I am now accessing as a :

Government Of Assam Health & Family Welfare Assam State AIDS Control Society

আহানা প্ৰজেক্ট

  • আহানা পৰিযোজনা ভাৰতৰ নিৰ্বাচিত জিলা সমূহৰ সাৰ্বজনিক ক্ষেত্ৰত প্ৰচলিত হৈ থকা পি পি টি চি টি সেৱাসমূহক শক্তিশালী কৰিবৰ কাৰণে এখন নাগৰিক সমিতিৰ পদক্ষেপ। অন্তঃৰাষ্ট্ৰীয় যোজনা ( ভাৰত অধ্যায়)ক প্ৰমূখ প্ৰাপকৰ ৰূপত অক্টোবৰ ২০১৫ ৰ পৰা ডিচেম্বৰ ২০১৭ সময় কালত গ্ল`বেল ফাণ্ড গ্ৰাণ্টৰ অধীনত উপ-প্ৰাপকসকলৰ মাধ্যমেৰে ৰূপায়ন কৰা হৈছে। আহানাৰ অৰ্থ সূৰ্য্যৰ প্ৰথমটো কিৰণ। সেই কাৰণে ই নাক` ৰূপায়িত কাৰ্য্যক্ৰম সমূহক অতিৰিক্ত সহায় আগবঢ়োৱাৰ উদ্দেশ্যৰে সৈতে কাম কৰে। উঃ স্বঃ পিতৃ-মাতৃৰ পৰা শিশুলৈ সংক্ৰমিত এইচ আই ভি প্ৰতিৰোধন আৰু প্ৰাৰম্ভিক শিশু ৰোগ নিৰ্ণয় কাৰ্য্যক্ৰমৰ সফল ৰূপায়ন।

    ৰাজ্যৰ চৈধ্যখন জিলাত ইমানুৱেল হস্পিতেল এছ`ছিয়েছন ( ই এইচ এ), এছ আৰৰ জৰিয়তে অসমত ভাৰত যোজনাই আহানা প্ৰজেক্টৰ ৰূপায়ন আৰম্ভ কৰিছিল। এইকেইখন হ`ল বাক্সা, ধুবুৰী, দৰং, ডিব্ৰুগড়, ডিমা হাছাও, কাৰ্বি-আংলং, কোকৰাঝাৰ, কৰিমগঞ্জ, হাইলাকান্দি, শিৱসাগৰ আৰু তিনিচুকীয়া, তেওঁলোকে নতুন এফ আই চি টি চি সমূহ পৰ্য্যবেক্ষণ, জনশক্তিৰ ক্ষমতা নিৰ্মাণ, এছ আই এম এছ প্ৰতিবেদন দাখিল আদিক কাৰ্য্যকৰী কৰাত সহায় কৰে।

    Downloads
    TitleSizeDetail
    আহানা প্ৰজেক্ট (প্লেন ইণ্ডিয়া)ৰ আঁচনি ৰূপায়ন169.17 KBswf-image