মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

অসমৰ এইচ আই ভি দৃশ্যপট

বিশ্ব আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত এইচ আই ভি দৃশ্যপট

২০১৫ চনৰ শেষৰ ফালে, গোটেই বিশ্বব্যাপী এইচ আই ভি ৰ সৈতে জীয়াই থকা মানুহৰ সংখ্যা ৩৬.৭ মিলিয়ন (৩৪.০ মিলিয়ন – ৩৯.৮ মিলিয়ন)।২০১৫ চনত ২.১ মিলিয়ন মানুহ ( ১.৮ মিলিয়ন – ২.৪ মিলিয়ন ) নতুনকৈ এইচ আই ভি সংক্ৰমিত হৈছে আৰু ১.১ মিলিয়ন (৯.৪০.০০০-১.৩ মিলিয়ন) মানুহৰ এইডচ্ সম্পৰ্কীয় অসুখত মৃত্যু ঘটিছে( ইউ এন এ আই ডি এছ ফেক্ট শ্বীট নবেম্বৰ ২০১৬)। প্ৰতিবেদনত আৰু কোৱা হৈছে যে ২০১০ চনৰ পৰা বিশ্বজুৰি শিশু সকলৰ মাজত নতুন এইচ আই ভি সংক্ৰমণ ৫০ % লৈ হ্ৰাস পাইছে কিন্তু ২০১০ চনৰ পৰা প্ৰাপ্ত বয়স্ক সকলৰ মাজত হ্ৰাস পেৱা নাই। ২০১৫ চনৰ শীৰ্ষৰ পৰা এইডচ্ সম্পৰ্কিত মৃত্যু ৪৫ % লৈ হ্ৰাস হৈছে। ইউ এন এ আই ডি এছে অনুমান কৰিছে যে জুন, ২০১৫ ত ১৫.৮ মিলিয়ন মানুহ আৰু ২০১০ ত ৭.৫ মিলিয়ন মানুহৰ পৰা জুন, ২০১৬ লৈ ১৮.২ মিলিয়ন মানুহে বেছি এণ্টিৰেট্ৰ`ভাইৰেল থেৰাপী ব্যৱহাৰ কৰিছে। বিশ্বব্যাপী এইচ আই ভি মহামাৰীৰ নিয়ন্ত্ৰণত উল্লেখযোগ্য অগ্ৰগতিৰ ওপৰত ভিত্তি কৰি যোৱা বছৰ ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদত গৃহীত স্থায়ী উন্নয়ণমূলক লক্ষ্য (এছ ডি জি)সমূহৰ অংশ হিছাবে ২০৩০ চনলৈকে ফাষ্ট ট্ৰেক মোডত এইডচ্ মহামাৰী নিৰ্মূল কৰাত বিশ্বই প্ৰতিশ্ৰুতি দিছে।

ভাৰতীয় এইচ আই ভি মহামাৰীক সমস্ত ৰাজ্যতে এটা সমম্বিত নন-আই ডি ইউ মহামাৰী ৰূপে সংজ্ঞায়িত কৰা হৈছে মনিপুৰ আৰু নগালেণ্ডৰ বাহিৰে, য`ত মহামাৰীক এক সমম্বিত আই ডি ইউ হিছাবে সংজ্ঞায়িত কৰা হয়। ভাৰত এইচ আই ভি মূল্যায়ন ২০১৫ ৰ ওপৰত কাৰিকৰী প্ৰতিবেদন অনুযায়ী ভাৰতত প্ৰাপ্তবয়স্ক এইচ আই ভিৰ প্ৰাদুৰ্ভাৱ ২০১৫ চনত ০.২৬ % হিছাবে অনুমান কৰা হৈছিল আৰু ই ২০০১-০৩ চনত ০.৩৮ % ৰ পৰা স্থিৰ পতন দেখুৱাইছে। যি কি নহওক যেতিয়া প্ৰাপ্তবয়স্ক এইচ আই ভি প্ৰাদুৰ্ভাৱত পতন হয় আৰু উচ্চ প্ৰাদুৰ্ভাৱিত ৰাজ্য সমূহত বাৰ্ষিক নতুন এইচ আই ভি সংক্ৰমণ স্থিৰ হয়, কেইখনমান কম প্ৰাদুৰ্ভাৱিত ৰাজ্যত ২০০৭-১৫ সময়ছোৱাত নতুন এইচ আই ভি সংক্ৰমণত বৰ্ধিত ধাৰা সূচিত হয়।

