মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

সজাগতা কাৰ্য্যক্ৰম

এ এছ এ চি এছে স্বেচ্ছাসেৱী ৰক্তদান দিৱস উৎযাপন কৰে

ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সংস্থান, খানাপাৰা, গুৱাহাটীৰ আলোচনা কক্ষত অসম ৰাজ্যিক এইডচ্ নিয়ন্ত্ৰণ সমিতি আৰু অসম ৰাজ্যিক ৰক্ত সঞ্চাৰণ পৰিষদে ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী ৰক্তদান দিবস (এন ভি বি ডি ডি)পালন কৰে ১ অক্টোবৰ, ২০১৬ ত। এই বছৰৰ, এন ভি বি ডি ডি ৰ থিম হ`ল `ৰক্তদান কৰক,এইটো জীৱন সন্দৰ্ভ`। সভাৰ অংশগ্ৰহণকাৰী সকলক সম্ভাষণ জনাই, এ এছ এ চি এছ প্ৰকল্প সঞ্চালক, মানবেন্দ্ৰ সিং এ কৈছিল, ``সুৰক্ষিত ৰক্ত উপলদ্ধতা সুনিশ্চিত কৰিবলৈ স্বেচ্ছাসেৱী ৰক্তদানে বিচাৰে দাতা সকলৰ মাজত সজাগতাৰ জৰিয়তে সংগ্ৰহ কৰা ৰক্তক ১০০ শতাংশলৈ বৃদ্ধি কৰা। তেওঁ এইটোও সংকেত দিছিল যে মানুহৰ মাজত সজাগতা বৃদ্ধিত অসম বহুত পিছত আছে। তেওঁ কৈছিল, সেইকাৰণে অসমত ভি বি ডি ৰ শতকৰা হাৰ আন উত্তৰ পূৰ্বাঞ্চল ৰাজ্য সমূহৰ তুলনাত ৫৭ শতাংশ য`ত এইটো অৰুণাচল প্ৰদেশত ১০০ শতাংশ আৰু ত্ৰিপুৰাত ৯৭ শতাংশ।

দিনটোৰ তাৎপৰ্য্য ব্যাখ্যা কৰি, উপসঞ্চালক, ৰক্ত সঞ্চাৰণ সেৱা, এ এছ এ চি এছ, ড. পি কে বৰুৱাই কৈছিল, ``সেচ্ছাসেৱী ৰক্তদান সম্ভৱ, যদি এজন ব্যক্তি যাৰ কাৰণে সজাগতা আৰু জ্ঞানৰ প্ৰয়োজন স্বয়ং ৰক্তদান কৰিবলৈ অনুপ্ৰাণিত হয়।`` তেওঁ আৰু কৈছিল , ``ব্লাড বেংকৰ সঞ্চাৰণ সঁজুলি সহ বিদ্যমান কায়িক গঠন উন্নয়ন কৰা হ`ব।`` ৰক্তদানকাৰী সকলক অনুপ্ৰাণিত কৰিবলৈ তৃণমূল পৰ্য্যায়ৰ কৌশল সমূহো তেওঁ ব্যাখ্যা কৰে।

