মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

চিকিৎসা আৰু সেৱা

(বিভাগৰ দ্বাৰা প্ৰদান কৰা সেৱা সমূহৰ বিস্তৃত বিৱৰণ)আমি নিম্নলিখিত সেৱা সমূহ প্ৰদান কৰোঁ

  • প্ৰতিৰোধৰ অধীনৰ সেৱা সমূহ:

(ক)নিৰ্ধাৰিত হস্তক্ষেপ (টি আই) প্ৰকল্প :

এন জি ও সমূহৰ মাধ্যমত নিৰ্ধাৰিত হস্তক্ষেপ প্ৰকল্প বাস্তৱায়ন কৰা হয়, যিয়ে উচ্চ বিপদ সম্পন্ন গোট ( এইচ আৰ জি) সমূহ যেনে মহিলা যৌন কৰ্মী ( এফ এছ ডব্লি উ), পুৰুষৰ লগত পুৰুষৰ যৌন সম্পৰ্ক ( এম এছ এম), ড্ৰাগ ইনজেক্শ্বন ব্যৱহাৰকাৰী ( আই ডি ইও) আৰু সেতু জনসংখ্যা যেনে অভিবাসী আৰু ট্ৰাক চালক যোনে এই অনুষ্ঠানৰ প্ৰতিৰোধী সেৱা সমূহ উপলদ্ধ আৰু ব্যৱহাৰ কৰা নাই তেওঁলোকৰ কাষলৈকে যাবৰ কাৰণে চুক্তিবদ্ধ। টি আই স্থাপনৰ সময়ত, তেওঁলোকে বিনামূলীয়া কনডম, এইচ আই ভি পৰামৰ্শ আৰু পৰীক্ষা, এছ টি আই সমূহৰ স্ক্ৰীনিং আৰু চিকিৎসা আদি প্ৰদান কৰে। বৰ্তমান ৫৪ টা টি আই প্ৰকল্পই ৰাজ্যত কাম কৰি আছে।

অ`পিঅইড চাব্ষ্টিটিউট থেৰাপী (ও এছ টি) প্ৰ`গ্ৰাম:

এই কাৰ্যসূচীৰ অধীনত, ড্ৰাগ ইনজেকশ্বন ব্যৱহাৰকাৰী (আই ডি ইও) সকলক মৌখিক ড্ৰাগ,ড্ৰাগ ইনজেকশ্বনৰ বিকল্প হিচাবে বুপ্ৰেন`ৰ্ফাইন প্ৰদান কৰা হয় যাতে এইচ আই ভি সংক্ৰমণ হ্ৰাস কৰিব পাৰি। বৰ্তমান ২ টা ও এছ টি কেন্দ্ৰই ৰাজ্যত কাম কৰি আছে।

(খ) তথ্য, শিক্ষা ও যোগাযোগ ( আই ই চি) আৰু মূলধাৰাৰ পৰিসেৱা :

এই বিভাগৰ অধীনৰ কাৰ্য্যক্ৰম সমূহে এইচ আৰ জি, দুৰ্বল গোট আৰু লগ পাবলৈ কঠিন জনসংখ্যা সমূহৰ কাৰণে আচৰণ পৰিৱৰ্তন যোগাযোগ কৌশল অন্তৰ্ভূক্ত কৰে আৰু সাধাৰণ জনসংখ্যা, বিশেষকৈ মহিলা আৰু যুৱক সকলৰ মাজত সজাগতা সৃষ্টি কৰে। বিভিন্ন বিভাগ সমূহৰ সৈতে মুখ্য ধাৰাটো এই সমূহ কাৰ্য্যক্ৰম কৰা হয়। যুৱ আৰু শিক্ষাৰ্থী সকলৰ মাজত এইচ আই ভি এইডচ্ আৰু স্বেচ্ছাকৃত ৰক্তদানৰ ওপৰত সজাগতা সৃষ্টি কৰিবলৈ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহত `ৰেড ৰিবন ক্লাব` ( আৰ আৰ চি) সমূহ গঠিত হয়। কিশোৰাৱস্থা শিক্ষা কাৰ্য্যক্ৰম ( এ ই পি) ৰ অধীনত বিদ্যালয়/মহাবিদ্যালয় শিক্ষাৰ্থী সকলৰ মাজত এইচ আই ভি এইড্চ শিক্ষাৰ কাৰণে বিদ্যালয়/ মহাবিদ্যালয় সমূহ সামৰি লোৱা হৈছে।

(গ) সংশ্লিষ্ট পৰামৰ্শ আৰু পৰীক্ষা সেৱা :