আঞ্চলিক পৰ্য্যায়ত এইচ আই ভি দৃশ্যপট

ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল অংশ কেইখনমান উচ্চ এইচ আই ভি প্ৰাদুৰ্ভাৱিত আৰু কিছুমান কম এইচ আই ভি প্ৰাদুৰ্ভাৱিত ৰাজ্যৰে সমাৱেশিত। ২০১৫ চনত দেশত মনিপুৰৰ প্ৰাপ্তবয়স্ক এইচ আই ভি পাদুৰ্ভাৱৰ হাৰ ১.১৫ % দেখুওৱা হৈছে। অঞ্চলৰ অন্য উচ্চ প্ৰাদুৰ্ভাৱিত ৰাজ্যসমূহে মিজোৰাম (০.৪০%) আৰু নাগালেণ্ড ( ০.৭৮ %) ক অন্তৰ্ভূক্ত কৰে। দেশৰ বাকী অংশৰ লগত একে ধৰণে, এই উচ্চ প্ৰাদুৰ্ভাৱিত ৰাজ্যসমূহে এইচ আই ভি ত অৱনমিত ধাৰা দেখুৱাইছে য`ত নেকি কিছুমান কম প্ৰাদুৰ্ভাৱিত ৰাজ্যই সাম্প্ৰতিক বছৰত বৰ্ধিত ধাৰা বা প্ৰৱনতা দেখুৱাইছে। (নক্সা-১)

নক্সা ১ : উত্তৰ পূৰ্বাঞ্চল ৰাজ্যসমূহৰ প্ৰাপ্তবয়স্ক এইচ আই ভি প্ৰাদুৰ্ভাৱৰ ধাৰা ( নাক` এইচ আই ভি মূল্যায়ন ২০১৫)

প্ৰাপ্তবয়স্ক এইচ আই ভি প্ৰাদুৰ্ভাৱৰ সৈতে একে ধৰণে ৰাজ্যৰ বাৰ্ষিক নতুন এইচ আই ভি সংক্ৰমণৰ অৱনমিত ধাৰা দেখা গৈছে মণিপুৰ, মিজোৰাম, নাগালেণ্ড, মেঘালয় আৰু অৰুণাচল প্ৰদেশত য`ত নেকি নতুন সংক্ৰমণ হোৱা দেখা গৈছে অসম, ত্ৰিপুৰা আৰু ছিকিমত। অসম আৰু ত্ৰিপুৰাৰ বাৰ্ষিক নতুন এইচ আই ভি সংক্ৰমণৰ বৰ্ধিত হাৰ অতি উচ্চ।(নক্সা-২)

নক্সা ২ : উত্তৰ পূৰ্বাঞ্চল ৰাজ্যসমূহৰ বাৰ্ষিক নতুন এইচ আই ভি সংক্ৰমণ (১৫+ বছৰ) (নাক` এইচ আই ভি মূল্যায়ণ ২০১৫)

উপৰোক্ত প্ৰমাণৰ পৰা বুজা যায় যে উত্তৰ-পূৱ অঞ্চলত বিশেষকৈ অসম আৰু ত্ৰিপুৰাত এইচ আই ভি সংক্ৰমণৰ কিছুমান বহিৰ্গামী পকেট আছে, য`ত বাৰ্ষিক নতুন এইচ আই ভি সংক্ৰমণৰ হাৰ এই অঞ্চলত তিনিখন এইচ আই ভি প্ৰদুৰ্ভাৱিত ৰাজ্যতকৈ বেছি।