অসম চৰকাৰৰ আয়ুক্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ সমীৰ কুমাৰ সিন্হা, আই এ এছে কৈছিল,`` আমি তেজৰ দাম জানো যেতিয়া আমি একেটাকে প্ৰয়োজনবোধ কৰো। সেইকাৰণে, সকলো স্বেচ্ছাসেৱী সংগঠন ৰক্তদান কৰিবলৈ আগবাঢ়ি আহিব লাগে। এই প্ৰচেষ্টাক সাৰ্বজনিক সমৰ্থনৰ প্ৰয়োজন অন্যথা ই অসফল হৈ ৰ`ব``। ইয়াৰ লগত যোগ কৰি `` প্ৰতিজন স্বেচ্ছাসেৱী দাতাক নায়ক হিছাপে অভিষেক কৰিব লাগে। স্বেচ্ছাসেৱী ৰক্তদানক কেৱল মাত্ৰ নগৰ অঞ্চলতে সীমাবদ্ধ কৰি ৰাখিব নালাগে। এইটো এটা সামাজিক আন্দোলন হোৱা উচিত। সকলো এজেন্সীৰ কাৰণে এখন সাধাৰণ প্লেটফৰ্ম, এখন ৰোডমেপ আৰু এটা ডিজাইন আৰু সকলোৰে কাৰণে এটা নিৰ্ধাৰিত কাৰ্য্য থাকিব লাগে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতেলৰ অধ্যক্ষ, ড. এ কে অধিকাৰীয়ে নতুন প্ৰযুক্তিবিদ্যাৰ ওপৰত জোৰ দিছিল যিটো ভৱিষ্যতত প্ৰয়োজন সাপেক্ষ বা দৰিদ্ৰ ৰোগী সকলৰ কাৰণে ৰোগানুমুক্ত ৰক্ত আৰু ৰক্ত উৎপাদন উপলদ্ধ হ`ব। স্বাস্থ্য সেৱাৰ সঞ্চালক, অসম চৰকাৰ, ড. ৰবিন ভূঞাঁও স্বেচ্চাসেৱী ৰক্ত দান বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিছে যাৰ কাৰণে পৰিৱেশৰ ওপৰত নজৰ দিব লাগিব। উপ মহা প্ৰৱন্ধক, লুমিনাছ ইনফ`ৱেজ প্ৰা: লি:, তপন কুমাৰ ভ`ল, যি জনে ৰক্ত সঞ্চাৰণ সেৱাৰ কাৰণে ই-ব্লাড বেংকিং ব্যৱস্থা বিকশিত কৰি আছে, কৈছিল যে ই ব্লাড বেংকিং ব্যৱস্থাৰ পৰিচয় বা প্ৰৱৰ্ত্তন সহ সাধাৰণ জনতাই ৰক্ত উপলদ্ধতাৰ সৈতে ব্লাড বেংকৰ সন্ধান কৰিবলৈ সক্ষম হ`ব।

সকলোমিলি ১০ টা স্বেচ্ছাসেৱী ৰক্তদান সংগঠনক ভি বি ডি শিবিৰৰ আয়োজন আৰু ৰক্ত দান কৰাত তেওঁলোকৰ যোগদানৰ কাৰণে নগদ পুৰস্কাৰ আৰু প্ৰমান পত্ৰ সহ সম্বৰ্ধিত কৰা হয়। বৰাক উপত্যকা স্বেচ্ছাসেৱী ৰক্তদান মঞ্চ, শিলচৰ, কাচাৰ, অসম ক ১৪৮৮ ইউনিট ৰক্ত সংগ্ৰহ কৰাৰ কাৰণে প্ৰথম পুৰস্কাৰেৰে সন্মানিত কৰা হয়।

ক্ৰ: নং পুৰস্কাৰ   সংগঠনৰ নাম  সংগ্ৰহ কৰা ইউনিট     পৰিমাণ
১ম পুৰস্কাৰবৰাক উপত্যকা স্বেচ্ছাসেৱী ৰক্তদান মঞ্চ, ১৪৮৮ ১,৯৯,০০০.০০   
শিলচৰ, কাচাৰ        
২ য় পুৰস্কাৰপূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাড়ী যুব মঞ্চ  ৮৭৫ ৬০,০০০.০০ 
৩ য় পুৰস্কাৰঅখিল ভাৰতীয় তেৰাপন্থ যুবক পৰিষদ ৭০৬ ৪০,০০০.০০  
৪ য় পুৰস্কাৰএইচ ডি এফ চি বেংক লিঃ, অসম  ৪৩৫ ১০,০০০.০০ 
৫ ম পুৰস্কাৰআই আই টি, গুৱাহাটী, উত্তৰ গুৱাহাটী, কামৰূপ,৩৯৮ ১০,০০০.০০   
অসম        
৬ ম পুৰস্কাৰএন আই টি, শিলচৰ, কাচাৰ  ৩৩২ ১০,০০০.০০ 
৭ ম পুৰস্কাৰসদস্য সচিব, এইচ.এম.এছ.,জি এম চি এইচ  ৩০৮ ১০,০০০.০০  
গুৱাহাটী -৩২         
৮ ম পুৰস্কাৰজি.চি. মহাবিদ্যালয়, শিলচৰ, কাচাৰ, অসম ২৬৫ ১০,০০০.০০  
৯ ম পুৰস্কাৰসন্ত নিৰণকাৰী মণ্ডল, অসম   ২০৩ ১০,০০০.০০
১০১০ম পুৰস্কাৰডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড়১৯৫ ১০,০০০.০০ 

 