এই সেৱাসমূহৰ অধীনত সংশ্লিষ্ট পৰামৰ্শ আৰু পৰীক্ষা কেন্দ্ৰ ( আই চি টি চি) সমূহ প্ৰতিষ্ঠিত হয় য`ত এজন ব্যক্তিক তেওঁ/তাইৰ নিজ ইচছা অনুসৰি বা চিকিৎসকৰ পৰামৰ্শৰ দ্বাৰা বিনামূলীয়াকৈ এইচ এই ভি ৰ কাৰণে পৰামৰ্শ দিয়া বা পৰীক্ষা কৰা হয়। এইচ আই ভি প্ৰতিপালন সেৱাসমূহত ৰোগ নিৰ্ণিত ব্যক্তিসকলক সংযুক্ত কৰাৰ কাৰণে এই কেন্দ্ৰসমূহ প্ৰৱেশযোগ্য পইণ্ট হ`ব পাৰে। বৰ্তমান ৰাজ্যত ২৭৫ টা আই চি টি চি য়ে কাম কৰি আছে য`ত সাধাৰণ ক্লায়েণ্ট আৰু গৰ্ভৱতী মহিলাক এইচ আই ভি ৰ কাৰণে পৰামৰ্শ ও পৰীক্ষা কৰা হয়।

(ঘ) যৌন সংক্ৰামক সংক্ৰমণৰ কাৰণে চিকিৎসা ( এছ টি আই):

এই সেৱাৰ অধীনত মনোনীত যৌন সংক্ৰামক সংক্ৰমণ ( এছ টি আই) প্ৰজননগত ট্ৰেক সংক্ৰমণ (আৰ টি আই) ক্লিনিক সমূহ চৰকাৰী চিকিৎসা মহাহিদ্যালয় আৰু অসামৰিক চিকিৎসালয় সমূহ স্থাপিত কৰা হয় যত ৰোগী সকললৈ বিনামূলীয়া চিকিৎসা আগবঢ়োৱা হয় দ্ৰুত ৰোগ নিৰ্ণায়ক হিচাবে আৰু এছ টি আই/আৰ টি আই কাৰ্য্যকৰী চিকিৎসাই এইচ আই ভি সংক্ৰমণক উল্লেখযোগ্য ভাৱে হ্ৰাস কৰিব পাৰে। এছ টি ডি ৰোগী সমূহো এইচ আই ভি সংক্ৰমণ অৰ্জন বা সংক্ৰমিত কৰাৰ কাৰণে আৰু বিপদযুক্ত। এন জি ও স্থাপিত প্ৰকল্প সমূহেও এইচ আৰ জি সমূহক এছ টি আই সেৱা প্ৰদান কৰে। বৰ্তমান ৰাজ্যত ২৮ টা ডি এছ আৰ চি য়ে কাম কৰি আছে।

উত্তৰ পূৰ্বাঞ্চল ৰাজ্য সমূহৰ ডি এছ আৰ চি পৰ্য্যায়ত এছ চি আই পৰীক্ষাৰ গুণগত এছ টি আই ৰেফাৰেন্স এণ্ড ৰিচাৰ্ছ চেণ্টাৰেও কাম কৰি আছে আৰু এছ টি আই ৰ ৰাজ্যিক পৰ্য্যায়ত গুণগত মান সুনিশ্চিত কৰাৰ কাৰণে এটা ৰাজ্যিক এছ টি আই ৰেফাৰেন্স চেণ্টাৰে কাম কৰি আছে।

(ঙ) ৰক্ত সঞ্চাৰণ সেৱা (বি টি এছ):

এই সেৱাৰ অধীনত ৰাজ্যৰ ব্লাডবেংক সমূহ শক্তিশালী কৰিবলৈ কিটচ্/কনজ্যুমেবল সহ কিছু প্ৰয়োজনীয় সৰঞ্জাম সৰবৰাহ কৰা হয় আৰু ব্লাড বেংকৰ কৰ্মীসকলক প্ৰশিক্ষিত কৰা হয় যাতে নিৰাপদ ৰক্ত ও ৰক্ত দ্ৰব্যসমূহ যথাযথ খৰচত সকলোৰে বাবে উপলদ্ধ কৰিব পাৰি, সকলো ৰোগীৰ প্ৰয়োজন পূৰাবৰ কাৰণে পৰ্য্যাপ্ত ৰখা আৰু প্ৰয়োজন সাপেক্ষে সঞ্চাৰণ কৰা। বতৰ্মান ৰাজ্যত ২৬ টা নাক` সমৰ্থিত আৰু ৪০ টা বেচৰকাৰী ব্লাড বেংকে কাম কৰি আছে।

(চ) পৰীক্ষাগাৰ সেৱা

এই সেৱাই ৰাজ্যৰ ৰেফাৰেঞ্চ লেবৰেটৰীজ ( এছ আৰ এল )ৰ মাধ্যমত বিভিন্ন পৰীক্ষাৰ সুবিধা সমূহ বিশেষকৈ আই চি টি চি ৰ মান সম্পৰ্কে নিশ্চিত কৰে। বৰ্তমান ৩ টা এছ আৰ এলে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় সমূহত কাম কৰি আছে।