অসমত এইচ আই ভি দৃশ্যপট

আনুমানিক ০.০৬% প্ৰাপ্তবয়স্ক এইচ আই ভি প্ৰাদুৰ্ভাৱ সহ অসমক কম এইচ আই ভি পাদুৰ্ভাৱিত ৰাজ্য হিছাবে শ্ৰেণীভূক্ত কৰা হৈছে যিটো ০.২৬% ৰাষ্ট্ৰীয় প্ৰাদুৰ্ভাৱতকৈ কম। যি কি নহওক, ৰাজ্যত প্ৰাপ্তবয়স্ক এইচ আই ভি প্ৰাদুৰ্ভাৱ ২০০৭ ত ০.০৪% ৰ পৰা ২০১৫ ত ০.০৬% লৈ বৃদ্ধি হৈছে। এইটো অনুমান কৰা হৈছে যে ২০১৫ ত অসমত ৯২৮টা নতুন এইচ আই ভি সংক্ৰমণ আছিল ( নাক` কাৰিকৰী প্ৰতিবেদন ২০১৫)। প্ৰতিবেদনত এইটোও কোৱা হৈছে যে ২০১৫ চনত অসমত আনুমানিক ১২,০৯০ জন ব্যক্তি এইচ আই ভি ( পি এল এইচ এ) সহ জীয়াই আছিল। যি কি নহওক, প্ৰ`গ্ৰাম ডেটা অনুসৰি ৩১ মাৰ্চ, ২০১৭ লৈকে ১৩৩৬৮ সংখ্যক এইচ আই ভি পজিটিভ কেচ পৰীক্ষা কৰি থকা হৈছে যাৰ ভিতৰত ৯৮৫১ টা কেচ এ আৰ টি ৰ অধীনত ভৰ্ত্তি কৰা হৈছিল আৰু ৪৬৯৮ টা কেচ এতিয়াও জীৱিত আৰু এ আৰ টি ত আছে। নিম্নোক্ত কাৰণ সমূহৰ কাৰণে অসমো এখন এইচ আই ভি সংক্ৰামকৰ কাৰণে অত্যাধিক সংবেদনশীল ৰাজ্য :

  1. ই উত্তৰ পূৰ্বাঞ্চল ৰাজ্যসমূহৰ প্ৰৱেশ পথ।
  2. ই তিনিখন উচ্চ প্ৰাদুৰ্ভাৱিত ৰাজ্য মনিপুৰ মিজোৰাম আৰু নাগালেণ্ডৰ দ্বাৰা পৰিবেষ্টিত।
  3. বৃহৎ সংখ্যক যুৱ জনসংখ্যা ৰাজ্যৰ পৰা কৰ্মসংস্থাপনৰ কাৰণে ডাঙৰ চহৰ সমূহলৈও ৰাওনা হয় আৰু উচ্চ বিপদসম্পন্ন আচৰণত জড়িত হৈ পৰে।
  4. অসমত বহুত বেচৰকাৰী স্বাস্থ্য খণ্ড আছে যিয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল ৰাজ্য সমূহলৈ সেৱা আগবঢ়ায়।
  5. অন্য উত্তৰ পূৰ্বাঞ্চল ৰাজ্য সমূহ, পশ্চিমবংগ, নেপাল আদিৰ পৰা বৃহৎ সংখ্যক মহিলা অভিবাসী কৰ্মসংস্থাপন আৰু শিক্ষাৰ বাবে অসমলৈ আহে আৰু এইচ আই ভি সংক্ৰমণৰ অনুকুল বিপদ সম্পন্ন আচৰণত জড়িত হৈ পৰে।