যোৱা ২ বছৰ কালত ৰক্তদান      
সকলো প্ৰকাৰৰ ব্লাড বেংকত ৰক্তদান      
বছৰব্লাড স্বেচ্ছাসেৱীপ্ৰতিস্থাপনমুঠস্বেচ্ছাসেৱীসংগঠিত
 বেংকৰৰক্তৰক্ত দানৰ %ৰক্ত দান
 সংখ্যাদানদান  শিবিৰৰ সংখ্যা
২০১৫-২০১৬৬৬১১৮১৯০৯৫৭৮৫২১৩৯৭৫৫৫৪৬১
২০১৬-২০১৭৬৫৪৬৭১৬৪২৭০৯৮৯৪২৫৫২১৮৬
(এপ্ৰিল-       
 আগষ্ট)      
নাক` সমৰ্থিত ব্লাড বেংকত ৰক্ত দান      
২০১৫-২০১৬ব্লাডস্বেচ্ছাসেৱীপ্ৰতিস্থাপনমুঠস্বেচ্ছাসেৱীসংগঠিত
 বেংকৰৰক্তৰক্ত দানৰ %ৰক্ত দান
 সংখ্যাদানদান  শিবিৰৰ সংখ্যা
২০১৬-২০১৭২৬৯৪৭৯৪৪৬৯৩১১৪১৭২৫৬৭৪৩৭
(এপ্ৰিল-      
 আগষ্ট)      
২০১৬-২০১৭২৬৩৭৪২১২২১৪৩৫৯৫৬৪৬৩১৭২
(এপ্ৰিল-      
 আগষ্ট)      

এ এছ এ চি এছে বিশ্ব এইড্চ দিৱস উৎযাপন কৰে

স্বাস্থ্য মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই ই ব্লাড বেংকিং ব্যৱস্থা উদ্বোধন কৰে

বিশ্বৰ আন ঠাই সমূহৰ লগতে অসম ৰাজ্যিক এইড্চ নিয়ন্ত্ৰণ সমিতিয়ে ( এ এছ এ চি এছ) শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ, কলাক্ষেত্ৰ, গুৱাহাটীত ১ ডিচেম্বৰ ২০১৬ ত বিশ্ব এইড্চ দিৱস উৎযাপন কৰে। এ এছ এ চি এছ চৌহদত এভাৰেষ্ট পৰ্বতাৰোহী হেন্ৰী ডেভিড টেৰ`ণ ৰ দ্বাৰা ধ্বজা জোকাৰি ৰাওনা হোৱা এটা ৰেলী সহ দিনজোৰা অনুষ্ঠান আৰম্ভ হৈছিল যাক কলাক্ষেত্ৰত সমাপন কৰা হয়। কলাক্ষেত্ৰত বিশাল সমাৱেসক স্বাগতম জনাই, প্ৰকল্প সঞ্চালক মানবেন্দ্ৰ প্ৰতাপ সিং, আই এ এছে কৈছিল, `` এই তথ্যৰ কোনো বিৰোধাভাস নাই যে এইচ আই ভি/এইড্চ ৰ দপদপনিয়ে বিশ্বব্যাপী লাখ লাখ ব্যক্তিক প্ৰভাৱিত আৰু সংক্ৰমিত কৰি আছে। যদি আমি ৰাষ্ট্ৰসংঘ এইডচ্ প্ৰতিবেদন মতে যাওঁ, ২০১৫ চনৰ শেষত, য`ত বিশ্বৰ চাৰিওফালে ৩৬.৭ লাখ মানুহ এইচ আই ভি ৰ সৈতে জীয়াই আছে আৰু ২০১৫ চনৰ সময়ত ১.১ লাখ মানুহে এইডচ্ সম্বন্ধিত বেমাৰত মৃত্যু বৰণ কৰিছে। এই বছৰৰ থিম -এইচ আই ভি প্ৰতিৰোধৰ কাৰণে # হাত আগ বঢ়াওকৰ ওপৰত জোৰ দি সিং এ কৈছিল, `` আমি এইচ আই ভি/এইডচ্ সম্বন্ধিত বিষয়সমূহ উথাপন কৰিবলৈ আমাৰ হাত আগ বঢ়োৱা উচিত। সামাজিক মাধ্যম বিপ্লৱৰ এই যুগত, আমি এইচ আই ভি/এইডচ্ ৰ বিষয়ে মুকলিকৈ কথা পতা আৰম্ভ কৰিব পাৰো আৰু আমি যথেষ্ট সজাগতা ব্যাপ্ত আৰু এইচ আই ভি ৰ সৈতে জীয়াই থকা মানুহৰ বিৰুদ্ধে বৈষম্য শেষ কৰিবলৈ চেষ্টা কৰিব পাৰো।

