেয়াৰ প্ৰতিষ্ঠানত আশ্ৰয়িত ১৭ জন শিশু সহ আশ্ৰয় গৃহটো বৰ্তমান গৃহ নং-৯, সূৰজ নগৰ, ছয় মাইল, খানাপাৰা গুৱাহাটী ২২ ত অৱস্থিত আৰু ইয়াত ৪ জন আবাসিক কৰ্মচাৰী আৰু ৩ জন বাহ্যিক কৰ্মচাৰী সদস্যই কাম কৰি আছে।