প্ৰমাণে দেখুৱাইছে যে, ৰাজ্যত এইচ আই ভি মহামাৰী মহিলা যৌন কৰ্মী ( এফ এছ ডব্লিউ), পুৰুষৰ সৈতে পুৰুষৰ যৌন কৰ্ম ( এম এছ এম) আৰু ড্ৰাগ ইনজেকশ্বন ব্যৱহাৰ কাৰী ( আই ভি ইউ) আদি উচ্চ বিপদসম্পন্ন গোট জনসংখ্যাৰ মাজত ঘনীঙূত হৈ আছে। ২০১০-১১ আৰু ২০১৫ ৰ স্থিতিত এইচ আই ভি চেণ্টিনেল চাৰ্ভেলেন্স ডেটাই দেখুৱাইছে যে ৰাজ্যত এইচ আই ভি মহামাৰী উচ্চ বিপদ সম্পন্ন গোট আই ডি ইউ ( ১.১৪৬%), এম এছ এম ( ১.৪০%) আৰু এফ এছ ডব্লিউ (০.৪৬%) ৰ মাজত ঘনীভূত হৈ আছে য`ত এইচ আই ভি প্ৰাদুৰ্ভাৱ এ এন চি অংশগ্ৰহণকাৰী, সাধাৰণ জনসংখ্যাৰ কাৰণে প্ৰক্সি বুলি বিবেচিত সকলৰ মাজত ০.১৮% ত কম। যি কি নহওক, অসমত কোনো অভিবাসী বা ট্ৰাক চালক এইচ আই ভি চেণ্টিনেল চাইট নথকা, ব্ৰিজ জনসংখ্যাৰ ওপৰত এইচ আই ভি চেণ্টিনেল চাৰ্ভেলেন্স ডেটা মজুত নথকা হিছাবে আৰু সাধাৰণ জনসংখ্যাতকৈ উচ্চ বিপদযুক্ত গোট ( এইচ আৰ জি) সমূহৰ পৰা সংক্ৰমণৰ বিস্তাৰত সম্ভাব্য ভূমিকা আছে। ( নক্সা ৩)

নক্সা ৩ : অসমৰ বিভিন্ন জনসংখ্যাৰ গোটৰ মাজত এইচ আই ভি প্ৰাদুৰ্ভাৱ (%), ২০১০-১১ আৰু ২০১৪-১৫

সাধাৰণ জনসংখ্যাৰ কাৰণে প্ৰক্সি বুলি বিবেচিত প্ৰসৱপূৰ্ব ক্লিনিক অংশ গ্ৰহনকাৰীৰ মাজত এইচ আই ভি চেণ্টিনেল চাৰ্ভেলেন্স ৰ তিনিটা সাম্প্ৰতিক স্থিতিৰ ডেটাৰ পৰা অসমত এইচ আই ভি প্ৰাদুৰ্ভাৱ (%) ত বৰ্ধিত প্ৰবৃত্তিক দেখুওৱা হৈছে (নক্সা ৪)। এইচ এছ এছ ৰ সাম্প্ৰতিক স্থিতিত এ এন চি অংশগ্ৰহণকাৰী সকলৰ মাজত নিৰন্তৰ উচ্চ এইচ আই ভি প্ৰাদুৰ্ভাৱ (%) দেখুওৱা জিলা কেইখন হৈছে কৰিমগঞ্জ, তিনিচুকীয়া আৰু কাৰ্বি আংলং। ইয়াৰ ওপৰিও, এইচ এছ এছ ২০১৫ ৰ সময়ত দুখন জিলা নাম অনুসৰি কাচাৰ ( ১.২৫%) আৰু শোণিতপুৰে(১.২৫%) এ এন চি উপস্থিত সকলৰ মাজত ১% তকৈ বেছি এইচ আই ভি প্ৰাদুৰ্ভাৱ ৰেকৰ্ড কৰিছিল।

নক্সা ৪ : অসমৰ সাধাৰণ জনসংখ্যাৰ মাজত এইচ আই ভি প্ৰাদুৰ্ভাৱ (%)