সিং এ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা আনুষ্ঠানিক ভাৱে উদ্বোধিত ই-ব্লাড বেংকিং ব্যৱস্থাৰ উপকাৰিতাৰ কথাও কৈছিল।

এই উপলক্ষ্যত মুখ্য অতিথি হিছাবে বক্তব্য ৰাখি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই কৈছিল, ``এইচ আই ভি/এইডচ্ সজাগতাক অৰ্ধ-চহৰ আৰু বস্তি এলেকালৈ লৈ যাব লাগে য`ত সজাগতাৰ স্তৰ তুলনামূলকভাৱে কম। সকলো কিশোৰে এইচ আই ভি/এইডচ্ বিষয়ে জনা উচিত``। তেওঁ মৌখিক বা মুখে মুখে কৰা প্ৰচাৰৰ ওপৰতো জোৰ দিছিল যিটো কোনো আন যোগাযোগৰ মাধ্যমতকৈ বেছি শক্তিশালী। তেওঁ প্ৰস্তাৱিত কৰিছিল যে অহা বছৰৰ পৰা অসমৰ সকলো মহাবিদ্যালয়ত বিশ্ব এইডচ্ দিৱস পালন কৰা হ`ব আৰু এইচ আই ভি প্ৰতিৰোধৰ বিষয়ে মুকলি আলোচনা মহাবাদ্যালয়ৰ শিক্ষক বৃন্দৰ পৰা বাছি উলিওৱা সম্বলিত ব্যক্তি সকলৰ সহায়ত আৰম্ভ কৰিব পাৰি।মন্ত্ৰী জনাই আৰু কৈছিল যে এইচ আই ভি/এইডচ্ ৰ সৈতে জীয়াই থকা ব্যক্তিসকলৰ শিশু সকলৰ কাৰণে শিলচৰ আৰু ডিব্ৰুগড়ত আৰু দুখন আনাথালয় প্ৰতিষ্ঠা কৰিব পাৰি।

ই-ব্লাড বেংকিং ব্যৱস্থাৰ পৰিচয়ত মন্ত্ৰীজনাই এ এছ এ চি এছ ৰ প্ৰচেষ্টাক প্ৰশংসিত কৰে যিটো পেছাদাৰী ৰক্তদাতা সকলৰ ট্ৰেকিঙত সহায়কাৰী হ`ব। মন্ত্ৰী জনাই জোৰ দি কয় যে এন এ এ টি মেচিন সমূহৰ ক্ৰয়ত আৰু এম এ এ টি পৰীক্ষণৰ ৰূপায়নত বিপুল খৰচ জড়িত হ`ব আৰু তদুপৰি ই সমগ্ৰ ৰাজ্যক আবৰি নল`ব। সেইকাৰণে, যদি আমি ৰক্ত দান বৃদ্ধি কৰিব পাৰো আৰু সুস্থ দাতা সকলৰ এটা গোট থাকে, তেতিয়া সংক্ৰমিত ৰক্ত লাভৰ সম্ভৱনা হ্ৰাস হ`ব। তাৰ কাৰণে ৰক্ত সঞ্চাৰণৰ জৰিয়তে সংক্ৰমণৰ দপদপনিৰ সৈতে যুঁজিবলৈ স্বেচ্ছাসেৱী ৰক্ত দান কাৰ্য্যসূচীক শক্তিশালী কৰা হ`ব। তেওঁ দাতা অনুপ্ৰেৰণা আৰু ৰাজ্যত দাতা অনুকূল পৰিৱেশ সৃষ্টিৰ প্ৰয়োজনীয়তাও উনুকিয়াই দিয়ে।

অসম চৰকাৰৰ আয়ুক্ত ও সচিব, সমীৰ সিন্হা, আই এ এছ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে কৈছিল, `ই ব্লাড বেংকিং এ এছ এ চি এছ ৰ দ্বাৰা লোৱা এটা মহান পদক্ষেপ আৰু এই পদক্ষেপে ৰাজ্যত সকলো স্বাস্থ্য প্ৰতিষ্ঠানৰ মাজত সমন্বয় কঢ়িয়াই আনিব`। তেওঁ যোৱা কিছুমাহৰ এ এছ এ চি এছ ৰ সাফল্যও ৰেখাঙ্কিত কৰে।