  • যত্ন সমৰ্থন আৰু চিৰিৎসাৰ অধীনৰ সেৱাসমূহ

(ক) এণ্টিৰেট্ৰ`ভাইৰেল থেৰাপী (এ আৰ টি) প্ৰ`গ্ৰাম

এণ্টিৰেট্ৰ`ভাইৰেল থেৰাপী প্ৰ`গ্ৰাম বাস্তবায়িত কৰিবলৈ এ আৰ টি কেন্দ্ৰ সমূহ প্ৰতিষ্ঠিত কৰা হয় য`ত এ আৰ টি প্ৰয়োজন হোৱা এইচ আই ভি/এইড্চ সহ সক্ষম ব্যক্তি সকলক পৰীক্ষা গাৰ সেৱা (এইচ আই ভি পৰীক্ষা, চিডি ৪ কাউণ্ট আৰু অন্য আৱশ্যকীয় অনুসন্ধান) ৰ মাধ্যমত চিহ্নিত কৰা হয়। ড্ৰাগ আনুগত্য নিশ্চিত কৰাৰ কাৰণে চিকিৎসাৰ আগত বা সময়ত পৰামৰ্শৰ দ্বাৰা একেৰাহে এইচ আই ভি/এইড্চ সহ সক্ষম ব্যক্তিসকলক বিনামূলীয়া এ আৰ ভি ঔষধ প্ৰদান কৰে। বৰ্তমান ৰাজ্যত ৬ টা এ আৰ টি কেন্দ্ৰ (২টা এ আৰ টি প্লাছ কেন্দ্ৰ আৰু ১টা এফ আই এ আৰ টি কেন্দ্ৰক অন্তৰ্ভূক্ত কৰি) আৰু ১১টা লিংক এ আৰ টি কেন্দ্ৰ ( ২টা লিংক এ আৰ টি প্লাছ কেন্দ্ৰ) ই কাম কৰি আছে। এ আৰ টি পঞ্জীয়নকৃত ৰোগীৰ চি ডি ৪ কাউণ্ট ৰ কাৰণে, ৪ টা চি ডি ৪ পৰীক্ষা কেন্দ্ৰই ৰাজ্যৰ ৪ খন চিকিৎসা মহাবিদ্যালয়ত কাম কৰি আছে।

(খ) কেয়াৰ এণ্ড চাপ`ৰ্ট চেণ্টাৰ ( চি এছ চি):

এই সেৱাৰ অধীনত, এইচ আই ভি/ এইড্চ সংক্ৰমিত আৰু প্ৰভাৱিত ব্যক্তিসকললৈ শুশ্ৰূষা আৰু সমৰ্থন সেৱা আগবঢ়াবলৈ কেয়াৰ এণ্ড চাপ`ৰ্ট কেন্দ্ৰ প্ৰতিষ্ঠিত কৰা হৈছে, বৰ্তমান ৰাজ্যত ৪ টা চি এছ চি য়ে এন জি ও ত কাম কৰি আছে। ইয়াৰ উপৰিও তলত উল্লেখ কৰা এইচ আই ভি ৰ সৈতে জীয়াই থকা ব্যক্তি সকলৰ লাভৰ কাৰণে অসম চৰকাৰৰ পুঁজিৰ অধীনত অসম ৰাজ্যিক এইড্চ নিয়ন্ত্ৰণ সমিতিয়ে কিছুমান সামাজিক সুৰক্ষা আঁচনি ৰূপায়ণো কৰিছে।:

(১) চাইল্ড কেয়াৰ হোম : ৰাজ্যত এইচ আই ভি ৰ কাৰণে অনাথ আশ্ৰমৰ বাবে কস্তুৰী চাইল্ড কেয়াৰ হোম নামৰ এটা চাইল্ড কেয়াৰ হোম চলাবৰ কাৰণে অসম চৰকাৰে এ এন পি+ লৈ পুঁজি প্ৰদান কৰিছে। বৰ্তমান ১৬ জন শিশু কস্তুৰী চাইল্ড কেয়াৰ হোমত বাস কৰি আছে।

(২) বিধৱা সকলৰ কাৰণে এক কালীন অনুগ্ৰহ ৰাশি অনুদান: এইচ আই ভি দ্বাৰা প্ৰভাৱিত আৰু সংক্ৰমিত বিধৱা সকললৈ অসম চৰকাৰৰ দ্বাৰা ১ লাখ টকাৰ এককালীন অনুগ্ৰহ ৰাশি অনুদান মূল্য প্ৰদান কৰা হৈছে। বৰ্তমান ২৯০ গৰাকী বিধৱাই এই অনুদান লাভ কৰিছে।

(৩) পৰিবহন আৰু লেব তদন্তৰ খৰচৰ পৰিশোধ: এ আৰ টি কেন্দ্ৰলৈ অহা ৰোগী সকলৰ পৰিবহন আৰু পৰীক্ষাগাৰ তদন্তৰ খৰচ ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা এ আৰ টি কেন্দ্ৰৰ দ্বাৰা পৰিশোধ কৰা হয়।

Downloads
TitleSizeDetail
চিকিৎসা আৰু সেৱাসমূহ831.47 KBswf-image