সাধাৰণ জনসংখ্যাৰ কাৰণে প্ৰক্সি বুলি বিবেচিত প্ৰসৱপূৰ্ব ক্লিনিক অংশ গ্ৰহনকাৰীৰ মাজত এইচ আই ভি চেণ্টিনেল চাৰ্ভেলেন্স ৰ তিনিটা সাম্প্ৰতিক স্থিতিৰ ডেটাৰ পৰা অসমত এইচ আই ভি প্ৰাদুৰ্ভাৱ (%) ত বৰ্ধিত প্ৰবৃত্তিক দেখুওৱা হৈছে (নক্সা ৪)। এইচ এছ এছ ৰ সাম্প্ৰতিক স্থিতিত এ এন চি অংশগ্ৰহণকাৰী সকলৰ মাজত নিৰন্তৰ উচ্চ এইচ আই ভি প্ৰাদুৰ্ভাৱ (%) দেখুওৱা জিলা কেইখন হৈছে কৰিমগঞ্জ, তিনিচুকীয়া আৰু কাৰ্বি আংলং। ইয়াৰ ওপৰিও, এইচ এছ এছ ২০১৫ ৰ সময়ত দুখন জিলা নাম অনুসৰি কাচাৰ ( ১.২৫%) আৰু শোণিতপুৰে(১.২৫%) এ এন চি উপস্থিত সকলৰ মাজত ১% তকৈ বেছি এইচ আই ভি প্ৰাদুৰ্ভাৱ ৰেকৰ্ড কৰিছিল।

যেতিয়া অসমৰ এইচ আই ভি চিনাক্তকৰণৰ তথ্য ৰুট অব্ ট্ৰান্সমিছনৰ দ্বাৰা বিশ্লেষণ কৰা হয়, তেতিয়া এইটো পৰিলক্ষিত হয় যে সংক্ৰমণৰ মূল পথটো হৈছে বিপৰীতকামীতা (৮৬.৬%) নক্সা.৬

নক্সা ৫ : সাধাৰণ ক্লায়েণ্ট আৰু গৰ্ভৱতী মহিলা সকলৰ মাজত বছৰ ভিত্তিক এইচ আই ভি পজিটিভিতিৰ হাৰ।