লুমিনাছ ইনফ`ৱেজ প্ৰাঃ লিঃৰ উপ মহাপ্ৰৱন্ধক,তপন কুমাৰ ভ`ল, যোনে ই-ব্লাড বেংকিং ব্যৱস্থাৰ চফ্টৱেৰ বিকশিত কৰিছিল, ই-ব্লাড বেংকিঙৰ এটা প্ৰযুক্তিগত অৱলোকন আগবঢ়াইছিল। অফিচাৰ ইন চাৰ্জ চি এছ টি,এ এছ চি এছ, ড. পি ভি বৰুৱাই এ এছ এ চি এছ ৰ দ্বাৰা ইয়াৰ স্থাপনাৰ দিন ধৰি কৰি অহা বিভিন্ন কাৰ্য্যক্ৰম বা গতিবিধিৰ ওপৰত বক্তব্য আগবঢ়াইছিল। ডেপুটি কামাণ্ডেণ্ট, চি আৰ পি এফ ৰৱিন্দ্ৰয়ো এই উপলক্ষ্যত উপস্থিত আছিল। এই সমাৰোহত বহুতো শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী এ এছ এ চি এছ বিষয়াক যোনে পৰিধিৰ ভিতৰত কাম কৰি আছে সম্বৰ্দ্ধিত কৰা হয়। তিনিটা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ৰেড ৰিবন ক্লাবক এই অনুষ্ঠানত সন্মানিত কৰা হয়। এইচ আই ভি/এইডচ্ ( পি এল এইচ আই ভি) ৰ সৈতে জীয়াই থকা ব্যক্তিৰ ৪১ গৰাকী বিধৱাক ১ লাখ টকাৰ এক কালীন অনুদান প্ৰদান কৰা হয়।

ট্ৰাক চালক আৰু অভিবাসীসকলৰ কাৰণে আই পি চি স্বাস্থ্য শিবিৰ

১৩ আগষ্ট, ২০১৬ ত বি জি গুদাম নুনমাটি গুৱাহাটীত ট্ৰাক চালক অভিবাসী সকলৰ কাৰণে এটা আই পি চি ( আন্তঃ ব্যক্তিগত যোগাযোগ) স্বাস্থ্য শিবিৰ সংগঠন কৰা হৈছিল। এই শিবিৰটো টি আই এন জি ও- ছ`চিয়েল ইউনিটি কীপাৰ এছ`ছিয়েছন ফৰ অল ( এছ ইউ কে এ এফ এ) আৰু নলবাৰী বাঁহ-বেত শিল্প উন্নয়ন সমিতি ( এন জেদ বি বি এছ ইউ এছ) ৰ সহায়ত অসম ৰাজ্যিক এইডচ্ নিয়ন্ত্ৰণ সমিতি ( এ এছ এ চি এছ ) ৰ দ্বাৰা সংগঠন কৰা হৈছিল। এই শিবিৰ পুৱা দহ বজাত আৰম্ভ হৈছিল য`ত যুটীয়া সঞ্চালকৰ কাৰ্য্যালয়, স্বাস্থ্য সেৱা, কামৰূপ (ম) ৰ দ্বাৰা প্ৰদান কৰা এটা চিকিৎসক, নাৰ্চ ফাৰ্মাচিষ্টৰ দল জড়িত আছিল। এই স্থানত আই চি টি চি মোবাইল ভেনো স্থাপন কৰা হয়। এই স্বাস্থ্য পৰীক্ষা শিবিৰে হিতাধাকাৰী সকলৰ স্বাস্থ্য পৰীক্ষা, এইচ আই ভি/এইডচ্ পৰামৰ্শ আৰু পৰীক্ষণ আৰু ঔষধৰ বিতৰণ কৰিছিল। মুঠ ১৬২ জন হিতাধিকাৰীক আমি পঞ্জীয়ন কৰিছিলো আৰু মুঠ ৬৪ জন ক্লায়েণ্টক এইচ আই ভি/এইডচ্ৰ কাৰণে পৰীক্ষা কৰিছিলো। তেওঁলোকৰ কোনোৱে পজিটিভ প্ৰমাণিত নহ`ল। এই শিবিৰ বিয়লি ৪ বজাত সফলতাৰে সামৰণি মৰা হ`ল।