নক্সা.৬ : চিনাক্তকৃত এইচ আই ভি পজিটিভৰ সংক্ৰমণৰ পথ।

অসম ৰাজ্যিক এইজচ্ নিয়ন্ত্ৰণ সমিতিৰ অধীনৰ বিভিন্ন সেৱা সমূহ
ক্ৰ. নংসেৱাসমূহৰ প্ৰকাৰ শ্ৰেণীনম্বৰ
১. এন জি ও ৰ দ্বাৰা পৰিচালিত নিৰ্ধাৰিত হস্তক্ষেপ (টি আই) প্ৰকল্পএফ এছ ডব্লিউ২৯  
  এম এছ এম১ 
  আই ডি ইউ৬ 
  ট্ৰাক চালক২ 
  অভিবাসী ২
  ক`ৰ কম্প`জিট১১ 
মুঠ   ৫১
অ`পিঅইড চাব্‌ষ্টিটিউট থেৰাপী( ও এছ টি) চেণ্টাৰ্চ  ২ 
২. তথ্য, শিক্ষা ও যোগাযোগ ৰেড ৰিবন ক্লাব২৪৬ 
৩. সংহত পৰামৰ্শ আৰু পৰীক্ষা কেন্দ্ৰ ( আই চি টি চি)ষ্টেণ্ড এল`ন আই চি টি চি ৯৭  
  ম`বাইল আই চি টি চি২ 
  ফেচিলিটি আই চি টি চি২০২ 
  পি পি পি আই চি টি চি৪২ 
মুঠ   ৩৪৩
৪. যৌন সংক্ৰামিত সংক্ৰমণ (এছ টি আই) ক্লিনিক     মনোনীত এছ টি আই/আৰ টি আই ক্লিনিক২৮   
  টি আই এছ টি আই ক্লিনিক৫১ 
 মুঠ   ৭৯
আঞ্চলিক এছ টি আই কেন্দ্ৰ   ১
ৰাজ্যিক এছ টি আই ৰেফাৰেন্স কেন্দ্ৰ  ১ 
৫. ব্লাড বেংক নাক` সমৰ্থিত২৬ 
  নাক` অসমৰ্থিত/বেচৰকাৰী৪২ 
মুঠ   ৬৮
আঞ্চলিক ৰক্ত সঞ্চাৰণ কেন্দ্ৰ   ৩
ব্লাড ম`বাইল বাছ   ১
ৰক্ত পৰিবহণ ভেন   ৬
৬. পৰীক্ষাগাৰ সেৱাসমূহ ষ্টেট ৰেফাৰেন্স চেণ্টাৰ৩ 
যত্ন, সমৰ্থন আৰু চিকিৎসা সেৱাসমূহ    
৭. এণ্টিৰেট্ৰ`ভাইৰেল থেৰাপী (এ আৰ টি) প্ৰ`গ্ৰামএ আৰ টি প্লাছ চেণ্টাৰ২  
  এ আৰ টি চেণ্টাৰ৩ 
  ফেচিলিটি এ আৰ টি চেণ্টাৰ১ 
  লিংক এ আৰ টি প্লাছ চেণ্টাৰ২ 
  লিংক এ আৰ টি চেণ্টাৰ৯ 
চি ডি ৪ টেষ্টিং চেণ্টাৰ   ৪
কেয়াৰ চাপ`ৰ্ট চেণ্টাৰ( এন জি ও দ্বাৰা পৰিচালিত)  ৪ 
চাইল্ড কেয়াৰ হোম (এন জি ও দ্বাৰা পৰিচালিত)( ৰাজ্য চৰকাৰ, অসমৰ পৰা পুঁজিকৃত)১   
অসম ৰাজ্যিক এইডচ্ নিয়ন্ত্ৰণ সমিতিৰ অধীনৰ জিলা ভিত্তিক সেৱাসমূহ :
ক্ৰ:জিলাৰটি আই আই চি টি ছি বি বিএছটিআই  আৰএছচি   এছআৰছি   এআৰটি   এলএচি        
নংনামএনজিও             
  ওএছটিষ্টেণ্ডমবাইলএফআইচিটিচিপিপিপিএনএচিওপ্ৰাইভেটডিএছএৰছিটিআই     
   এল`নআইচিটিচি   চাপ`ৰ্ট       
১বাক্সা১০২০১৬১০০১১০০০০
২বৰপেটা৩০৪০৮০১০১৩০০১০
৩বঙাইগাওঁ২০৩০৫১১২১২০০০১***
৪কাচাৰ৪০৪০৫১২১১৪০১১*০
৫চাৰাং১০১০৯০০০১১০০০০
৬দৰং২০৩০৮০১০১২০০০০
৭ধেমাজী০০৪০৪০১০১০০০০০
৮ধুবুৰী২০৩০১৩০১০১২০০০১
৯ডিব্ৰুগড়২০৩০৯২১৬১২০০১১
১০ডিমা হাচাও২০২০২০১০১২০০০০
১১গোৱালপাৰা২০৩০১০০১১১২০০০০
১২গোলাঘাট২০৪১৩৩১১১২০০০১
১৩হাইলাকাণ্ডি১০২০৫০১০১১০০০০
১৪যোৰহাট২০৫০৪২১২১২০০১০
১৫কামৰূপ (ম)৫১৪১৪১৬৩১৩২৫১০১*১
১৬কামৰূপ (গ্ৰা)০০৯০১৬২০৩১০০০০০
১৭কাৰ্বিআংলং৩১৪০৮০১০১৩০০০১
১৮কৰিমগঞ্জ১০৩০৩১১০১১০০০০
১৯কোকৰাঝাৰ১০৩০৪০১০১১০০০১
২০লখিমপুৰ১০৪০৭০১০১১০০০১
২১মৰিগাওঁ১০২০১৩০১০১১০০০০
২২. নগাওঁ৩০৫০২৫১১৩১৩০০১**০ 
২৩নলবাৰী৩০৩০২১১১১৩০০০০
২৪. শিৱসাগৰ২০৪০৬৩১২১২০০০১ 
২৫শোণিতপুৰ২০৭০৪১১৩১২০০০১***
২৬তিনিচুকীয়া২০৫০৮৭১৪১২০০০১
২৭. ওদালগুৰি১০১০১০০০১১০০০০ 
 মুঠ৫১২৯৭২২০২৪২২৬৪২২৮৫১১১৬১১
*এ আৰ টি প্লাছ চেণ্টাৰ,** এফ আই এ আৰ টি চেণ্টাৰ,*** লিংক এ আৰ টি প্লাছ চেণ্টাৰ